সংস্কৃতি

সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।

অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ৰণালীৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি। থুলমুলকৈ জনসাধাৰনৰ জীৱন পদ্ধতিয়ে হ’ল সংস্কৃতি।

মানব জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈকে আঁত নিছিগাকৈ বৈ আহিছে সংস্কৃতিৰ বোৱতি সুঁতি। অসমীয়া সংস্কৃতিও কোনো এটা নিৰ্দিষ্ট সময়ত গঢ় লোৱা সংস্কৃতি নহয়। ইয়াৰ ইতিহাস অতি প্ৰাচীন। শতাব্দীৰ পিছত শতাব্দী ধৰি ক্ৰমবিকাশৰ পথত আগবাঢ়ি আহিছে অসমীয়া সংস্কৃতি। অৱশ্যে, কালক্ৰমত অসমীয়া সংস্কৃতিৰ ক্ৰমশঃ পৰিবৰ্ত্তন পৰিলক্ষিত হয়। আদিম অৱস্থাত অসমৰ বুকুত আৰ্য-অনাৰ্য, মঙ্গোলীয় তথা নানান জাতি-উপজাতি বসবাস কৰি তেওঁলোকৰ স্বকীয় সংস্কৃতিৰ উপাদান সমূহ আগবঢ়াই অসমীয়া সংস্কৃতি পৰিপুষ্ট সাধন কৰিছিল। পৰৱৰ্তী যুগত আহোম মোগলৰ বিভিন্ন সংস্কৃতিৰ উপাদানৰ সমাহৰনেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ বন্ধাত সহায়তা কৰিছে। আহোমৰ ৰাজত্বকালৰ সময়চোৱাত অসমীয়া সংস্কৃতিৰ সৰ্বদিশত এটা সুশৃংখল ৰূপ ধাৰন কৰে। এই সময়চোৱা অসমীয়া সংস্কৃতিৰ ভেটি প্ৰতিষ্ঠাৰ যুগ বুলি কোৱা হয়। ইয়াৰ পিছত অসমলৈ বৃটিছৰ আগমন ঘটে। বৃটিছ অহাৰ লগে লগে অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ত পৰিবৰ্তন হোৱাৰ লগতে আবহমান কালকপি চলি অহা অসমীয়া সংস্কৃতিৰ প্ৰবাহলৈ বহুমুখী পৰিৱৰ্ত্তন আহিবলৈ ধৰে। পূৰ্বৰ সামাজিক ব্যৱস্থা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উত্স-ৱ-পৰ্ব, খোৱা-লোৱা, পিন্ধা-উৰা ইত্যাদি সৰ্বদিশত নতুনত্বৰ পৰিলক্ষিত হয়। পুৰনিকলীয়া সংস্কৃতিৰ ওপৰত আধুনিক বহু কথাৰ প্ৰলেপ পৰে আৰু ক্ৰমশঃ পুৰনিকলীয়া সংস্কৃতিৰ লুপ্তপ্ৰায় অৱস্থা হয়। এইদৰেই সংযোগ, বিয়োগৰ মাজেদি গঢ় লবলৈ ধৰে আধুনিক অসমীয়া সংস্কৃতিৰ। আধুনিক অসমীয়া সংস্কৃতি খৰতকীয়া গতিত ক্ৰমাৎ আধুনিকতাৰ ফালে আগবঢ়াই নিয়াৰ মূলতে হ’ল - পুঁজিবাদী সমাজ ব্যৱস্থা। মানুহৰ সাংস্কৃতিক সৃষ্টি সমূহৰ উত্পা দন প্ৰক্ৰিয়াৰ ওপৰতো এই পুঁজিবাদী ব্যৱস্থাই প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে। এই সময়চোৱাত মানুহে সংস্কৃতিৰ সমলবোৰ জীৱনৰ প্ৰয়োজনীয়তাৰ মাপকাঠিৰে জুখিবলৈ লয়। শিক্ষা-ব্যৱস্থাত আমূল পৰিবৰ্ত্তনে দেখা দিয়ে। জনমানসে পূৰ্বৰ শিক্ষাৰ অন্তৰ্গত আধ্যাত্মিক বিষয়বোৰ গ্ৰহণ কৰিবলৈ টান পোৱা হয়, লগতে গুৰু-কুল প্ৰথা উঠি যায় আৰু টোলসমূহৰ সমাদৰ ক্ৰমাৎ লাঘব হ’বলৈ ধৰে। ঐহিক সুখদায়ক লৌকিক বিষয়ৰ ওপৰত শিক্ষাৰ গুৰুত্ব আহিল। মানুহৰ মন ক্ৰমাৎ নগৰকেন্দ্ৰিক হোৱাৰ ফলত পূৰ্বৰ গ্ৰাম্যসংস্কৃতিৰ গৰাখহনীয়া ৰূপৰ সৃষ্টি হ’বলৈ ধৰে। উদ্যোগমুখিতাই আনি দিয়ে পুৰনিকলীয়া কৰ্মসংস্কৃতিৰ প্ৰতি অবহেলা; ফলত বিভিন্ন কুটিৰ শিল্পৰ চৰ্চাৰ লাহ লাহে অবক্ষয় ঘটিবলৈ ধৰে। সাজপোচাক, অয়-অলংকাৰ, ঘৰ-দুৱাৰ নিৰ্মাণ, খাদ্য-প্ৰণালী ইত্যাদিতো আধুনিকতাৰ স্পৰ্শ পৰে। মুঠৰ ওপৰত ইংৰাজ আগমনৰ লগে লগে অসমীয়া পুৰনিকলীয়া সংস্কৃতি ক্ৰমাৎ আধুনিকমুখী হ’বলৈ ধৰে।

সময় গতিশীল। যুগৰ পৰিবৰ্ত্তনৰ লগে লগে জনসাধাৰনৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিবৰ্ত্তন হোৱাটো নিতান্তই স্বাভাৱিক। বৰ্ত্তমান যুগটোৱে হ’ল বিশ্বায়নৰ যুগ। এনে এটি যুগত এখন দেশৰ লগত আন এখন দেশৰ পাৰস্পৰিক সাংস্কৃতিক বিনিময় একো অস্বাভাৱিক নহয়। বৰ্ত্তমান অসমীয়া সংস্কৃতিক পশ্চিমীয়া সংস্কৃতিয়ে বেৰি ধৰাৰ সৰল ব্যাখ্যা হ’ল বিশ্বায়ন ব্যৱস্থা। বিশ্বায়নে গোটেই বিশ্বখনক একগোট কৰি পেলোৱাৰ ফলত মানুহৰ মাজত ভাবৰ আদান-প্ৰদান অতি সহজসাধ্য হয়। সেয়ে দেখা যায় খাৱন-বোৱন, পিন্ধন-উৰণ, খেল-ধেমালি, কেশ-বিন্যাস, প্ৰসাধন, সোধন-পোচন ইত্যাদি অসমীয়া সংস্কৃতিৰ প্ৰতিটো বিষয়তে আধুনিকতাৰ স্পৰ্শ। খাদ্যদ্ৰৱ্যৰ প্ৰস্তুতি আৰু পৰিবেশন লগতে খোৱাৰ পদ্ধতিতো পশ্চিমীয়া ধৰণ সোমাই পৰিল। ‘খাৰখোৱা লোক’ বুলি পৰিচিত আজিৰ অসমবাসীয়ে খাৰ খাব নজনা হ’ল। সাজপাৰৰ ক্ষেত্ৰতো অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন সাধন হয়। যি ৰিহা-মেখেলা পিন্ধিলেই অসমীয়া লোক বুলি পৰিচিত আছিল সেই ৰিহা-মেখেলা বৰ্ত্তমান অসমীয়া গাভৰুহতে চিনি নোপোৱা হ’ল। সমূহীয়া উত্সৰৱত অসমীয়া সাজ এযোৰ পৰিধান কৰাতকৈ জাক-জমক পোচাক এযোৰ পৰিধান কৰি নিজকে আধুনিক বুলি দেখুৱাবলৈ আমাৰ অসমীয়া যুৱতীসকলে বেছি ভাল পোৱা হ’ল। পুৰনি অসমীয়াৰ সাঁজ ৰিহা, কাঁচলি, পাতেনি, দোপটী, ধুতি আদিৰ প্ৰচলন লাহে লাহে কমি আহিবলৈ ধৰে আৰু এইবোৰ ঠাই অধিকাৰ কৰে আধুনিক সাজপাৰ যেনে - চোলা-চাদৰ, লংপেণ্ট, চাৰ্ট, চুৰিদাৰ ইত্যাদিয়ে। অৱশ্যে আধুনিক মহিলাসকলে পৰিধান কৰা ‘শাৰী’ৰ প্ৰচলন অতি প্ৰাচীন কালৰ পৰা অসমত আছে। অসমীয়া সাজ পৰিধান কৰা পদ্ধতিও বেলেগ। অসমীয়া সাজ মুগা-পাটৰ জনপ্ৰিয়তা পূৰ্বৰে পৰা অদ্যাপি চলি আহিছে যদিও কৃষিমুখী সমাজৰ ভাঙোন ধৰাৰ লগে লগে এৰী, মুগা-পাটৰ খেতি ক্ৰমাৎ কমি আহিবলৈ ধৰে।

অসমীয়া সংস্কৃতিৰ বিকাশত বিশেষ অৰিহনা যোগোৱা এটি প্ৰধান বিষয় হ’ল ধৰ্ম। কিন্তু আধুনিকতাৰ পৰিপেক্ষিতত অসমীয়া সংস্কৃতিৰ বিকাশত কোনো ধৰ্মৰে বাস্তবমুখী আৰু সৃষ্টিমুখী বৰঙনি পৰিলক্ষিত নহয়। অসমৰ মধ্যযুগৰ সংস্কৃতি আছিল মূলতঃ ধৰ্ম্মভিত্তিক। এই যুগৰ প্ৰায় সকলোবোৰ সংস্কৃতিক বিকাশৰ মূলতে আছিল ধৰ্মীয় প্ৰভাব। মধ্যযুগত ধৰ্ম্মীয় প্ৰভাৱজনিত সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত বৈষ্ণৱ সত্ৰ সমূহ সৰ্ব্বশ্ৰেষ্ঠ। এই সত্ৰসমূহ আছিল তদানীন্তন সময়ৰ সংস্কৃতি বিকাশৰ মূল কেন্দ্ৰ। কিন্তু, বৰ্ত্তমান এই সত্ৰসমূহৰ সমাদৰ বহুখিনিয়ে হ্ৰাস পাইছে। আজিৰ সত্ৰসমূহ আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰীয়স্থল হৈ থকা নাই। অৱশ্যে ধৰ্মৰ নামত বিভিন্ন মঠ-মন্দিৰ স্থাপন কৰি বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা এতিয়াও কৰা দেখা যায়। কিন্তু, এইবোৰত জনমানসৰ কিমানখিনি ভক্তিভাব নিমজ্জিত হৈ আছে ই সন্দেহৰ বিষয়। ধৰ্মীয় অনুষ্ঠানবোৰে ক্ৰমাৎ হৈ পৰিছে ব্যৱসায় ভিত্তিক। ধৰ্মৰ নামত গা কৰি উঠা ‘চান্দা তোলা’ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ক্ষয়ংকৰি স্বৰূপটো উদঙাই দিয়ে। আকৌ, ধৰ্মৰ নামত অসমীয়া লোকৰ অৰিয়া-অৰিয়েও এক নতুন সাংস্কৃতিক সংকটৰ বাৰ্তাই বহন কৰি আনিব ধৰা যেন বোধ হৈছে।


আধুনিকতাৰ কবলত অসমীয়া সংস্কৃতিৰ বহল পথাৰখন আগুৰি থকা উত্সসৱ-অনুষ্ঠানবোৰতো এক বৃহৎ পৰিৱৰ্ত্তন পৰিলক্ষিত হয়। অসমৰ জাতীয় উত্সকৱ ‘বিহু’ মূলত গাঁওমুখী কৃষি ধৰ্মী উত্সউৱ। কিন্তু, আধুনিক বিহু নগৰমুখী। পূৰ্বতে বিহু উত্স ৱত পালন কৰা বেছিভাগ লোকচাৰেই নাইকিয়া হৈ আহিছে। বিহুৱে গছৰ তল, নৈৰ পাৰ এৰি নগৰীয়া মঞ্চত উঠিছে। সংস্কৃতিৰ দিশত বহাগ বিহুক মহিমামণ্ডিত কৰিছে বিহুগীতবোৰে। কিন্তু, আধুনিকতাৰ স্পৰ্শত বিহুগীতবোৰ হৈ পৰিছে ব্যৱসায়ীকৃত। বিহুগীত প্ৰকৃতিৰ কোলাৰ পৰা তথা প্ৰকৃতিৰ সন্তানসকলৰ হাতৰ পৰা এতিয়া বিশেষীকৃত গীতিকাৰ, সুৰকাৰ সকলৰ হাতলৈ আহি কেচেটত বানীবদ্ধ হৈছে। আকৌ, বিহু নৃত্যতো আধুনিক আন নৃত্যৰ সাঁচ সোমাই পৰিল। সেয়ে এতিয়াৰ বিহুনাচ বা বিহুগীতক আমি প্ৰকৃতিৰ কোলালৈ নিবলৈ যত্ন কৰিলেও যাব নোখোজে। নগৰকেন্দ্ৰিক অসমীয়া সমাজখনত বিশ্বকৰ্মা পূজা, গনেশ পূজা, দীপান্দিতা উত্সেৱৰ জাক-জমকতা মন কৰিবলগীয়া। কিন্তু, এইবোৰ জনসাধাৰনৰ ক্ষণিক উচ্ছাস মাথোন। অসমত অম্বুবাচী নিবৃত্তিৰ দিনা যি মেলা কামাখ্যা-দেৱালয়ত উত্যানপিত হয়, সি ভাৰত বিখ্যাত। কিন্তু, এই উত্সনৱ সমূহ পতাৰ নামত উদ্যোক্তা সকলৰ একাংশই মদ, ভাং, জুৱা আদি পৰিবেশন কৰি কিছুমান অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰি সংস্কৃতি বিশৃংঙ্খলতা আনিছে।

অসমীয়া সংস্কৃতিৰ এটা দিশ উজলাই ৰখা পৰিবেশ্য কলাসমূহৰ ভিতৰত ওজাপালি, দেওধানী, ভাৱৰীয়া, ঢুলীয়া ইত্যাদি প্ৰধান। প্ৰাচীন সমাজত ইয়াৰ প্ৰচলন অদ্যপি চলি আহিছে যদিও পূৰ্বৰ তুলনাত ইয়াৰ সমাদৰ বহুখিনি হ্ৰাস পাইছে। থলুৱা সংস্কৃতি বজাই ৰাখিবলৈ একশ্ৰেণীৰ লোকে এই অনুষ্ঠানবোৰ উদ্‌যাপন কৰে যদিও এইবোৰ পৰিদৰ্শন কৰিবলৈ দৰ্শকৰ অভাৱ। অসমীয়া সমাজত ‘পুতলা নাচৰ’ যি সমাদৰ আছিল আজি সেই সমাদৰ বিচাৰি যোৱাটো মৰুভূমিত মৰিচিকা বিচাৰি যোৱাৰ সদৃশহে। কালক্ৰমত অসমীয়া সংস্কৃতিত কথাছবি সংযোজিত হ’ল। পাশ্চত্য নাটকৰ আৰ্হিৰে বিভিন্ন নাটক সৃষ্টি হ’ল। আৰু পূৰ্বৰ নাটকৰ লগত এইবোৰৰ যোগসূত্ৰ নোহোৱা হ’ল। ইয়াৰ লগে লগে আহি পৰিল ৰংগমঞ্চ। ক্ৰমশঃ মঞ্চজগতলৈ আন এক পৰিৱৰ্ত্তন আহে আৰু সেয়া হ’ল আধুনিক ভ্ৰাম্যমান মঞ্চ। ভ্ৰাম্যমান মঞ্চাভিনয়ৰ যোগেদি দৃশ্যবোৰৰ পৰিবেশ পৰিস্থিতি আৰু পৃষ্ঠভূমিৰবোৰ প্ৰদৰ্শন কৰিব পৰা হ’ল। এটা সময়ত ভ্ৰাম্যমান দলসমূহে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিব পাৰিলেও আধুনিক ভ্ৰাম্যমান দলসমূহ হৈ পৰিছে বজাৰমুখী। ব্যৱসায়িক সফলতাৰে জুখিবলৈ ধৰে শিল্পীৰ সফলতাৰ মাপকাঠি। তদ্‌স্বত্বেও আধুনিকতাৰ বা লগা আমাৰ অসমীয়া মানুহবোৰে এইবোৰ চাই মছগুল হৈ আছে। অধিক মুনাফা অৰ্জনৰ হেতু দৰ্শকৰ আকৃষ্ট কৰি ৰাখিবলৈ এই ভ্ৰাম্যমান দলসমূহে জাকজমকতাৰে, মনোমোহা নৃত্য-গীত আদি পৰিবেশন কৰিব ধৰিছে। অৱশ্যে এতিয়াও দুই এখন নাটক শৈল্পীক প্ৰয়োজনীয়তা আৰু সমাজ জীৱনৰ প্ৰতিফলনৰ হকে ৰচনা হৈছে।

আধুনিকতাৰ প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিত অন্তৰ্ভুক্ত হোৱা এটা প্ৰধান বিষয় গীত-নৃত্যৰ ক্ষেত্ৰতো এক বিৰাট পৰিবৰ্ত্তন আহি পৰিছে। পূৰ্বতে জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা আদি একশ্ৰেণী গীতিকাৰ, সুৰকাৰ সকলৰ গীতৰ সুৰে হৃদয়ত যি মূৰ্চ্ছনা তুলিছিল বৰ্ত্তমান এনে অভিজ্ঞ শিল্পী তাকৰীয়া হৈ পৰিছে। জনগণৰ শিল্পী হিচাপে পৰিচিত তেওঁলোকৰ গীতৰ কথাত বিচাৰি পোৱা গৈছিল জনসাধাৰন আৰু সমাজমুখীতা। কিন্তু, বৰ্ত্তমান সংগীত হৈ পৰিছে অধিক শ্ৰোতাক মনোৰঞ্জন দিব পৰা এটা বহল ভাষাৰ বজাৰ যোগান ধৰিব পৰা ব্যৱসায়িক শিল্প। বৰ্ত্তমান শিল্পীসকলৰ গীতৰ সুৰত বাজি উঠে পাশ্চাত্যৰ সুৰ। আকৌ, বেছিভাগ ক্ষেত্ৰত শিল্পীৰ গীতৰ সুৰতকৈ আধুনিক ন-ন বাদ্যযন্ত্ৰৰ ঝংকাৰৰ ধ্বনিহে প্ৰতিফলিত হোৱা দেখা যায়। নৃত্যৰ ক্ষেত্ৰতো দেখা যায় অসমীয়া নাচৰ ভঙ্গিমাৰ সলনি বাহিৰাগত কিছুমান ভঙ্গিমাৰ পয়োভৰ। আধুনিকতাৰ স্পৰ্শত অসমীয়া সংস্কৃতিলৈ শংকৰদেৱ-মাধবদেৱৰ অবদান বৰগীত সমূহৰ গীতৰ সুৰো পাশ্চাত্যৰ ফালে ঢাল খোৱা দেখা যায়; ইয়াৰ গীতৰ সুৰত কোনো ভক্তিভাব সোমাই থকা নাই। তাত্প ৰ্যপূৰ্ণ কথা হ’ল অসমত বসবাস কৰা জনজাতীয় শিল্পীসকলেও তেওঁলোকৰ নিজ নিজ ভাষাত ৰচিত সংগীত চৰ্চা কৰি অসমীয়া সংস্কৃতিৰ প্ৰসাৰণ বৃদ্ধি কৰিছে।

আধুনিকতাৰ কবলত অসমীয়া সমাজত বৈজ্ঞানিক সংস্কৃতিৰ প্ৰভাৱ পৰিল। বিজ্ঞানৰ ন-ন আবিষ্কাৰ দূৰদৰ্শন, অনাতাৰ, বাইক, মটৰগাড়ী, মোবাইল ফোন আদি আৱিষ্কাৰ কৰাৰ ফলত অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন আহি পৰিল।

এনেদৰে অসমীয়া সংস্কৃতি পৰিবৰ্ত্তন আৰু পৰিবৰ্দ্ধনৰ ৰূপত জীয়াই আছে। আধুনিকতাৰ স্পৰ্শই অসমীয়া সংস্কৃতি নেতিবাচক আৰু ইতিবাচক দুয়োটা ৰূপেই গ্ৰহণ কৰিছে। যুগৰ লগে লগে মানব সভ্যতা উন্নতিৰ দিশত আগুৱাবলৈ কেৱল পৰম্পৰাক যে খামুচি ধৰি থাকিব লাগিব এইটো সঁচা নহয়; পৰিবৰ্ত্তনৰ প্ৰয়োজন আছে। কিন্তু, পৰিবৰ্ত্তন কেতিয়াও নিজৰ অস্তিত্ব ধ্বংসমুখী হ’ব নালাগে। আধুনিকতাই অসমীয়া সংস্কৃতিৰ যি পৰিৱৰ্তন আনিছে এটা সময়ত অসমবাসীয়ে নিজৰ সংস্কৃতি বিচাৰি বিচাৰি হাবাথুৰি খাব লাগিব সেয়া ধুৰূপ। সেয়ে আজিৰ অসমবাসীয়ে নিজৰ স্বকীয় মৌলিক উপাদানসমূহ সংৰক্ষিত কৰি নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সময় সমাগত। পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব।

সহায়ক গ্ৰন্থপূজী :---- ১) অসমৰ সংস্কৃতি----লীলা গগৈ ২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ ৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা ৪) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ।

অসম

অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল৷[উদ্ধৃতিৰ প্ৰয়োজন] ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত আন প্ৰদেশৰ নিচিনাকৈ অসমৰ জনসাধাৰণেও গুৰুত্বপূৰ্ণভাবে অংশগ্ৰহণ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম স্বাধীন ভাৰতৰ এখন অন্তৰঙ্গ প্ৰদেশ হিচাপে গঠিত হয়৷ ব্ৰিটিছ-শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিশপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৰ্ব-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱীত বিখ্যাত হৈ আছে।

অসমৰ তামোল-পাণ সংস্কৃতি

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰশন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে অসমৰ গাঁওবোৰত ইয়াৰ অধিকতম প্ৰচলন দেখা পোৱা যায় যদিও চহৰ অঞ্চলতো ইয়াৰ ব্যৱহাৰ কম নহয়। বৰ্তমান অসমত বহুলোকেই তামোল পাণ বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে।

ইংৰাজী ভাষা

ইংৰাজী (English, ইংলিছ) ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ অ্যাংগল্‌স, স্যাক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।

১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্‌নোলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান ম্যাণ্ডাৰিন, হিন্দী আৰু স্পেনিছ ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।

বিশ্বৰ ইন্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী। আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।

কেৰেলা

কেৰেলা বা কেৰালা বা কেৰল (মালয়ালম ভাষাত: കേരളം) ভাৰতৰ এখন ৰাজ্য। কেৰালাৰ ৰাজধানী থিৰুৱনন্তপুৰম এখন পাহাৰৰ ওপৰত অৱস্থত। কোচিন এটা গুৰুত্বপূৰ্ণ বন্দৰ এবং তৈলশোধনাগাৰ। কালিকট আৰুএটা বন্দৰ চহৰ। মালয়ালম ভাষা কেৰালাৰ ৰাজ্যভাষা।

জাহ্নু বৰুৱা

জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Barua, হিন্দী: जाह्नु बरूवा) একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভুষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।

তেজপুৰ

তেজপুৰ (ইংৰাজী: Tezpur) শোণিতপুৰ জিলাৰ এখন প্ৰধান নগৰ আৰু সদৰ৷ ই গুৱাহাটীৰ ১৭৯ কিলোমিটাৰ পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱিস্থত৷ তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈল দ্বাৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতিচিহ্নৰ কাৰণেও বিখ্যাত৷

দক্ষিণ কোৰিয়া

দক্ষিণ কোৰিয়া (ইংৰাজী: South Korea; চৰকাৰী নাম: কোৰিয়া প্ৰজাতন্ত্ৰ) এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয়া ভাষাত ইয়াৰ নাম 대한민국 দেহান মিন্গুক শুনক; হানগুল লিপিত লিখা হয়: 대한민국 আৰু হাঞ্জা লিপিত লিখা হয় 大韓民國 । দক্ষিণ কোৰিয়াৰ উত্তৰে উত্তৰ কোৰিয়া, পূবে জাপান সাগৰ, দক্ষিণে তথা দক্ষিণ-পূবে কোৰিয়া প্ৰণালী আৰু পশ্চিমে চীন। ছিউল হৈছে দক্ষিণ কোৰিয়াৰ বৃহত্তম চহৰ তথা ইয়াৰ ৰাজধানী।

দ্বিতীয় বিশ্বযুদ্ধ শেষত কোৰিয়া উপদ্বীপেৰ উত্তৰ অংশটো ছ'ভিয়েট সংঘৰ সেনা আৰু দক্ষিণ অংশটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দখল কৰি ৰাখিছিল। ইয়াৰপৰাই ১৯৪৮ চনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ৰাষ্ট্ৰদ্বয়ৰ আবিৰ্ভাৱ হয়। ১৯৫০-১৯৫৩ চনত হোৱা কোৰিয়া যুদ্ধৰ পাছৰ ধ্বংসপ্ৰায় দক্ষিণ কোৰিয়া ১৯৯০ চনত এক বিশ্বৰ সবাটোকৈ ডাঙৰ অৰ্থনীতিসমূহৰ মাজৰ একোটাত পৰিণত হয় আৰু এছিয়ান চাৰি ড্ৰাগনত পৰিণত হয়।

পশ্চিমবঙ্গ

পশ্চিমবঙ্গ (বঙালী: পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। পশ্চিমবঙ্গ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী। এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভুটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল। বৃটিচ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বাংলা দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভূক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছোভিয়েট ৰাছিয়াৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।পশ্চিমবঙ্গ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গত ভাৰতীয় কমিউনিস্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰন্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিস্ট চৰকাৰ। বৰ্তমানে বামফ্ৰন্টকে পৰাজিত কৰি দক্ষিণপন্থী দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।

পশ্চিমবঙ্গত দু'টি ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন জাতীয় উদ্যান।

বাংলাদেশ

বাংলাদেশ (বাংলা: বাংলাদেশ), দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবঙ্গই একেলগে এটা বাংলাভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”।

১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিছাবে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যবৰ্তী দূৰত্ব আছিল প্ৰায় ১৬০০ কিঃমিঃ (১০০০ মাইল)। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম (ইছলাম) একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বিৰাট। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অনিহাৰ ফলস্বৰুপে এই ব্যৱধান বেছি প্ৰকট হৈ উঠে। ইয়াৰে চূড়ান্ত পৰিণতি হিচাপে ১৯৭১ চনত ভাৰতবৰ্ষৰ সমৰ্থনত এটা ৰক্তক্ষয়ী যুদ্ধৰ মাধ্যমেৰে স্বাধীন ৰাষ্ট্ৰ হিচাবে বাংলাদেশৰ অভ্যুত্থান হয়। বাংলাদেশৰ স্বাধীনোত্তৰ সময়খিনি বিভিন্ন ৰাজনৈতিক বিশৃংখলতাৰে পৰিপূৰ্ণ। এই সময়ছোৱাত তেৰবাৰ ৰাষ্ট্ৰ পৰিচালনাৰ দল সলনি হোৱাৰ উপৰিও কমপক্ষেও চাৰিবাৰ। সামৰিক অভ্যুত্থান ঘটে।

জনবহুল ৰাষ্ট্ৰৰ মাজত বিশ্বৰ ভিতৰতে অষ্টম স্থানত অৱস্থিত বাংলাদেশ মাটি কালিৰ হিচাপত ৯৩তম স্থানত। ফলত বাংলাদেশ বিশ্বৰ ঘনবসতি পূৰ্ণ দেশসমূহৰ এখন। মুছলমান-সংখ্যাগৰিষ্ঠ দেশৰ মাজত বাংলাদেশৰ অৱস্থান ৪ৰ্থ যদিও বাংলাদেশত মুছলমানৰ সংখ্যা ভাৰতৰ সংখ্যালঘু মুচলমানতকৈ কম। গঙ্গা-ব্ৰহ্মপুত্ৰৰ উৰ্বৰ অৱবাহিকাত অৱস্থিত এই দেশখনত প্ৰতি বছৰ মৌচুমী বতাহৰ প্ৰকোপত বানপানী হয়, আৰু ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ প্ৰকোপ সাধাৰণ ঘটনা। বাংলাদেশ দক্ষিণ এচীয় আঞ্চলিক সহযোগিতা সংস্থা ছাৰ্ক আৰু বিম্‌ছটেক-অৰ প্ৰতিষ্ঠাতা সদস্য। ইয়াৰ উপৰিও দেশখন ওআইছি আৰু ডি-৮ৰ সদস্য।

বিৰিঞ্চি কুমাৰ বৰুৱা

বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক৷ অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷ বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল৷ সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত "বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ"ৰ নিৰ্মাণ কৰা হয়৷ তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল৷ ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা৷

বীৰেন্দ্ৰনাথ দত্ত

বীৰেন্দ্ৰনাথ দত্ত (ইংৰাজী: Birendranath Datta) (১৯৩৫-) অসমৰ এজন শিক্ষাবিদ, লিখক, গৱেষক আৰু লোকসংগীত শিল্পী। তেখেতে অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছে। ২০০৯ চনত, তেখেতক "সাহিত্য আৰু শিক্ষা"ৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল আৰু ২০১০ চনত তেওঁক জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। বীৰেন্দ্ৰনাথ দত্তই অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লক্ষীমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল।

ব্ৰহ্মপুত্ৰ নদ

ব্ৰহ্মপুত্ৰ (ইংৰাজী: Brahmaputa Tibetan: ཡར་ཀླུངས་གཙང་པོ་) হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত৷ সভ্যতা সদায় নদী-কেন্দ্ৰিক ৷ প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি৷ এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে৷

ব্ৰুণেই

ব্ৰুণেই (মালয় ভাষা: Negara Brunei Darussalam) দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ । ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। ১৯৬০ দশকৰ শেষৰ ফালে এই অঞ্চলৰ একমাত্ৰ দেশ হিচাপে ব্ৰুণেই ব্ৰিটিছ উপনিবেশৰ অন্তৰ্গত থকাৰ সিদ্ধান্ত লয়। ১৯৮৪ চনত এই দেশস্বাধীন হয়।

ব্ৰুণেই দুটা ব্ৰুনাই বেলেগ বেলেগ অঞ্চলৰে গঠিত। ইয়াৰ ভিতৰত পশ্চিম অংশতো বৃহত্তৰ। এই অংশতে সমুদ্ৰ বন্দৰ আছে। এই দুই অংশক মালয়েছিয়াৰ সাৰাওয়াক প্ৰদেশে আগুৰি আছে। বন্দৰ চিৰি বেগাৱান ব্ৰুণেইৰ ৰাজধানী। ইয়াৰ আয়তন মাত্ৰ ৫,৭৬৫ বৰ্গকিলোমিটাৰ।

বৰপেটা

বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি:মি (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক “সত্ৰভূমি” বুলি জনা যায়। বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা সত্ৰ আৰু আন আন সত্ৰসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধাৰ্মিক লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

ভূপেন হাজৰিকা

ড॰ ভূপেন হাজৰিকা (১৯২৬-২০১১), অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবি পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও তেখেত চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।

উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, নিষ্পাদন কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এচিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড° হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় ‘সংগীত নাটক একাডেমী বঁটা’ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড° হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতি আছিল। সংগীত নাটক অকাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা ড০ হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

মণিপুৰ

মণিপুৰ উত্তৰ-পূৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।

মাজুলী

মাজুলী (উচ্চাৰণ: ˈmʌʤʊlɪ) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা। ২৭ জুন ২০১৬ চনত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হল।পূৰ্বতে ই যোৰহাট জিলাৰ এটা মহকুমা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ।মাজুলীক ' সত্ৰ্ নগৰী ' বুলিও কোৱা হয় | পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১২৫০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ সংকোচন হৈছে।দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱনশিৰী নৈ লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰৰপৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰপৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

যোৰহাট

যোৰহাট ভাৰতৰ উজনি অসমস্থিত এখন গুৰুত্বপূৰ্ণ নগৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই নগৰখনৰ নাম 'যোৰহাট' হয়। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ 'ৰজা মৈদাম' আৰু 'ৰাজমাও পুখুৰী'কে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।[উদ্ধৃতিৰ প্ৰয়োজন] অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী । ৰৰৈয়া যোৰহাটৰ বিমান বন্দৰ আনহাতে ৰেলৱে জংচন যোৰহাট আৰু মৰিয়নি। লাচিত বৰফুকনৰ মৈদাম, অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, 'যোৰহাট জিমখানা ক্লাব' আদি যোৰহাটৰ উল্লেখযোগ্য স্থান।

শ্ৰীমন্ত শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়।

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.