অক্সফ'ৰ্ড বিশ্ববিদ্যালয়

অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (ইংৰাজী: University of Oxford) ইংলেণ্ডৰ অক্সফ'ৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়। ইয়াৰ ফলত এইখন ইংৰাজীভাষী দেশসমূহৰ ভিতৰত আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু আজিৰ দিনলৈ নিৰৱচ্ছিন্নভাৱে সক্ৰিয় হৈ থকা পুৰণি বিশ্ববিদ্যালয়ৰ শাৰীত দ্বিতীয় স্থান পাইছে। ১১৬৭ চনৰ পৰা হেনৰি ২য়ে যেতিয়া পেৰিছ বিশ্ববিদ্যালয়ত ইংৰাজ শিক্ষাৰ্থীৰ নামভৰ্তি নিষিদ্ধ কৰিছিল, তেতিয়াৰ পৰা অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ দ্ৰুত বিকাশ হ'বলৈ ধৰে। ১২০৯ চনত শিক্ষাৰ্থী আৰু অক্সফ'ৰ্ডৰ বাসিন্দাৰ মাজত মতানৈক্য হোৱাত কিছু ব্যক্তি উত্তৰ-পূৱৰ কেমব্ৰিজলৈ আহি নতুন বিশ্ববিদ্যালয় এখন স্থাপন কৰিলে। এইখনেই পিছলৈ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰূপে পৰিচিত হ'ল। এই দুই প্ৰাচীন বিশ্ববিদ্যালয়ক একেলগে বুজাবলৈ প্ৰায়েই 'অক্সব্ৰিজ' শব্দটো ব্যৱহাৰ কৰা হয়। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু প্ৰভাৱৰ বাবে ই আজিৰ দিনত বিশ্বৰ সবাতোকৈ গৰিমামণ্ডিত আৰু উচ্চমানৰ বিশ্ববিদ্যালয়বোৰৰ এখন ৰূপে পৰিগণিত হৈছে।এই বিশ্ববিদ্যালয়খন ৩৮ খন মহাবিদ্যালয় আৰু ৪টা ভাগত বিভক্ত কেইবাটাও একাডেমীক বিভাগক লৈ গঢ়ি উঠিছে। বিশ্ববিদ্যালয়খনৰ অধীনত থাকিলেও এই মহাবিদ্যালয়বোৰ স্বপৰিচালিত শিক্ষানুষ্ঠান, মহাবিদ্যালয়বোৰে স্বাধীনভাৱে নিজৰ সদস্যভুক্তি নিয়ন্ত্ৰণ কৰে আৰু এইবোৰৰ নিজা নিজা পৰিচালনা নীতি আৰু কাৰ্য্যকলাপ আছে। অক্সফ'ৰ্ডৰ কোনো মূল চৌহদ নাই, ইয়াৰ অট্টালিকা আৰু সা-সুবিধাসমূহ চহৰৰ কেন্দ্ৰস্থলৰ গোটেই অংশত বিস্তৃত হৈ আছে। অক্সফ'ৰ্ডত নিম্নস্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যাপক আৰু বিভাগৰ পৰা পাঠদান, বক্তৃতা, চেমিনাৰৰ জৰিয়তে শিক্ষাদান কৰাৰ উপৰি পৰীক্ষাগাৰত কৰিবলগীয়া কামো দিয়া হয়। অক্সফ'ৰ্ডৰ আন এটা বৈশিষ্ট্য হৈছে যে ইয়াৰ অন্তৰ্গত মহাবিদ্যালয় আৰু হলবোৰত সাপ্তাহিক টিউটৰিয়েলৰ জৰিয়তেও শিক্ষাদান কৰা হয়। স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভাগ আৰু অধ্যাপকৰ ফালৰ পৰাও টিউটৰিয়েলৰ আয়োজন কৰা হয়। অক্সফ'ৰ্ডতে বিশ্বৰ সবাতোকৈ পুৰণি বিশ্ববিদ্যালয় সংগ্ৰহালয়টো আছে। লগতে বিশ্বৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয় প্ৰকাশন আৰু দেশখনৰ ভিতৰত ডাঙৰ শিক্ষানুষ্ঠানিক পুথিভঁৰালৰ অধিকাৰী হোৱাৰ কৃতিত্বও অক্সফ'ৰ্ডৰ দখলতে আছে। এই বিশ্ববিদ্যালয়খন বিশ্বৰ উৎকৃষ্টতম বিশ্ববিদ্যালয়ৰ তালিকাত ধাৰাবাহিকভাৱে স্থান দখল কৰি আহিছে।

উমাচল শিলালিপি

উমাচল শিলালিপি অসমত বৰ্তমানলৈ আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি শিলালিপি। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ এই শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব ঢালৰ উমাচল পাহাৰত আৱিষ্কৃত হৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই শিলালিপি দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম ইয়াত সুৰেন্দ্ৰ বাৰ্মা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল। শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য। যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লেখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।

কল্পনা চাওলা

কল্পনা চাওলা (ইংৰাজী: 'Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন'ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে। ইয়াৰোপৰি তেওঁৰ সন্মানাৰ্থে ভালেমান পথ, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

কালাম ছেট

কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা ৱালেপ্স মহাকাশ কেন্দ্ৰৰ পৰা এছ.আৰ.-৪ ৰকেটৰ মাধ্যমত কালাম ছেটক উৎক্ষেপণ কৰা হৈছে।মূলতঃ এই উপগ্ৰহটো তামিলনাডুৰ কৰুল জিলাৰ পল্লাপটিৰ মহম্মদ ৰফিক শাহৰুখ আৰু তেওঁৰ দলে নিৰ্মান কৰি উলিয়াইছে। নাছা আৰু ডুডল লাৰ্নিং নামৰ অনুষ্ঠানে অনুস্থিত কৰা কিউব ইন স্পেছ নামৰ এক প্ৰতিযোগিতাত অংশ লোৱা ৫৭ খন দেশৰ ৮৬ হেজাৰ ডিজাইনৰ পৰা এই উপগ্ৰহটোক নিৰ্বাচন কৰা হৈছে।

কৃত্ৰিম উপগ্ৰহ

কৃত্ৰিম উপগ্ৰহ (ইংৰাজী: satellite) হ’ল মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে। ১৯৫৭ চনৰ ৪ অক্টোবৰত উৎক্ষেপণ কৰা স্পুটনিক-১ নামৰ উপগ্ৰহটোৱেই প্ৰথমটো কৃত্ৰিম উপগ্ৰহ।

থানে

থানে (IPA: [ˈʈʰaːɳeː]) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন নগৰ। ই থানে নিজৰাৰ শীৰ্ষত অৱস্থিত। থানে জিলাৰ ই প্ৰশাসনিক কেন্দ্ৰ। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত জি.আই.পি. ৰে'লৱেৰ ভাৰতত চলা প্ৰথমখন ৰেল "ব'ৰী বন্দৰ" (এতিয়াৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ)ৰ পৰা ৩৪ কিলোমিটাৰ আঁতৰৰ "থানে"লৈ চলিছিল। ইয়াৰ পৰাই এছিয়াত ৰেলসেৱাৰ সূত্ৰপাত হয়। থানে নগৰে ১৪৭ বৰ্গকিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১.৮ নিযুত।

নেপাল

নেপালৰ (ইংৰাজী: Nepal নেপালী: नेपाल), চৰকাৰী নাম হৈছে সংঘীয় লোকতান্ত্ৰিক গণতন্ত্ৰ নেপাল। দক্ষিণ এছিয়াত অৱস্থিত নেপাল এখন সাৰ্বভৌমত্ব ৰাজ্য। ইয়াৰ মাটিকালি হৈছে ১৪৭,১৮১ বৰ্গ কিঃমিঃ (৫৬,৮২৭ বৰ্গ মাইল) আৰু জনসংখ্যা প্ৰায় ২.৭ কোটি। নেপালৰ উত্তৰ দিশত চীন দেশ, দক্ষিণ, পূৱ আৰু পশ্চিম দিশত ভাৰতবৰ্ষ অৱস্থিত।

পাকিস্তান

পাকিস্থান বা ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান (উৰ্দু ভাষাত: اسلامی جمہوریۂ پاکستان ইছলামী জুমহূৰিয়াতে পাকিস্তান) দক্ষিণ এছিয়াৰ অন্তৰ্গত এখন দেশ।

বাংলাদেশ

বাংলাদেশ (বাংলা: বাংলাদেশ), (ছিলঠীয়া: ꠛꠣꠋꠟꠣꠖꠦꠡ) দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবঙ্গই একেলগে এটা বাংলাভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”।

ভাৰত চৰকাৰ

ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰনকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মূখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মূখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

ভাৰতীয় ৰেল

ভাৰতীয় ৰে'ল (ইংৰাজী: Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে'লপথ আৰু ৭,৫০০ টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা (networks)। ভাৰতীয় ৰে'লে বছৰি ৭৫০ কোটি অথবা দিনে ২ কোটিতকৈয়ো অধিক যাত্ৰী (ইয়াৰ আধাতকৈ বেছি উপনগৰীয় ৰে'লৰ যাত্ৰী) আৰু দিনে ২৮ লাখ টন সামগ্ৰী কঢ়িয়ায়। ২০১১-১২ চনত ভাৰতীয় ৰে'লে যাত্ৰীৰ পৰা ২৮,৬৪৫.৫২ কোটি আৰু সামগ্ৰীৰ পৰা ৬৯৬৭৫.৯৭ কোটি টকা উপাৰ্জন কৰিছিল।

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতত ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। ৰাজ্যত নিজৰ প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।

মান ভাষা

মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়। মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তৈথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা। মান ভাষা মান লিপিত লিখা হয়। মান লিপি এক ব্ৰাহ্মী লিপি।

ম্যানমাৰ

ম্যানমাৰ (ইংৰাজী: Myanmar) হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (ইংৰাজী: Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম। কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়। চীন, থাইলেণ্ড, ভাৰত, লাওচ আৰু বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ। ম্যানমাৰৰ সৰ্বমুঠ চাৰিসীমাৰ ১,৯৩০ কিল'মিটাৰ (১,২০০ মাইল) অংশ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ তীৰ অঞ্চল। প্ৰায় ৬০ মিলিয়ন জনসংখ্যাৰে ম্যানমাৰ জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত চতুৰ্দ্বিংশ স্থানত আছে। ম্যানমাৰৰ মুঠ মাটিকালি হৈছে ৬.৭৬,৫৭৮ বৰ্গকিল'মিটাৰ আৰু মাটিকালিৰ ভিত্তিত ম্যানমাৰ হৈছে পৃথিৱীত চল্লিশতম বৃহৎ ৰাষ্ট্ৰ। দক্ষিণ-পূৱ এছিয়াৰ ভিতৰত মাটিকালিৰ ভিত্তিত ম্যানমাৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰ।

য়িন আৰু য়াং

চীনা দৰ্শনত য়িন আৰু য়াং (চীনা: 陰陽 yīnyáng, "আন্ধাৰ-ঊজ্বল", "ঋণাত্মক-ধনাত্মক")-এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে। চীনা সৃষ্টিতত্ত্বত ব্ৰহ্মাণ্ডই নিজক পদাৰ্থগত ঊৰ্জাৰ প্ৰাথমিক বিশৃংখলতাৰপৰা সৃষ্টি কৰে, য়িন আৰু য়াঙৰ চক্ৰত আৰু বস্তু আৰু জীৱৰ সৃষ্টি হয়। য়িন গ্ৰাহক আৰু য়াং কৰ্তা সূত্ৰ। ই সকলো প্ৰকাৰৰ সাল-সলনি আৰু পাৰ্থক্য, যেনে বাৰ্ষিক চক্ৰ (শীত আৰু গৰম)ত, পথাৰ (উত্তৰমুখী ছায়া আৰু দক্ষিণমুখী ঊজ্বলতা), যৌন সম্বন্ধ গঠন (নাৰী আৰু পুৰুষ), নাৰী আৰু পুৰুষ উভয়ৰে চৰিত্ৰ ৰূপে সৃষ্টি আৰু সামাজিক-ৰাজনৈতিক ইতিহাস (শৃংখলতা আৰু বিশৃংখলতা)ত বিদ্যমান

অন্য ভাষাত পঢ়ক