২৭ আগষ্ট

২৭ আগষ্ট (ইংৰাজী27 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৯তম (অধিবৰ্ষত ২৪০তম) দিন। বছৰ শেষ হ'বলৈ ১২৬ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

জন্ম

  1. ১৯০৮ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ জন্ম হয়।

মৃত্যু

  1. ১৯৬৫ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক লী ক'ৰবাজিয়েৰ মৃত্যু হয়।
  2. ১৯৭৯ আজিৰ দিনটোতে লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়।

অনান্য

  1. ১৬০৪ চনৰ আজিৰ দিনটোতে শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
  2. ১৮৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
  3. ১৮৮৩ চনৰ আজিৰ দিনটোতে ক্ৰাকাষ্ট’ৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল।
  4. ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
  5. ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
  6. ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।

বাহ্যিক সংযোগ

অসম বিধানসভা

অসম বিধানসভা (ইংৰাজী: Assam Legislative Assembly) ভাৰতবৰ্ষৰ অন্তৰ্গত অসম ৰাজ্যৰ এখন এককক্ষীয় সভা৷ অসমৰ ৰাজধানী দিশপুৰত ইয়াৰ অৱস্থিতি৷ অসম বিধানসভা মুঠ ১২৬ জন বিধানসভা সদস্যৰে গঠিত৷ এই সদস্য সকলক পোণপটীয়াভাৱে অসমৰ বিভিন্ন এক আসন বিশিষ্ট নিৰ্বাচনী সমষ্টিৰ পৰা নিৰ্বাচিত কৰা হয৷ অসম বিধানসভাৰ সম্পুৰ্ন কাৰ্যকাল ৫ (পাঁচ) বছৰ কিন্তু যিকোনো সময়তে অনাস্থা প্ৰস্তাৱ নতুবা ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দ্বাৰা এই সভা ভঙ্গ কৰিব পাৰি৷

এ ললিতা

এ ললিতা (২৭ আগষ্ট ১৯১৯ - ১৯৭৯) আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয় ৷ ইয়াৰোপৰি ললিতা আছিল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ অৱ ইঞ্জিনিয়াৰিঙ,গিণ্ডীৰ পৰা ডিগ্ৰীপ্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা ৷

ছানিয়া মিৰ্জা

ছানিয়া মিৰ্জা (জন্ম ১৫ নবেম্বৰ, ১৯৮৬, মুম্বাই, মহাৰাষ্ট্ৰ) ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ (ডব্লু’ টি এ)ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে। একক শাখাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অংকিতা ৰেইনা ছানিয়াৰ স্থানত অধিস্থিত হয়। মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব টেনিচত লাভ কৰা সফলতাৰ বাবে ছানিয়াক ২০০৬ চনত পদ্মশ্ৰী বটা প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা ছানিয়া কণিষ্ঠতম খেলুৱৈ। ২০০৬ চনত ছনিয়াই ডব্লু’ টি এৰ সন্মানীয় "ম’ষ্ট ইম্প্ৰেচিভ নিউ কামাৰ" সন্মান লাভ কৰে। ১৯৯৯ চনত বিশ্ব জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত ভাগ লৈ ছানিয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ছানিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা আৰম্ভ কৰে আৰু সফলতা লাভ কৰে। ২০০৩ চনত ছানিয়া ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জড়িয়তে ৱিম্বিল্ড’নৰ ছোৱালীৰ দ্বৈত শাখাত প্ৰৱেশ কৰে আৰু বিজয়ী হয়। ২০০৪ চনৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ২০০৫ চনক ছানিয়াক অৰ্জুন বটা প্ৰদান কৰা হয়। ২০০৫ চনৰ শেষলৈকে ছানিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰেংকিং ৪২ হৈছিলগৈ, যিটো ভাৰতীয় মহিলা খেলুৱৈৰ সৰ্বশ্ৰেষ্ঠ আছিল। ২০০৯ চনত ছানিয়া গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ভাৰতীয় মহিলা হয়। মহেশ ভূপতিৰ সৈতে মিলি ছানিয়াই সেইবাৰৰ অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্স-ডাব’লচ্‌ খিতাপ দখল কৰে। ছানিয়াৰ নিজৰ একক কেৰিয়াৰত ছেটলেনা কুজনেট্‌চ’ভা, ভেৰা ভ’নাৰেভা, মেৰিয়ন বাৰ্ট’লি আদি খেলুৱৈৰ উপৰিও প্ৰক্তন বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ মাৰ্টিনা হিংগিজ,ডিনাৰা ছাফিনা আৰু ভিক্ট’ৰিয়া আজাৰেংকাক পৰাস্ত কৰিছে। ২০০৭ চনত বিশ্ব ৰেংকিঙত ছানিয়াই ২৭ পৰ্যন্ত আৰোহন কৰে। হাতৰ গাঁঠিৰ আঘাতৰ বাবে ছানিয়াই একক কেৰিয়াৰ সামৰি, মাত্ৰ দ্বৈত শাখাতে নিজৰ কেৰিয়াৰ সীমাবদ্ধ ৰাখিবলৈ বাধ্য হয়। বৰ্তমান মহিলাৰ দ্বৈত শাখাত ছানিয়া ৰেংকিং ১, ২০১৫ চনৰ এপ্ৰিল মাহত ছানিয়া বিশ্বৰ শীৰ্ষ স্থানত উপনীত হয়। বৰ্তমানলৈকে ছানিয়াই ছাৰিটাকৈ গ্ৰেণ্ডশ্লাম খিটাপ দখল কৰিছে (মহিলা দ্বৈত শাখাৰ ৱিম্বিল্ড’ন খিটাপ আৰু তিনিটা আন গ্ৰেণ্ডশ্লামৰ মিক্সড ডাবল্‌চ খিটাপ), ২০১৪ চনত ক্লাৰা ব্লেকৰ সৈতে তেওঁ "ডব্লু’ টি এ টুৰ চেম্পিয়নশ্বিপ (ডব্লু’ টি এ ফাইনেলচ)"ৰ বাবে নিৰ্বাচিত হয় আৰু বিজয়ী হয়। ইয়াৰ উপৰিও ৬টা স্বৰ্ণ পদক সহ ছানিয়াই এচিয়ান গেমচ্‌, কমনৱেল্‌থ গেমচ্‌ আৰু এফ্ৰ’-এচিয়ান গেমচ্‌ত মুঠ ১৪টা পদক দখল কৰিছে।

২০০৫ চনত টাইম আলোচনীয়ে ছানিয়াক ""৫০ হিৰ’জ অব এচিয়া"" তালিকাত স্থান দিয়ে। ২০১০ চনত "দা ইক’নমিকচ্‌ টাইমচ্‌"এ "৩৩ ৱ’মেন হু মেড ইণ্ডিয়া প্ৰাউড" তালিকাত স্থান দিয়ে।

২০১৪ চনৰ ২৫ নবেম্বৰত ৰাষ্ট্ৰসংঘৰ এচিয়াৰ বাবে "ৱ’মেন গুডৱিল এম্বেচেডৰ" হিচাপে নিযুক্ত হয়।

জগদীশ সিং খেহৰ

ন্যায়ধীশ জগদীশ সিং খেহৰ (জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ। তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা খেহৰ শিখ সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল। বিক্ৰম সাৰাভাইৰ প্ৰচেষ্টাত বৰ্তমানৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ১৯৬৯ চনত গঢ় লৈ উঠিছিল। তেতিয়াৰে পৰা এতিয়ালৈকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে দহগৰাকী ব্যক্তি ইয়াৰ অধ্যক্ষ হিচাপে অধিস্থিত হৈছে। এওঁলোকৰ ভিতৰত অধ্যাপক সতীশ ধৱনে সৰ্বাধিক ১২ বছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মুকেশ

মুকেশ চন্দ মাথুৰ (মাৰাঠী: मुकेश; ২২ জুলাই, ১৯২৩ - ২৭ আগষ্ট, ১৯৭৬) এজন ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সঙ্গীত শিল্পী যি সংক্ষেপে মুকেশ নামেৰে পৰিচিত। হিন্দী চলচ্চিত্ৰত অসাধাৰণ অৱদানৰ বাবে তেখেত মহম্মদ ৰফি, মান্না দে আৰু কিশোৰ কুমাৰৰ দৰে একেশ্ৰেণীৰ গায়ক হিচাবে গণ্য হয়। তেখেত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসংখ্যবাৰ মনোনয়ন পোৱাৰ লগতে ১৯৭৩ চনত মুক্তি পোৱা ৰজনীগন্ধা চলচ্চিত্ৰৰ "কোই বাৰ য়ুহি দেখা হ্যায়" গীতটোত কন্ঠ দিয়াৰ বাবে পুৰস্কাৰ লাভ কৰে। মুকেশ ৰাজ কাপুৰৰ কন্ঠ দিয়াৰ বাবেও জনপ্ৰিয়।

লী ক'ৰবাজিয়ে

চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (ইংৰাজী: Charles-Édouard Jeanneret-Gris),যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (ইংৰাজী: Le Corbusier) (French: [lə kɔʁbyzje];৬ অক্টোবৰ, ১৮৮৭– ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক৷ তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়৷ ইউৰোপ, ভাৰত, আমেৰিকাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অট্টালিকাসমূহ তেওঁৰ পাঁচটা দশক জোৰা স্থপতিবিদ্যাৰ নিদৰ্শন৷

বছৰৰ সকলো দিন আৰু মাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.