শিক্ষা

ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰিৰীক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে:[1]

  • জ্ঞান, পাৰদৰ্শীতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা,
  • শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায়
  • ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা,
  • মানসিক উৎকৰ্ষ সাধন।

এজন শিক্ষিত ব্যক্তি শুদ্ধ বিশ্লেষণ ক্ষমতা, পৰিস্কৃত চিন্তা কৰাৰ ক্ষমতা উপযুক্তভাবে প্ৰয়োগ কৰি স্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়। সেয়েহে, শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন সক্ষমতা (cognitive cartography), যি ধাৰকক অভিজ্ঞতা আৰু উৎকৰ্ষতা সাধনৰ মাজত সংগলগ্নতা স্থাপন কৰি সমস্যা সমাধানৰ উপযুক্ত পন্থা অৱলম্বনত সহায় কৰে।

সম্যক অৰ্থত জ্ঞান আহৰণ আৰু প্ৰদানৰ প্ৰক্ৰিয়াকো শিক্ষা বোলা হয়।

Teaching Bucharest 1842
Primary school in open air. Teacher (priest) with class from the outskirts of Bucharest, around 1842.

শিক্ষা ব্যৱস্থা

"প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যায়লৈকে সচৰাচৰ প্ৰ্য়োজনীয় বিষয় সমূহৰ উপৰিও বিভিন্ন ধৰণৰ কাৰিকৰী আৰু পেচাগত বিশিষ্ট (ইংৰাজীপাঠ্যক্ৰম; Curriculum) আৰু ব্যৱস্থাপনক সামৰি লৈ ক্ৰম অনুসাৰে বিভিন্ন স্তৰত সজ্জিত, সময় নিৰ্ধাৰিত শিক্ষণ প্ৰণালীকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বোলা হয়।"[2] এনে শিক্ষা ব্যৱস্থাক তলত দিয়া ধৰণে বিভিন্ন পৰ্যায় বা বিভাগত ভগাব পাৰি। অৱশ্যে এই ভাগবোৰ পানী নসৰকা বিধৰ নহয় আৰু এক প্ৰকাৰ ব্যৱস্থা অন্য এক প্ৰকাৰৰ লগত ওপৰা-ওপৰিকৈও প্ৰদান কৰা হ'ব পাৰে।

লক্ষণীয় যে নিম্নোক্ত শ্ৰেণীবিভাজনসমূহ দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন ভিন্ন হ'ব পাৰে। উদাহৰণস্বৰূপে কোনো কোনো দেশত কেৱল প্ৰাথমিক শিক্ষাক, কোনো দেশত (প্ৰাক-প্ৰাথমিক শিক্ষা + প্ৰাথমিক শিক্ষা)-ক একেলগে, একেখন বিদ্যালয়ৰ পৰা প্ৰদান কৰা হয়। কোনো কোনো ক্ষেত্ৰত মাধ্যমিক শিক্ষা নিম্ন মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আদি শাখাত বিভক্ত কৰা হয়। প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি প্ৰথমচোৱা শিক্ষাক (দেশ, স্থান বা পদ্ধতি অনুসাৰে ভিন্ন) কেতিয়াবা বুনিয়াদী শিক্ষা(Elementary education) বোলা হয়। (উচ্চশিক্ষা আৰু তেনে ধৰণৰ বিশেষ শিক্ষা প্ৰক্ৰিয়াৰ বিষয়ে পাছৰ অনুচ্ছেদসমূহত আলোচনা কৰা হৈছে)।

ভাৰতবৰ্ষত ২০০৯ চনত গৃহীত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ 21A অনুচ্ছেদ অনুসৰি ৬ৰ পৰা ১৬ বছৰ পৰ্য্যন্ত চৰকাৰী বিদ্যালয়ত শিশুৰ বাবে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰা হয়। বেচৰকাৰী বিদ্যালয়সমুহেও তেওঁলোকৰ ২৫% শিশুক এই সুবিধা দিয়াতো বাধ্যতামূলক।[3]

প্ৰাক-প্ৰাথমিক শিক্ষা

School children line Cochin Kerala India
School children line, in Kerala, India

শিশুক শিক্ষালাভৰ বাবে প্ৰস্তুত কৰিবলৈ প্ৰাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা। এই স্তৰত মুখ্যতঃ খেল ধেমালিৰ জৰিয়তে শিশুক পৰৱৰ্তী স্তৰৰ শিক্ষালাভৰ বাবে প্ৰস্তুত কৰা হয়। সাধাৰণতে এই স্তৰত (আৰু পাচৰ স্তৰতো) মেৰীয়া মন্টেছৰীয়ে প্ৰৱৰ্তন কৰা মন্টেছৰী শিক্ষা প্ৰণালীৰ মনস্ততঃ উপযোগ কৰা হয়।

প্ৰাথমিক শিক্ষা

প্ৰাথমিক শিক্ষা ৫-৭ বছৰ বয়ষীয়া শিক্ষাৰ্থীৰ বাবে প্ৰবৰ্তিত। দেশ বা পদ্ধতি অনুসাৰে এই পাঠ্যক্ৰম ৪ ৰ পৰা ৫ বছৰ পৰ্য্যন্ত হ'ব পাৰে। পৃথিৱীত প্ৰায় ৮৯% ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু লাহে লাহে এই সংখ্যা বাঢ়ি আহিছে। UNESCO-অৰ Education for All কাৰ্য্যক্ৰমৰ অধীনত বিশ্বৰ প্ৰায় সকলো দেশেই ২০১৫ চনৰ ভিতৰত ১০০% নামভৰ্তিৰ বাবে অংগীকাৰবদ্ধ হৈছে। পৃথিৱীৰ বহুত দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু কোনো কোনো দেশত বিনামূলীয়া।

মাধ্যমিক শিক্ষা

প্ৰাথমিক শিক্ষা শেষ কৰি শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। কৈশোৰ অৱস্থাত গ্ৰহণ কৰিব লগীয়া এই শিক্ষাই শিক্ষাৰ্থীক জীৱনত সচৰাসচৰ প্ৰয়োজন হ'ব পৰা বিষয়বোৰৰ সম্যক জ্ঞান দিয়া হয়। লগতে এই শিক্ষাৰ দ্বাৰা ইচ্ছুকজনক বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা, পেচা বা বৃত্তিগত শিক্ষাৰ বাবেও প্ৰস্তুত কৰা হয়। শিক্ষাৰ্থীৰ জীৱনৰ দ্বিতীয় পৰ্যায়ৰ এই শিক্ষাক কোনো কোনো স্থনত মধ্য-মাধ্যমিক, উচ্চ-মাধ্যমিক, আৰু উচ্চতৰ মাধ্যমিক নামৰ তিনিটা স্তৰত ভাগ কৰি পঢ়ুওৱা হয়।

পৰম্পৰাগত শিক্ষা

পৰম্পৰাগত শিক্ষা (Indigenous education) স্থানীয় পৰম্পৰাগত শিক্ষা প্ৰণালীৰ আধাৰত আগবঢ়োৱা হয়। সাধাৰণতে আগৰ ঔপনিবেশিক শাসনৰ অধীনৰ দেশবোৰত নতুন প্ৰজন্মৰ মনলৈ নিজ দেশৰ ঐতিহ্যৰ প্ৰতি জাগৃতি আৰু সন্মান ঘুৰাই আনিবলৈ বিভিন্ন পাঠ্যক্ৰমত এনে শিক্ষাকো অন্তৰ্ভূক্ত কৰা হয়। তদুপৰি ই থলুৱা সপ্ৰদায় সমূহক তেওঁলোকৰ "ভাষা আৰু সংস্কৃতিক পুনৰাৱিস্কাৰ আৰু পুনৰ্মূল্যায়নৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত থলুৱা শিকাৰুৰ শিক্ষাত সহায় হয়"[4]

বৈকল্পিক শিক্ষা

বৈকল্পিক শিক্ষাই (Alternative education) বহল অৰ্থত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ (যিকোনো বয়ষ বা পৰ্যায়ৰ) বাহিৰৰ বিভিন্ন ধৰণৰ শিক্ষা ব্যৱস্থা বা পদ্ধতিক বুজাব পাৰে। ইয়াক কেতিয়াবা অপৰম্পৰাগত শিক্ষা বা শৈক্ষিক বিকল্প ও বোলা হয়। এনে শিক্ষাব্যৱস্থাই কোনো বিশেষ লক্ষ্য (যেনে বাল্যবিবাহ বা শাৰিৰীক ভাৱে অক্ষমসকল আদি) গ্ৰহণ কৰাৰ উপৰিও বিভিন্ন বৈকল্পিক শৈক্ষিক তত্বৰ প্ৰয়োগ আদিৰ ওপৰতো মনোনিবেশ কৰে।

ওপৰৰ দ্বিতীয় প্ৰকাৰৰ শিক্ষা প্ৰায়েই শৈক্ষিক সংশোধনৰ (educational reform) ফলশ্ৰুতি আৰু প্ৰচলিত বাধ্যতামূলক শিক্ষাব্যৱস্থাৰ লগত নিমিলা শিক্ষাতত্বৰ ওপৰত আধাৰিত হয়। কেতিয়াবা ই ৰাজনৈতিক, গৱেষণামূলক বা দশৰ্ষণমূলকো হ'ব পাৰে বা কেতিয়াবা প্ৰচলিত শিক্ষা ব্যৱস্থাত অসন্তুষ্ট শিক্ষক বা শিকাৰুৰ অসংগঠিত প্ৰয়াসো হ'ব পাৰে। এনে বিকল্পবিলাকৰ ভিতৰত ভেৰোণীয়া বিদ্যালয়সমূহ (charter schools), বৈকল্পিক বিদ্যালয়সমূহ (alternative schools), স্বাধীন বিদ্যালয়সমূহ (independent schools), গৃহশিক্ষা (homeschooling), আৰু স্বচালনা(?) (autodidacticism) আদি উল্লেখযোগ্য। সাধাৰণতে এওঁলোকে সৰু শ্ৰেণী, শিকাৰু আৰু শিক্ষকৰ নিকট সম্পৰ্ক, দলীয় ভাৱনা (sense of community) আদিত গুৰুত্ব আৰোপ কৰে।

বৈকল্পিক শিক্ষাই স্বাধীনচিতিয়া শিক্ষা (independent learning) আৰু শ্ৰেণীকাৰ্যত (class activities) সহায় কৰে বুলিও ভবা হয় [5]

উচ্চশিক্ষাৰ ব্যৱস্থাসমূহ

ClareCollegeAndKingsChapel
The University of Cambridge is an institute of higher learning.

উচ্চশিক্ষাক কেতিয়াবা তৃতীয় স্তৰৰ (tertiary), third stage, or post secondary education ও বোলা হয় আৰু বাধ্যতামূলক নহয়। ইচ্ছুক উপযুক্ত শিকাৰুৱে মাধ্যমিক বা স্থান ভেদেউচ্চতৰ মাধ্যমিক শিক্ষা শেষ কৰাৰ পাছত উচ্ছশিক্ষা গ্ৰহণ কৰিব পাৰে।

এই স্তৰত সাধাৰনতে স্নাতক (graduate/bachelor) আৰু স্নাতকোত্তৰ (মাষ্টাৰ আৰু ডক্টৰেট অৱ ফিল'চফি/চাইন্স) দুটা পৰ্য্যায় থাকে। ইয়াৰ উপৰিও এই শ্ৰণীত ভকেশ্যনেল শিক্ষা আৰু ট্ৰেইনিঙো সামৰি লোৱা হয়। কোনো কোনো ক্ষেত্ৰত এই শিক্ষানিষ্ঠানবোৰক তৃতীয় স্তৰৰ শিক্ষানুষ্ঠানো বোলা হয়। সাধাৰণতে তৃতীয় পৰ্য্যায় শেষ কৰাৰ পাছত শিকাৰুক শৈক্ষিক প্ৰমাণপত্ৰ (academic certificate), ডিগ্ৰী বা ডিপ্ল'মা আদি প্ৰদান কৰা হয়। . দেশৰ অৰ্থনৈতীক উন্নতিত উচ্চশিক্ষাৰ বিশেষ মহত্ব আছে। ই দেশৰ প্ৰগতি কৰিবলৈ উচ্চ তথা বিশেষ জ্ঞানসম্পন্ন মানৱ সম্পদ সৃষ্টি কৰে।

বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থা

বিশ্ববিদ্যালয় পৰ্য্যায়ৰ শিক্ষা ব্যৱস্থাত (University systems) সাধাৰণতে শিক্ষা প্ৰদান, গৱেষণা আৰু সমাজসেৱা আদি অন্তৰ্ভুক্ত হয়, আৰু ইয়াত স্নাতকপুৰ্ব, ( বা তৃতীয়স্তৰৰ শিক্ষা) আৰু স্নাতক ( বা স্নাতকোত্তৰ) পৰ্যায়ৰ শিক্ষা দিয়া হয়। একোখন বিশ্ববিদ্যালয় সাধাৰণতে কেইবাখনো মহাবিদ্যালয়েৰে গঠিত।আমেৰিকাত বিশ্ববিদ্যালয় সমুহ, ব্যক্তিগতখণ্ডৰ আৰু স্বত্বন্তৰীয়া (যেনে য়েল বিশ্ববিদ্যালয় (Yale University)) হব পাৰে, ৰাজহুৱা বা চৰকাৰী খণ্ডৰো হব পাৰে ( যেনে পেনিচালভেনিয়া চৰকাৰী উচ্চ শিক্ষা প্ৰণালী(Pennsylvania State System of Higher Education)) বা চৰকাৰী পূঁজিৰে চালিত স্বত্বন্তৰীয়াও (যেনে ভাৰ্জিনিয়া বিশ্ববিদ্যালয়(University of Virginia)) হব পাৰে।ভাৰতত কিছুদিনলৈকে বিশ্ববিদ্যালসমূহ কেৱল চৰকাৰী উদ্যোগত প্ৰতিষ্ঠিত আছিল, কিন্তু সদ্যহতে শিক্ষা ব্যৱস্থাৰ উন্মুক্তকৰণৰ পাছত কিছুমান (বিশেষকৈ বৃত্তিমূখী শিক্ষাৰ) ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা হোৱা দেখা গৈছে।

উদাৰ কলা মহাবিদ্যলয়

FBE CTU lecture
প্ৰাগৰ চেক প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যলয়ৰ (Czech Technical University) বায়'মেডিকেল ইঞ্জনিয়াৰিং বিভাগত পাঠদান

ব্যৱসায়িক, বৃত্তিমূখী (vocational) আৰু প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰমসমূহৰ বিপৰীতে, শিক্ষাৰ্থীক ‘ব্যাপক সাধাৰণ জ্ঞান প্ৰদান’ আৰু ‘সাধাৰণ বৌদ্ধিক ক্ষমতা’ বিকাশৰ প্ৰয়াস কৰা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পাঠ্যক্ৰম সমূহক উদাৰ কলা (Liberal Arts) প্ৰতিষ্ঠান বুলি জনা যায়[6]। যদিও অধুনা ‘উদাৰ কলা মহাবিদ্যালয়’ নামে জনাজাত এই শিক্ষানুষ্ঠান সমূহ ইউৰোপত আৰম্ভ হৈছিল, বৰ্তমান সময়ত আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ লগতহে এই শব্দটি জড়িত কৰা হয়[7][উদ্ধৃতিৰ প্ৰয়োজন]। এনে কিছুমান উদাহৰন হ’ল ‘চেণ্ট জ’নচ কলেজ, ৰীড কলেজ (Reed College), কাৰ্লটন কলেজ (Carlton College), স্মিথ কলেজ ইত্যাদি।

সামূহিক মহাবিদ্যালয়

সামূহিক মহাবিদ্যালয় এক ধৰণ শিক্ষা প্ৰতিষ্ঠান, বিভিন্ন দেশত এই নামেৰ বেলেগ বেলেগ ধৰণৰ শিক্ষানুষ্ঠানক বুজোৱা হয়। অষ্ট্ৰেলিয়াত সামূহিক মহাবিদ্যালয় সমূহে প্ৰাপ্তবয়ষ্ক শিক্ষা প্ৰদান কৰে, কানাডাত এই শব্দই সাধাৰণ ডিগ্ৰী প্ৰদান কৰা মহাবিদ্যালয় সমূহকে বুজায়। মালয়েচিয়াত সামূহিক মহাবিদ্যায় বিলাকে স্কুল পৰ্যায়ৰ ঠিক পাছতে বৃত্তিমূখী আৰু কাৰিকৰী শিক্ষা দিয়া প্ৰতিষ্ঠান সমূহক বুজায়, আনহাতে ফিলিপাইনচত দিনৰ প্ৰাথমিক বা মাধ্যমিক শিক্ষানুষ্ঠান বিলাকক ৰাতি সামূহিক মহাবিদ্যালয় হিচাপে চলোৱা হয় আৰু তাত উচ্চশিক্ষা লাভ কৰিবৰ ইচ্চা থকা লোকসকলক পঢ়িবৰ সুবিধা দিয়া হয়। আমেৰিকাত সামূহিক মহাবিদ্যালয় বিলাকক জুনিঅ’ৰ কলেজ, কাৰিকৰী কলেজ বা চিটি কলেজ বুলি জনা যায়, আৰু এই বিলাকত সাধাৰণতে দুবছৰীয়া নিম্ন স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পাঠদান কৰা হয়। এই মহাবিদ্যালয় বিলাকে চাৰ্টিফিকেট, ডিপ্লমা আৰু এচ’চিয়েটচ ডিগ্ৰী প্ৰদান কৰে, কিছুমান এনে মহাবিদ্যালয়ত প্ৰাপ্তবয়ষ্ক শিক্ষা আৰু অবিচ্ছিন্ন শিক্ষাৰ ব্যৱস্থাও থাকে।

মুক্ত শিক্ষা

সদ্যহতে জনপ্ৰিয় উঠা উচ্চ শিক্ষাৰ এক পদ্ধতি হ’ল “ইণ্টাৰনেট” মাধ্যমেৰে মুক্ত শিক্ষা (open education) [8]. এই শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলক কি পঢ়িব, কত পঢ়িব, কেনেকৈ পঢ়িব আৰু কিমান সময়ত সম্পূৰ্ণ কৰিব এই দিশ বিলাকত বিকল্প আৰু নমনীয়তা প্ৰদান কৰে।এই মুক্ত শিক্ষা প্ৰণালী বিলাকত সাধাৰণতে ই-লাৰ্নিং (e-learning)বা ‘ ইণ্টাৰনেট শিক্ষা’ৰ সুবিধা সমূহ উপলব্ধ হয়। যিকোনো সময়তে, যিকোনো স্থানৰ ইচ্চুক শিক্ষাৰ্থী সকলৰ বাবে বহুতো বিশ্ববিদ্যালয় আৰু তেনেধৰণৰ অনুস্থানে “ মুক্ত শিক্ষা সমল “ (open educational resources)কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় এই ‘মুক্ত শিক্ষা’ই, পৰম্পৰাগত উচ্চ শিক্ষাৰ দৰে ‘স্বীকৃত ডিগ্ৰী’ প্ৰদান নকৰে। সমুহ যোগান ধৰে। তথাপিও, আজিকালি মুক্ত শিক্ষা প্ৰণালী বিলাকে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে পৰম্পৰাগত ডিগ্ৰীৰ দৰেই কিছুমান স্বীকৃতি বিকাশ কৰিছে। .[9]

প্ৰাপ্তবয়ষ্ক শিক্ষা

প্ৰাপ্তবয়ষ্কসকলক প্ৰশিক্ষণ (training) বা বিভিন্ন কুশলতা (skill) প্ৰদান কৰাৰ প্ৰক্ৰিয়াকে প্ৰাপ্তবয়স্ক শিক্ষা বোলে। ইয়াক কেতিয়াবা এণ্ড্ৰাগজী (andragogy) (প্ৰাপ্তবয়স্কক শিকিবলৈ সহায় কৰাৰ কলা/বিজ্ঞান) ও বোলে। বৰ্তমান অনেক দেশত প্ৰাপ্তবয়ষ্ক শিক্ষা প্ৰচলিত। শ্ৰেণীকোঠাৰ শিক্ষা, নিজে নিজে শিকা আদিৰ পৰা আৰম্ভ কৰি ই-লাৰ্ণিঙলৈকে (e-learning) ই বিভিন্ন ৰূপ ল'ব পাৰে। আজিকালি ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পেচাগত শিক্ষা যেনে পশু সহায়ক, ৰীয়েল ইষ্টেট লাইচেন্সিং, বুককীপিং আদি বিভিন্ন ক'ৰ্চ উপলব্ধ।

তথ্য সংগ্ৰহ

  1. teach-kids-attitude-1st.com
  2. Coombs, P. (1973). New paths to learning for rural children and vouth. New York, NY: International Council for Educational Development, p. 11
  3. http://www.indg.in/primary-education/policiesandschemes/right-to-education-bill
  4. May, S. and Aikman, S. (2003). "Indigenous Education: Addressing Current Issues and Developments". Comparative Education খণ্ড 39 (2): 139–145. doi:10.1080/03050060302549.
  5. J. Scott Armstrong (1979). "The Natural Learning Project". Journal of Experiential Learning and Simulation (Elseiver North-Holland, Inc. 1979) খণ্ড 1: 5–12. http://marketing.wharton.upenn.edu/documents/research/Warmaudit31%205.pdf.
  6. "Liberal Arts: Encyclopædia Britannica Concise". Encyclopædia Britannica. http://concise.britannica.com/ebc/article-9370154/liberal-arts.
  7. Harriman, Philip (1935). "Antecedents of the Liberal Arts College". The Journal of Higher Education (The Journal of Higher Education) খণ্ড 6 (2): 63–71.
  8. Emily Wang. "Online education provides an alternative". Daily Trojan. http://dailytrojan.com/2012/01/30/online-education-provides-an-alternative/.
  9. "2012 Connexions Conference: Recap Part II". The Saylor Foundation. http://www.saylor.org/2012/02/2012-connexions-conference-recap-part-ii/.

বাহ্যিক সংযোগ

অনিন্দিতা পাল

অনিন্দিতা পাল এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।

অসমীয়া ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 6,091 টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়। সক্ৰিয় সম্পাদকৰ সংখ্যা ২০১১ চনৰ প্ৰথম ভাগত ১০ জনৰ বিপৰীতে ২০১২ চনৰ ১৫ অক্টোবৰত ২২ জন আৰু ২০১৩ চনৰ মাৰ্চলৈকে পুনৰ কমি ১৫ জন হয়।

আইমী বৰুৱা

আইমী বৰুৱা এগৰাকী অসমীয়া অভিনেত্ৰী যিয়ে কেইবাখনো অসমীয়া বোলছবিৰ লগতে বহুতো ভিচিডি তথা এলবামত অভিনয় কৰিছে।

ইন্দিৰা মিৰি

ইন্দিৰা মিৰি (ইংৰাজী: Indira Miri) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লভা। তেখেতে কৰ্মজীৱনৰ আৰম্ভনিতে মেৰীয়া মন্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে।

উমাকান্ত শৰ্মা

উমাকান্ত শৰ্মা (ইংৰাজী: Umakanta Sarmah) এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৮ চনত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে।

কপিল বৰা

কপিল বৰা (ইংৰাজী: Kopil Bora) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা আৰু আকাশবাণীৰ ভাষ্য শিল্পী। তেওঁ অভিনয় জীৱনৰ আৰম্ভ কৰে বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ 'গুণ গুণ গানে গানে' ৰ (২০০২) জৰিয়তে।

গুৰুপ্ৰসাদ দাস

গুৰুপ্ৰসাদ দাস (ইংৰাজী: Guru Prasad Das) (জন্ম-১২-০২-১৯০৪, মৃত্যু-১৯-২-১৯৮২) কুৰি শতিকাৰ প্ৰথম ভাগত জন্মলাভ কৰা অসমীয়া বিজ্ঞানী আছিল। বৰপেটাত জন্মগ্ৰহন কৰা গুৰুপ্ৰসাদ দাসে অসহযোগ আন্দোলনত জড়িত হৈ কলিকতাত উপস্থিত হৈছিল আৰু তাৰেপৰাই হাইস্কুলীয়া শিক্ষা সাং কৰি ইংলেণ্ডলৈ গৈ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত প্ৰশিক্ষন লয়। প্ৰশিক্ষণ কালতে কেইটামান যন্ত্ৰ আৱিষ্কাৰ কৰি তেওঁ সুখ্যাতি লাভ কৰে। ৰেলৰ বাবে আৱিষ্কাৰ কৰা নতুন ব্ৰেক পদ্ধতি আছিল গুৰুপ্ৰসাদ দাসৰ উল্লেখনীয় আৱিষ্কাৰ। গুৰুপ্ৰসাদ দাসে আৱিষ্কৰা কৰা ভেকুৱাম (বায়ুশূণ্য) ব্ৰেক পদ্ধতিক "জি.পি. ব্ৰেক" বুলি জনা যায়। তেখেতক "Associated Member of Institute of Mechanical Engineers" উপাধিৰে সন্মান জনোৱা হৈছিল।

গোপীনাথ বৰদলৈ

গোপীনাথ বৰদলৈ (ইংৰাজী: Gopinath Bordoloi) (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল । অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক "লোকপ্ৰিয়" উপাধিৰে বিভূষিত কৰিছিল ।

দেশে স্বাধীনতা লাভ কৰা পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে৷

জাহ্নু বৰুৱা

জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Barua, হিন্দী: जाह्नु बरूवा) একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভুষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।

জুবিন গাৰ্গ

জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, কোচ-ৰাজবংশী (কামতাপুৰী), বড়ো, বঙালী, হিন্দী, তামিল, তেলেগু, কন্নড়, মালায়ম, মাৰাঠী, উৰিয়া আৰু ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰিছে।১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়।ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ।বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

জেৰিফা ৱাহিদ

জেৰিফ ৱাহিদ (ইংৰাজী: Zerifa Wahid) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।

তফজ্জুল আলী

তফজ্জুল আলী (ইংৰাজী: Tafajjul Ali) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত ভালেসংখ্যক গীত ৰচনা কৰাৰ লগতে পুতলা ঘৰ আৰু সোণৰ হৰিণ চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে। অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলীৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্মচ চ'ছাইটীৰ আজীৱন সভ্য আছিল। গীতিকাৰগৰাকীয়ে অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

নিপন গোস্বামী

নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, জন্ম: ১৯৪২) অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা। প্ৰথমে মঞ্চত অভিনয় কৰি তেখেতে পাছলৈ বোলছবিত নায়কৰ অভিনয় কৰে। অসমীয়া বোলছবিৰ 'তাৰকা অভিনেতা'ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ অন্যতম। এখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰি আহিছে। বৰ্তমানেও সক্ৰিয় হৈ থকা এগৰাকী অভিনেতাই ১০০-ৰো অধিক ছবিত কাম কৰিছে।

প্ৰস্তুতি পৰাশৰ

প্ৰস্তুতি পৰাশৰ (ইংৰাজী: Prastuti Parashar) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে।

২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনিত হৈছিল।

বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnuprasad Rabha জন্ম ৩১ জানুৱাৰী, ১৯০৯ - মৃত্যু ২০ জুন, ১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল৷

"বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও...মাছ মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই...গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক বুৰঞ্জীবিদ নৃতত্ববিদ, বিপ্লবী যদিও ৰোমেণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়। তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান। এক মহান মানৱ শিল্পী।"

বীৰেন্দ্ৰনাথ দত্ত

বীৰেন্দ্ৰনাথ দত্ত (ইংৰাজী: Birendranath Datta) (১৯৩৫-) অসমৰ এজন শিক্ষাবিদ, লিখক, গৱেষক আৰু লোকসংগীত শিল্পী। তেখেতে অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছে। ২০০৯ চনত, তেখেতক "সাহিত্য আৰু শিক্ষা"ৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল আৰু ২০১০ চনত তেওঁক জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। বীৰেন্দ্ৰনাথ দত্তই অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লক্ষীমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল।

ময়ূখ হাজৰিকা

ময়ূখ হাজৰিকা (ইংৰাজী: Mayukh Hazarika; জন্ম ১৩ জানুৱাৰী ১৯৭১) অসমৰ এজন গায়ক তথা গীতিকাৰ আৰু সুৰকাৰ। Mayukh Hazarika and the Brahmaputra Balladeers নামৰ বেণ্ডটোৰ তেওঁ মুখ্য শিল্পী। তেওঁ প্ৰখ্যাত অসমীয়া কণ্ঠশিল্পী যুটী জয়ন্ত হাজৰিকা আৰু মণীষা হাজৰিকাৰ পুত্ৰ আৰু ভূপেন হাজৰিকাৰ ভতিজা।

মলয়া গোস্বামী

মলয়া গোস্বামী (হিন্দী: मलया गोस्वामी) অসমৰ পৰা চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম অভিনেত্ৰী। তেখেতে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ফিৰিঙতি চলচ্চিত্ৰত অভিনয় কৰি ১৯৯২ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

লক্ষ্মীনাথ বেজবৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbaroa; ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে ৷

ৰমেন বৰুৱা

ৰমেন বৰুৱা অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ১৯৪০ চনত তেখেতৰ জন্ম হয়। মাত্ৰ ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল। তেখেতে মুঠতে ২৭ খন ছবিত স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰিছে। ইয়াৰ দুখন বাংলা ছবি। এই ছবিদুখন আছিল অসমীয়া ছবি সোণমা আৰু ককাদেউতা নাতি আৰু হাতীৰ বাংলা ৰূপান্তৰ। ৰমেন বৰুৱাই ৫খন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা প্ৰথম ছবিখন আছিল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত নিপ বৰুৱা পৰিচালিত স্মৃতিৰ পৰশ। তেখেত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ তেখেত আকাশবাণীৰ মিউজিক কম্পোজাৰ হয়। কেশৱ মহন্ত, অজিৎ বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস, ভূপেন ডেকা আদি বহুতো নবীন-প্ৰবীন গীতিকাৰৰ গীতত তেখেতে সুৰ দিছে। তেখেতে পিছলৈ সুপ্ৰতিষ্ঠিত হোৱা অণিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুণ ফুকন আদি কণ্ঠশিল্পীক ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। তেখেতে কৈশোৰ অৱস্থাতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল।

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.