ব্ৰাজিল

ব্ৰাজিল Listeni/brəˈzɪl/ (পৰ্তুগীজ: Brasil, IPA: [bɾaˈziw][8]),আধিকাৰিক ভাৱে, “ফেডাৰেটিভ ৰিপাব্লিক অফ ব্ৰাজিল[9][10] (পৰ্তুগীজ: ৰিপাব্লিকা ফেডাৰেটিভা ড’ ব্ৰাজিল, ,  শ্ৰব্য ),দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যা দুয়ু দিশ ৰ পৰাই ই পৃথীৱীৰ ৫ম সৰ্ববৃহৎ দেশ, ইয়াৰ জনসংখ্যা ১৯২ মিলিয়ন।[11][12] মিলিয়ন।তাৰোপৰি ব্ৰাজিল আমেৰিকা মহাদেশদুখনৰ একমাত্ৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ পৰ্তুগীজ ভা‍ষী দেশ।[11]

পূব দিশত আটলাণ্টিক মহাসাগৰেৰে আৱৰা ব্ৰাজিলৰ ততৰেখা ৭৪৯১ কি.মি দীঘল।[11] উত্তৰে ভেনিজুৱেলা, গায়ানা, চুৰিনাম আৰু ফ্ৰেন্স গায়ানাৰ ফৰাছী উপনিবেশ, উত্তৰ পশ্চিমে কলম্বিয়া, পশ্চিমে ব'লিভিয়া আৰু পেৰু, দক্ষিণ পশ্চিমে আৰ্জেণ্টিনা আৰু পাৰাগুৱে, আৰু দক্ষিণে উৰুগুৱে অৱস্থিত। ইয়াৰ উপৰিও ফাৰ্ণাণ্ড’ডে ন’ৰ’ন্‌ হা (ইংৰাজীFernando de Noronha), ৰ’কাচ এটল (ইংৰাজীRocas Atoll), চেণ্ট পিটাৰ আৰু প’ল ৰকচ (ইংৰাজীSaint Peter and Paul Rocks), আৰু ট্ৰিয়াণ্ডে আৰু মাৰ্টিম ৱাজ (ইংৰাজীTrindade and Martim Vaz) আদি বহুতো দ্বীপপূঞ্জ ব্ৰাজিলৰ অন্তৰ্ভুক্ত।[11] ইকুৱডৰ আৰু চিলিৰ বাদে সকলো দক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে।

১৫০০ খ্ৰীষ্টাব্দত পেড্ৰ’ এলভাৰেচ কাব্ৰালে (ইংৰাজীPedro Álvares Cabral) এই ভূখণ্ডত পদাৰ্পন কৰাৰ পাছত ১৮১৫ চনলৈকে ব্ৰাজিল পৰ্তুগালৰ উপনিবেশ আছিল, তাৰ পাছত ইয়াক এখন ৰাজতন্ত্ৰলৈ উন্নীত কৰা হয় আৰু “ পৰ্তুগাল, ব্ৰাজিল, আৰু এলগ্ৰেভচ সংযুক্ত ৰাজতন্ত্ৰ (ইংৰাজীUnited Kingdom of Portugal, Brazil and the Algarves) প্ৰতিষ্ঠা হয়। ১৮০৮ চনত নাপ’লেয়ই পৰ্তুগাল অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত “পৰ্তুগীজ ঔপনিবেশিক সাম্ৰাজ্যৰ” ৰাজধানী লিচবনৰ পৰা ৰিঅ’ ডে জেনিৰ’লৈ স্থানান্তিৰত কৰাত এই ঔপনিবেশীয় জোটবন্ধন ভাগি যায়।[13] ১৮২২ চনত ব্ৰাজিল স্বাধীন হয় আৰু সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ "ব্ৰাজিল সাম্ৰাজ্য" প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ যোগে ৰাষ্ট্ৰখনত "ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ" প্ৰতিষ্ঠা হয়, যদিও ইয়াৰ দুইতৰপীয়া সংসদ ব্যৱস্থা (আজিকালিৰ কংগ্ৰেছ) ১৮২৪ চনৰ প্ৰথম সংবিধানৰ দিনৰ পৰা চলি আহিছিল।[13] ১৯৮৮ চনত প্ৰবৰ্তন কৰা বৰ্তমানৰ সংবিধানে ব্ৰাজিলক এক যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ আখ্যা দিয়ে।[14]২৬ খন প্ৰদেশ আৰু ৫৫৬৪ টা পৌৰ নিগমেৰে এই যুক্তৰাষ্ট্ৰ গঠিত কৰে।[14][15]

নমিনেল জি.ডি.পি.ৰ হিচাপত ব্ৰাজিলৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৬ষ্ঠ আৰু ক্ৰয় ক্ষমতা সাম্যৰ (ইংৰাজীPurchasing Power Parity) আধাৰত ৭ম(২০১১ চনত)।[16][17] ব্ৰাজিল পৃথিৱীৰ সকলোতকৈ ক্ষীপ্ৰ গতিৰে উন্নতি কৰা বৃহৎ অৰ্থনীতি বিলাকৰ অন্যতম। অৰ্থনৈতিক সংস্কাৰে ব্ৰাজিলক বিশ্বত এক উল্লেযোগ্য স্থানত অধীস্থিত কৰিছে।[18] ব্ৰাজিল ৰাষ্ট্ৰসংঘ, জি ২০ (ইংৰাজীG20), চি পি এল পি (ইংৰাজীCPLP), লেটিন সংঘ (ইংৰাজীLatin Union), Organization of Ibero-American States, ‘আমেৰিকীয় দেশসমুহৰ সংগঠন’ (ইংৰাজীOrganization of American States), মাৰ্কচুল (ইংৰাজীMercosul) আৰু দক্ষিণ আমেৰিকীয় জাতিসংঘ (ইংৰাজীUnion of South American Nations) আদিৰ প্ৰতিস্থাপক সদস্য হোৱাৰ লগতে, (ইংৰাজীBRIC) দেশসমুহৰো এখন।ইয়াৰ বাদেও ব্ৰাজিল পৃথিৱীৰ ১৭খন জৈৱ-বিচিত্ৰ দেশৰ এখন, ইয়াত বন্যজীৱ (Wildlife), প্ৰাকৃতিক পৰিবেশ (Natural Environments)ৰ লগতে ব্ৰাজিলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল বিলাকত অফুৰন্ত প্ৰাকৃতিক সম্পদ পোৱা যায়।[11] নিশ্চিত ভাৱে জনা ৬৭ টা বিচ্ছিন্ন উপজাতিৰে (isolated tribes) ব্ৰাজিল পৃথিৱীৰ ভিতৰত সৰ্বাধিক অসংস্পৰ্শিত লোকৰ (uncontacted peoples)বাসস্থান।[19]

ফেডাৰেটিভ ৰিপাব্লিক অফ্‌ ব্ৰাজিল
ৰিপাব্লিকা ফেডাৰেটিভা ড’ ব্ৰাজিল  (Portuguese)
Flag of ব্ৰাজিল Coat of arms of ব্ৰাজিল
নীতিবাক্য
"Ordem e Progresso"
পৰ্টূগীজ
(অসমীয়া: "শৃংখলা আৰু প্ৰগতি")
ৰাষ্ট্ৰীয় সঙ্গীত

(ব্ৰাজিলৰ জাতীয় সংগীত))
পৰ্টূগীজ
(অসমীয়া: ব্ৰাজিলৰ জাতীয় সংগীত)
ৰাষ্ট্ৰীয় মোহৰl
ৰাষ্ট্ৰীয় মোহৰ
পৰ্টূগীজ
(ইংৰাজী: "National Seal of Brazil")
National Seal of Brazil (color)
ব্ৰাজিল-ৰ অৱস্থান
ৰাজধানী(ব্ৰাচিলিয়া)
15°47′S 47°52′W / 15.783°S 47.867°W
বৃহত্তম নগৰ চাও পাওল'
ৰাষ্ট্ৰভাষা (সমূহ) পৰ্তুগীজ[1]
জনগোষ্ঠীসমূহ (2010[2]) 47.73% শ্বেতাংগ
43.13% Brown (Multiracial)
7.61% কৃষ্ণাংগ‍
1.09% এচীয়
0.43% আমেৰিকান ইণ্ডিয়ান
জাতীয়তাসূচক বিশেষণ Brazilian
চৰকাৰ Federal presidential constitutional republic
 -  ৰাষ্ট্ৰপতি Dilma Rousseff (PT)
 -  উপ-ৰাষ্ট্ৰপতি Michel Temer (PMDB)
 -  President of the Chamber of Deputies Marco Maia (PT)
 -  President of the Senate José Sarney (PMDB)
 -  President of the Supreme Federal Court Ayres Britto
Independence from United Kingdom of Portugal, Brazil and the Algarves 
 -  Declared 7 September 1822 
 -  Recognized 29 August 1825 
 -  Republic 15 November 1889 
 -  Current constitution 5 October 1988 
মাটিকালি
 -  Total ৮৫,১৪,৮৭৭ বৰ্গ কিমি (5th)
৩২,৮৭,৫৯৭ বৰ্গ মাইল 
 -  জলভাগ (%) ০.৬৫ (৫৫,৩৪৭ বৰ্গ কিমি)
জনসংখ্যা
 -  2012[4] আনুমানিক ১৯,৩৯,৪৬,৮৮৬ 
 -  ২০১০ লোকপিয়ল ১৯,০৭,৩২,৬৯৪'"`UNIQ--ref-০০০০০০০২-QINU`"' ()
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $2.294 trillion[5] (7th)
 -  জনমুৰি $11,769[5] (75th)
জিডিপি (নামমাত্ৰ) 2011 আনুমানিক
 -  মুঠ $2.493 trillion[5] (6th)
 -  জনমুৰি $12,788[5] (53rd)
জিনি সহগ? (2012) 51.9[6] 
মানৱ উন্নয়ন সূচক (2011) 0.718[7] (high) (84th)
মুদ্ৰা Real (R$) (BRL)
সময় অঞ্চল BRT (ইউটিচি−2 to −4)
 -  গ্ৰীষ্মকালীন (ডিএছটি) BRST (ইউটিচি−2 to −4)
তাৰিখ বিন্যাস dd/mm/yyyy (CE)
গাড়ী চলোৱা হয় right
ইণ্টাৰনেট টিএলডি .br
কলিং ক'ড ++55

নামৰ উৎপত্তি

ব্ৰাজিল শব্দটো ব্ৰাজিলউড নামৰ এবিধ গছৰ পৰা আহিছে, ব্ৰজিলৰ সমুদ্ৰতীৰত এই গছ উভৈনদী কৈ পোৱা যায়।.পৰ্তুগীজ ভাষাত ব্ৰাজিলউডক ‘পউ ব্ৰাচিল’ (pau-brasil) বোলা হয়, এই ব্ৰাচিল শব্দই “ অঙঠাৰ দৰে ৰঙা” বুজায়।.[20][21][22] ব্ৰাজিলউডৰ পৰা গভীৰ ৰঙা ডাই বা ৰং প্ৰস্তুত কৰিব পাৰি, গতিকে ইউৰোপীয় বস্ত্ৰ উদ্যোগত ইয়াৰ ই এক বহুমূলীয়া সামগ্ৰী ৰূপে পৰিগণিত হৈছিল। এই ব্ৰাজিলউড ব্ৰাজিলৰ প্ৰথম ব্যৱসায়িক ভাৱে উৎপাদিত সামগ্ৰী। ১৬ শ শতিকাত ব্ৰাজিলৰ থলুৱা লোকসকলে ব্যাপক পৰিমানে সমুদ্ৰতীৰবৰ্তী অঞ্চলসমূহৰ এই ব্ৰাজিলউড আহৰণ কৰি ইউৰোপীয় ব্যৱসায়ী সকলক (মূলতঃ পৰ্তুগীজসকলক, কেতিয়াবা ফৰাছী সকলকো) বিক্ৰী কৰি তাৰ বিনিময়ত নানান ইউৰোপীয় উদ্যোগজাত সামগ্ৰী ক্ৰয় কৰছিল।[23]

প্ৰাচীন পৰ্তুগীজ অভিলেখসমূহৰ মতে এই দেশৰ আধিকাৰিক নাম "পৱিত্ৰ ক্ৰুছৰ দেশ" (The land of the Holy Cross- Terra da Santa Cruz), কিন্তু ইউৰপোৰ নাৱিক সকলে সাধাৰণতে ইয়াক "ব্ৰাজিলৰ দেশ" - (ব্ৰাজিলউডৰ ব্যৱসায়ৰ বাবে) বুলিয়েই কৈছিল। এই জনপ্ৰিয় নামে কালক্ৰমত আধিকাৰিক নামক নাইকিয়া কৰি পেলালে। প্ৰাচীন নাৱিক সকলে কেতিয়াবা ব্ৰাজিলক "ভাটৌৰ দেশ" বুলিও কৈছিল।

পাৰাগুৱেৰ ৰাষ্ট্ৰীয় ভাষা “গুৱাৰানি” ত ব্ৰাজিলক পিণ্ডোৰামা বুলি কোৱা হয়। থলুৱা বাসিন্দা সকলে দিয়া এই নামৰ অৰ্থ হ’ল পাম গছেৰে আৱৰা ভূখণ্ড।

ইতিহাস

পৰ্তুগীজ উপনিবে‍শ হিচাপে

Meirelles-primeiramissa2
১৫০০ চনৰ ব্ৰাজিলৰ প্ৰথম খ্ৰীষ্টান সমাৰোহ

১৫০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত,ব্ৰাজিল নামেৰে প্ৰসিদ্ধ এই ভূখণ্ডত, Pedro Álvares Cabral ৰ অধীনস্থ পৰ্তুগীজ জাহাজৰ এটা ফ্লীট প্ৰবেশ কৰে আৰু তাৰ পাছৰ পৰাই ইয়াত এই ভূখণ্ডত পৰ্তুগাল সাম্ৰাজ্যৰ দাবী সাব্যস্ত হয়।[24] পৰ্তুগীজ সকল বিভিন্ন থলুৱা উপজাতি সমূহৰ সম্মুখীন হয়, যি সকলে গুৱাৰানি ভাষা ব্যৱহাৰ কৰিছিল আৰু নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল।[25] যদিও থলুৱা লোক সকলৰ লগত ১৫৩২ চনতে সন্ধি স্থাপন হৈছিল, আচলতে ১৫৩৪ চনৰ পৰাহে প্ৰকৃতাৰ্থত ব্ৰাজিলৰ পৰ্তুগীজ উপনিবেশ স্থাপন হয়। কাৰণ সেই বছৰতে পৰ্তুগীজ সম্ৰাট Dom João III য়ে ব্ৰাজিলক বাৰখন উত্তৰাধীকাৰী ৰাজ্যত ভাগ কৰি এক পৰিকল্পিত শাসনধাৰা আৰম্ভ কৰে। [26][27]পিছে এই শাসনধাৰাত বহু সমস্যাই দেখা দিয়ে আৰু ১৫৪৯ চনত পৰ্তুগীজ সম্ৰাটে এই ভূখ্ণ্ড শাসন কৰিবৰ বাবে এজন গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰে।[27][28]পৰ্তুগীজ সকলে মাত্ৰ কেইটামান থলুৱা উপজাতিক নিজৰ লগত লয় [29] আৰু বাকীবোৰক দাস হিচাপে ব্যৱহাৰ কৰে, এই বাকী উপজাতি বিলাক, হয় দীৰ্ঘদিনীয়া যুদ্ধ, নহয় ইউৰোপৰ পৰা অহা নতুন ৰোগ বিলাকৰ বিৰুদ্ধে যুঁজি যুঁজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়।[30][31] ১৬শ শতিকাৰ মাজভগলৈ চেনী ব্ৰাজিলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হয় [25][32] আৰু তেতিয়াই পৰ্তুগীজসকলে বৰ্ধিত আন্তৰ্জাতিক বজাৰৰ মোকাবিলা কৰিবলৈ আফ্ৰিকাৰ পৰা কুঁহিয়াৰ খেতিৰ বাবে দাস অনা আৰম্ভ কৰে। [33][34] [30][35]

ফ্ৰান্সৰ সৈতে একেৰাহে হৈ থকা যুদ্ধৰ পৰিপ্ৰক্ষিততো, পৰ্তুগীজ সকলে লাহে লাহে এই ভূখণ্ডত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰে আৰু ১৫৬৭ খ্ৰীষ্টাব্দত দক্ষিণ-পূবৰ ৰিঅ’ ডে জেনিৰ’ আৰু ১৬১৫ চনত উত্তৰ পূবৰ চাও লুইচ নিজৰ দখললৈ আনে।[36] তেঁওলোকে আমাজনৰ বৰ্ষাৰণ্যত সামৰিক অভিযান চলাই ইংৰাজ আৰু ডাচ্ছ সকলৰ শক্তিশালী অধিকাৰ থকা অঞ্চলসমুহতো নিজৰ স্থিতি সবল কৰি তোলে। [37] আৰু ১৬৬৯ চনৰ পৰা বিভিন্ন ঠাইত নিজৰ সৰু সুৰা চহৰ আৰু দুৰ্গ প্ৰতিস্থা কৰে [38] ১৬৮০ চনত তেঁওলোকে এই ভুখণ্ডৰ দক্ষিণতম সীমালৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে আৰু পূব তীৰবৰ্তী অঞ্চলত কলনিয়া ডেল চাক্ৰামাণ্টো চহৰৰ প্ৰতিস্থা কৰে।[39] ১৭ শ শতিকাৰ শেষৰ ফালে চেনীৰ ৰপ্তানি ক্ৰমাগত ভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে, [40] কিন্তু ১৬৯০ৰ আৰম্ভনিতে সোণৰ খনিৰ আৱিষ্কাৰে এই উপনিবেশক আৱশ্যম্ভাৱী ধ্বংসৰ পৰা ৰক্ষা কৰে।[41] ব্ৰাজিলৰ সকলো স্থানৰ লগতে পৰ্তুগালৰ পৰাও এই খনি বিলাকলৈ প্ৰবজন আৰম্ভ হয়। [42]

তথ্য সংগ্ৰহ

  1. "Demographics". Brazilian Government. 2011. http://www.brasil.gov.br/sobre/brazil/brazil-in-numbers/demographics। আহৰণ কৰা হৈছে: 2011-10-08. (ইংৰাজী)
  2. "Caracteristicas da População e dos Domicílios do Censo Demográfico 2010 — Cor ou raça" (PDF). http://www.ibge.gov.br/home/estatistica/populacao/censo2010/caracteristicas_da_populacao/tabelas_pdf/tab3.pdf। আহৰণ কৰা হৈছে: 2012-04-07.
  3. IBGE. Censo 2010: população do Brasil é de 190.732.694 pessoas.
  4. IBGE. 2011 Population Projection
  5. 5.0 5.1 5.2 5.3 "Brazil". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?pr.x=48&pr.y=11&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=223&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 2012-04-17.
  6. Country Comparison to the World: Gini Index – Brazil The World Factbook. Retrieved on 2012-04-03.
  7. UNDP Human Development Report 2011. "Table 1: Human development index 2011 and its components" (PDF). UNDP. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 2011-12-04.
  8. The European Portuguese pronunciation is IPA: [bɾɐˈziɫ]
  9. As on for example the national website.
  10. Mugnier, Clifford (January 2009). Grids & Datums – Federative Republic of Brazil. Archived from the original on 2009-06-21. http://web.archive.org/web/20090621192851/http://www.asprs.org/resources/grids/01-2009-brazil.pdf.
  11. 11.0 11.1 11.2 11.3 11.4 "Geography of Brazil". Central Intelligence Agency. 2008. https://www.cia.gov/library/publications/the-world-factbook/geos/br.html। আহৰণ কৰা হৈছে: 2008-06-03.
  12. "People of Brazil". Central Intelligence Agency. 2008. https://www.cia.gov/library/publications/the-world-factbook/geos/br.html। আহৰণ কৰা হৈছে: 2008-06-03.
  13. 13.0 13.1 "Introduction of Brazil". Central Intelligence Agency. 2008. https://www.cia.gov/library/publications/the-world-factbook/geos/br.html। আহৰণ কৰা হৈছে: 2008-06-03.
  14. 14.0 14.1 "Brazilian Federal Constitution" (Portuguese ভাষাত). Presidency of the Republic. 1988. http://www.planalto.gov.br/ccivil_03/Constituicao/Constituiçao.htm। আহৰণ কৰা হৈছে: 2008-06-03. "Brazilian Federal Constitution". v-brazil.com. 2007. http://www.v-brazil.com/government/laws/titleI.html। আহৰণ কৰা হৈছে: 2008-06-03. "Unofficial translate"
  15. "Territorial units of the municipality level" (Portuguese ভাষাত). Brazilian Institute of Geography and Statistics. 2008. http://www.sidra.ibge.gov.br/bda/territorio/tabunit.asp?n=6&t=2&z=t&o=4। আহৰণ কৰা হৈছে: 2008-06-03.
  16. "World Development Indicators database" (PDF file), World Bank, 7 October 2009.
  17. "CIA – The World Factbook – Country Comparisons – GDP (purchasing power parity)". Cia.gov. https://www.cia.gov/library/publications/the-world-factbook/rankorder/2001rank.html। আহৰণ কৰা হৈছে: 25 January 2011.
  18. Clendenning, Alan (2008-04-17). "Booming Brazil could be world power soon". USA Today – The Associated Press. পৃষ্ঠা 2. http://www.usatoday.com/money/economy/2008-04-17-310212789_x.htm। আহৰণ কৰা হৈছে: 2008-12-12.
  19. "Brazil sees traces of more isolated Amazon tribes", Reuters
  20. CNRTL – Centre National de Ressources Textuelles et Lexicales ফৰাছী
  21. Michaelis – Moderno Dicionário da Língua Portuguesa পৰ্টূগীজ
  22. iDicionário Aulete পৰ্টূগীজ
  23. পৰ্টূগীজ Eduardo Bueno, Brasil: uma História (São Paulo: Ática, 2003; ISBN 85-08-08213-4), p.36.
  24. Boxer, p. 98.
  25. 25.0 25.1 Boxer, p. 100.
  26. Boxer, pp. 100–101.
  27. 27.0 27.1 Skidmore, p. 27.
  28. Boxer, p. 101.
  29. Boxer, p. 108
  30. 30.0 30.1 Boxer, p. 102.
  31. Skidmore, pp. 30, 32.
  32. Skidmore, p. 36.
  33. Boxer, p. 110
  34. Skidmore, p. 34.
  35. Skidmore, pp. 32–33.
  36. Bueno, pp. 80–81.
  37. Facsimiles of multiple original documents relating about the events in Brazil in the 17th century that led to a Dutch influence and their final defeat
  38. Calmon, p. 294.
  39. Bueno, p. 86.
  40. Boxer, p. 164.
  41. Boxer, pp. 168, 170.
  42. Boxer, p. 169.

Bibliography

  • Azevedo, Aroldo. O Brasil e suas regiões. São Paulo: Companhia Editora Nacional, 1971. পৰ্টূগীজ
  • Barman, Roderick J. Citizen Emperor: Pedro II and the Making of Brazil, 1825–1891. Stanford: Stanford University Press, 1999. ISBN 0-8047-3510-7 ইংৰাজী
  • Boxer, Charles R.. O império marítimo português 1415–1825. São Paulo: Companhia das Letras, 2002. ISBN 85-359-0292-9 পৰ্টূগীজ
  • Bueno, Eduardo. Brasil: uma História. São Paulo: Ática, 2003. পৰ্টূগীজ ISBN 85-08-08213-4
  • Calmon, Pedro. História da Civilização Brasileira. Brasília: Senado Federal, 2002. পৰ্টূগীজ
  • Carvalho, José Murilo de. D. Pedro II. São Paulo: Companhia das Letras, 2007. পৰ্টূগীজ
  • Coelho, Marcos Amorim. Geografia do Brasil. 4th ed. São Paulo: Moderna, 1996. পৰ্টূগীজ
  • Diégues, Fernando. A revolução brasílica. Rio de Janeiro: Objetiva, 2004. পৰ্টূগীজ
  • Enciclopédia Barsa. Volume 4: Batráquio – Camarão, Filipe. Rio de Janeiro: Encyclopædia Britannica do Brasil, 1987. পৰ্টূগীজ
  • Fausto, Boris and Devoto, Fernando J. Brasil e Argentina: Um ensaio de história comparada (1850–2002), 2nd ed. São Paulo: Editoria 34, 2005. ISBN 8573263083 পৰ্টূগীজ
  • Gaspari, Elio. A ditadura envergonhada. São Paulo: Companhia das Letras, 2002. ISBN 85-359-0277-5 পৰ্টূগীজ
  • Janotti, Aldo. O Marquês de Paraná: inícios de uma carreira política num momento crítico da história da nacionalidade. Belo Horizonte: Itatiaia, 1990. পৰ্টূগীজ
  • Lyra, Heitor. História de Dom Pedro II (1825–1891): Ascenção (1825–1870). v.1. Belo Horizonte: Itatiaia, 1977. পৰ্টূগীজ
  • Lyra, Heitor. História de Dom Pedro II (1825–1891): Declínio (1880–1891). v.3. Belo Horizonte: Itatiaia, 1977. পৰ্টূগীজ
  • Lustosa, Isabel. D. Pedro I: um herói sem nenhum caráter. São Paulo: Companhia das letras, 2006. ISBN 85-359-0807-2 পৰ্টূগীজ
  • Moreira, Igor A. G. O Espaço Geográfico, geografia geral e do Brasil. 18. Ed. São Paulo: Ática, 1981. পৰ্টূগীজ
  • Munro, Dana Gardner. The Latin American Republics; A History. New York: D. Appleton, 1942. ইংৰাজী
  • Schwarcz, Lilia Moritz. As barbas do Imperador: D. Pedro II, um monarca nos trópicos. 2nd ed. São Paulo: Companhia das Letras, 1998. ISBN 85-7164-837-9 পৰ্টূগীজ
  • Skidmore, Thomas E. Uma História do Brasil. 4th ed. São Paulo: Paz e Terra, 2003. পৰ্টূগীজ ISBN 85-219-0313-8
  • Souza, Adriana Barreto de. Duque de Caxias: o homem por trás do monumento. Rio de Janeiro: Civilização Brasileira, 2008. পৰ্টূগীজ ISBN 978-85-200-0864-5
  • Vainfas, Ronaldo. Dicionário do Brasil Imperial. Rio de Janeiro: Objetiva, 2002. ISBN 85-7302-441-0 পৰ্টূগীজ
  • Vesentini, José William. Brasil, sociedade e espaço – Geografia do Brasil. 7th Ed. São Paulo: Ática, 1988. পৰ্টূগীজ
  • Vianna, Hélio. História do Brasil: período colonial, monarquia e república, 15th ed. São Paulo: Melhoramentos, 1994. পৰ্টূগীজ

Further reading

  • Alves, Maria Helena Moreira (1985). State and Opposition in Military Brazil. প্ৰকাশক Austin, TX: University of Texas Press.
  • Amann, Edmund (1990). The Illusion of Stability: The Brazilian Economy under Cardoso. World Development (pp. 1805–1819).
  • "Background Note: Brazil". US Department of State. http://www.state.gov/r/pa/ei/bgn/35640.htm। আহৰণ কৰা হৈছে: 2011-06-16.
  • Bellos, Alex (2003). Futebol: The Brazilian Way of Life. প্ৰকাশক London: Bloomsbury Publishing plc.
  • Bethell, Leslie (1991). Colonial Brazil. প্ৰকাশক Cambridge: CUP.
  • Costa, João Cruz (1964). A History of Ideas in Brazil. প্ৰকাশক Los Angeles, CA: University of California Press.
  • Fausto, Boris (1999). A Concise History of Brazil. প্ৰকাশক Cambridge: CUP.
  • Furtado, Celso. The Economic Growth of Brazil: A Survey from Colonial to Modern Times. প্ৰকাশক Berkeley, CA: University of California Press.
  • Leal, Victor Nunes (1977). Coronelismo: The Municipality and Representative Government in Brazil. প্ৰকাশক Cambridge: CUP.
  • Malathronas, John (2003). Brazil: Life, Blood, Soul. প্ৰকাশক Chichester: Summersdale.
  • Martinez-Lara, Javier (1995). Building Democracy in Brazil: The Politics of Constitutional Change. Macmillan.
  • Prado Júnior, Caio (1967). The Colonial Background of Modern Brazil. প্ৰকাশক Los Angeles, CA: University of California Press.
  • Schneider, Ronald (1995). Brazil: Culture and Politics in a New Economic Powerhouse. Boulder Westview.
  • Skidmore, Thomas E. (1974). Black Into White: Race and Nationality in Brazilian Thought. প্ৰকাশক Oxford: Oxford University Press.
  • Wagley, Charles (1963). An Introduction to Brazil. প্ৰকাশক New York, New York: Columbia University Press.
  • The World Almanac and Book of Facts: Brazil. প্ৰকাশক New York, NY: World Almanac Books. 2006.

বাহ্যিক সংযোগ

অমৰ্ত্য সেন

অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। ১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন জোৰা সাধনা আৰু গৱেষণাই অৰ্থনীতিৰ প্ৰচলিত ধাৰণাৰে কুঁৱলি ফালি বিশ্বৰ কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন তত্ব দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁৰ এই তত্বত পৃথিৱীৰ দৰিদ্ৰ আৰু দুৰ্ভিক্ষসকলৰ কল্যাণ উন্নয়ণৰ সুগম পথৰ সন্ধান পোৱা যায়। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ সন্মান ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁ মহলানবিশ বঁটা, দেশীকোত্তম সন্মান, জিন মায়েৰ গ্ল'বেল চিটিজেনশ্বিপ এৱাৰ্ড, এছিয়াটিক ছ'চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক, এডিনবাৰ্গ পদক, নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ, ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা, ই ৰেংক, ডিউভেলী এগনেলী ইণ্টাৰনেশ্যনেল প্ৰাইজ, আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড আদি সন্মান লাভ কৰিবলৈ সক্ষম হয়।

আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমুহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।

কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰনৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।

আমেৰিকা (মহাদেশ)

আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলান্টিক মহাসাগৰ অৱস্থিত।

এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।

জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা

জনসংখ্যা অনুসৰি মহাদেশসমূহৰ তালিকা

বিশ্বৰ প্ৰায়বোৰ দেশৰ জনসংখা এক নিৰ্দিষ্ট সাংখিক ক্ৰমত থাকে ৷চীন আৰু ভাৰত দেশতেই কিঙ প্ৰভাব্ দেখিবলৈ পোৱা নাযায় ৷

This is a list of countries by population. The list includes independent countries and inhabited dependent territories based on the ISO standard ISO 3166-1. Also given, as a percentage, is each country's population compared to the population of the world, which according to the United States Census Bureau population clock is estimated at billion.জনসংখা অনুসৰি এইখন দেশৰ তালিকা ৷ ইয়াত স্বাধীন আৰু আই এছ ও মানদন্দ (ISO 3166-1) অনুসৰি বসবাস কৰা দেশৰ তালিকা দিয়া হৈছে ৷ইয়াৰ ওপৰিও প্ৰতিখন দেশৰ জনসংখা পৃথিবীৰ মুঠ জনসংখাৰ শতকৰা হিচাবত দিয়া হৈছে ৷

According to a separate estimate by the United Nations, it exceeded 7 billion in October 2011. Areas that form integral parts of sovereign states, such as the countries of the United Kingdom, are counted as part of the sovereign states concerned. Not included are other entities, such as the European Union, that are not sovereign states, and dependent territories that do not have permanent populations, such as various countries' claims to Antarctica.n1Figures used in this chart are based on the most recent estimate or projection by the national census authority where available and usually rounded off. Where there is not updated national data, figures are based on the 2012 estimates by the Population Division of the United Nations Department of Economic and Social Affairs. Because the compiled figures are not collected at the same time in every country, or at the same level of accuracy, the resulting numerical comparisons may result in misleading conclusions. Further, the addition of all countries may not equal the world total.

For a graphical version of this list, see list of countries by population (graphical). See also list of countries and dependencies by population density and the list of regional organizations by population.

ডাক টিকট

ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰীত কাগজৰ টুকুৰা যাক ডাক সেৱাৰ মাছুল পৰিষোধ কৰাৰ প্ৰমাণ হিছাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাকটিকেট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেন্য ব্যক্তিত্ব, ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাকটিকেটৰ ব্যৱহাৰ কৰা হয়। প্ৰতি বছৰ প্ৰচুৰ পৰিমান ডাকটিকেট প্ৰকাশ পায়। বিশেষ বিশেষ দিনক স্মৰণ কৰি ৰখাৰ বাবে ডাক বিভাগসমূহে ডাকটিকিট প্ৰকাশ কৰে থাকে।

ডাকটিকেট সমূহ সাধাৰনত চাৰিকোনীয়া বা বৰ্গাকৃতিৰ হয়। কেতিয়াবা ত্ৰিকোনাকাৰ,গোলাকাৰ, তৰা আকৃতিৰ আদি বিভিন্ন আকৃতিৰ ডাকটিকেট পোৱা যায়। ডাকটিকেট সমূহ সাধাৰনত কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। কিন্তু কাঠৰ ফাইবাৰ, চিণ্ঠেটিক কাপোৰ ইত্যাদিৰ ডাকটিকেটো পোৱা যায়।

দক্ষিণ আমেৰিকা

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি।

উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।

দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা

২০১২ চনলৈকে, সৰ্বমুঠ ৯৬২ খন এই বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহ ১৫৭ খন দেশব্যপী ("state parties") আছে। এই ৯৬২ খন ক্ষেত্ৰৰ ভিতৰত , ৭৪৫ খন "সাংষ্কৃতিক", ১৮৮ খন "প্ৰাকৃতিক" বাকী ২৯ খন মিশ্ৰ সম্পদ। দেশসমূহ বিশ্ব ঐতিহ্য কমিটিয়ে ৫ ভৌগোলিক এলেকাত বিভক্ত কৰিছে: আফ্ৰিকা, আৰৱ, এছিয়া-পেছিফিক, ইউৰোপ আৰু উত্তৰ আমেৰিকা, আৰু লেটিন আমেৰিকা আৰু কেৰিবিয়ান।

দ্বিতীয় বিশ্বযুদ্ধ

দ্বিতীয় বিশ্বযুদ্ধ (ইংৰাজী: World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য’ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। ‘হ’ল’কাষ্ট’ (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা) কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক’ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল।

যদিও জাপানৰ সম্ৰাট ইতিমধ্যেই ১৯৩৭ চনত চীন গণৰাজ্যৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, তথাপি ১৯৩৯ চনত ১ ছেপ্টেম্বৰত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰু তাৰ ফলশ্ৰুতিত, ফ্ৰান্সৰ লগতে ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডলৰ (commonwealth) দেশ সমূহে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰাকে, আধিকাৰিক ভাৱে ২য় বিশ্বযুদ্ধৰ আৰম্ভনি বুলি ধৰা হয়। জাৰ্মানীয়ে ইউৰোপত এখন বিশাল সাম্ৰাজ্য গঢ়ি তোলাৰ ইচ্ছা কৰিছিল। ১৯৩৯ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত, এলানি অভিযান আৰু সন্ধিৰ মাজেৰে জাৰ্মানীয়ে ইউৰোপ মহাদেশৰ বহুলাংশই জয় বা বশ কৰি পেলাইছিল; নাৎসী – ছোভিয়েট সন্ধি মৰ্মে, সাধৰণতে নিৰপেক্ষ হৈ থকা ছোভিয়েট ইউনিয়নেও, তেঁওলোকৰ পোলেণ্ডকে ধৰি ৬ খন চুবুৰিয়া দেশ পূৰ্ণ বা আংশিক ৰূপে অধিগ্ৰহণ কৰিছিল। ইংলেণ্ড আৰু ৰাষ্ট্ৰমণ্ডলেই এই সময়চোৱাত অকলশৰীয়াকৈ, জাৰ্মানীয়ে নেতৃত্ব দিয়া অক্ষশক্তিৰ বিৰুদ্ধে যুঁজ দি আছিল (উদাহৰণ স্বৰূপে ‘উত্তৰ আফ্ৰিকাৰ যুদ্ধ সমূহ’ আৰু বহুদিন ধৰি চলা ‘আটলাণ্টিক যুদ্ধ’)। ১৯৪১ চনৰ জুন মাহত, ইউৰোপীয় অক্ষশক্তিয়ে ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰে, যাৰ ফলস্বৰূপে সমৰ ইতিহাসৰ সৰ্ববৃহৎ সেনাযুদ্ধৰ আৰম্ভনি হয়, যি অক্ষশক্তিৰ মূল সামৰিক অংগ বিলাকক ব্যস্ত কৰি পেলায়। ১৯৪১ চনৰ ডিচেম্বৰ মাহত সমগ্ৰ পূব এছিয়া আৰু ইণ্ডো-চীনক শাসন কৰিব বিচৰা জাপানৰ সম্ৰাটেও অক্ষশক্তিত যোগদান কৰে আৰু লগে আমেৰিকাৰ লগতে প্ৰশান্ত মহাসাগৰত থকা ইউৰোপীয় উপনিবেশ বিলাক আক্ৰমণ কৰে। সোনকালেই জাপানে পশ্চিম প্ৰশান্ত মহাসাগীৰয় অঞ্চলৰ বহুলাংশ জয় কৰিবলৈ সক্ষম হয়।

১৯৪২ চনত কেইবাখনো নৌ-যুদ্ধত জাপান পৰাস্ত হোৱা, উত্তৰ আফ্ৰিকাৰ যুদ্ধ সমুহত পৰাজয় আৰু ষ্টেলিনগ্ৰেডৰ যুদ্ধত অক্ষশক্তিৰ শোচনীয় পৰাজয় ইত্যাদি ঘটনাক্ৰমে এই অগ্ৰগতি ৰোধ কৰে। ১৯৪৩ চনত পূব ইউৰোপৰ কেইবাখনো যুদ্ধত জাৰ্মানীৰ পৰাজয়, মিত্ৰশক্তিৰ ফেচিষ্ট ইটালী আক্ৰমণ, প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত আমেৰিকাৰ বিজয়, ইত্যাদি পৰিঘটনাই অক্ষশক্তিক পিছ হুহুকিবলৈ বাধ্য কৰে। ১৯৪৪ চনত পশ্চিমীয়া মিত্ৰশক্তিয়ে ফ্ৰান্স আক্ৰমণ কৰে, ছোভিয়েট ইউনিয়নে ইয়াৰ হেৰোৱা অংশসমূহ উদ্ধাৰ কৰাৰ লগতে জাৰ্মানী আৰু জাৰ্মানীৰ মিত্ৰদেশসমুহ জয় কৰে। কৰে। ১৯৪৫ চনৰ ৮ মে’ত ছোভিয়েট ইউনিয়ন আৰু পোলেণ্ডৰ সেনাই বাৰ্লিন আধিকাৰ কৰি জাৰ্মানীক নিচৰ্ত ভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱাৰ লগে লগে ইউৰোপত এই যুদ্ধৰ সামৰণি পৰে। ১৯৪৪ ৰ পৰা ১৯৪৫ চনৰ ভিতৰত আমেৰিকাই জাপানৰ নৌসেনাক পৰাস্ত কৰি পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামৰিক গুৰু্ত্ব থকা স্থান সমূহ পুণৰ অধিকাৰ কৰে; জাপানত পাৰমাণৱিক বোমা পেলোৱাৰ লগে লগে জাপানৰ পৰাজয় আসন্ন হৈ পৰে। ১৯৪৫ চনৰ ১৫ আগষ্টত জাপানৰ সম্ৰাটে আত্মসমৰ্পণ কৰিবলৈ মান্তি হোৱাৰ লগে লগে এছিয়া মহাদেশতো যুদ্ধৰ সামৰণি পৰে।

১৯৪৫ চনত অক্ষশক্তিৰ ওপৰত মিত্ৰশক্তিৰ সম্পূৰ্ণ বিজয়েৰে এই যুঁজৰ সামৰণি পৰে। দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীৰ ৰাজনৈতিক সমীকৰণৰ লগতে সামাজিক পৰিগঠনো সলনি কৰি পেলায়। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি আৰু ভৱিষ্যতৰ এনে বিবাদ সমাধান কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘৰ জন্মহয়। এই যুদ্ধত জয়ী হোৱা সামৰিক মহাশক্তি আমেৰিকা, ছোভিয়েট ইউনিয়ন, চীন, ইংলেণ্ড আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য মনোনীত হয়। আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন প্ৰতিদ্বন্দী মহাশক্তি ৰূপে পৰিগণিত হয়, আৰু ইয়েই পৰৱৰ্তী ৪৬ বছৰ ধৰি চলি থকা “শীতল যুদ্ধ”ৰ জন্ম দিয়ে। ইতিমধ্যে আফ্ৰিকা আৰু এছিয়াত ঔপনিবেশবাদৰ ওৰ পৰাৰ লগে লগে ইউৰোপীয় মহাশক্তি বিলাকৰ প্ৰভুত্ব কমি আহে। যুদ্ধত যিবিলাক দেশৰ ঔদ্যোগবিলাক ধ্বংসপ্ৰাপ্ত হৈছিল, সেই দেশবিলাকে অৰ্থনৈতিক পূণৰোত্থানত গুৰুত্ব আৰোপ কৰে। যুদ্ধৰোত্তৰ পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সুদৃঢ় কৰাৰ অৰ্থে ইউৰোপত ৰাজনৈতিক জোঁটবন্ধনৰ প্ৰচেষ্টা আৰম্ভ হয়।

পেলে

এড্‌ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (Edson Arantes do Nascimento) (Brazilian Portuguese: [ˈɛtsõ (w)ɐˈɾɐ̃tʃiz du nɐsiˈmẽtu]), বা Pelé (Brazilian Portuguese: [pe̞ˈlɛ], জন্মৰ প্ৰমাণপত্ৰত নামটো "এডিছন" বুলি দিয়া হৈছিল, জন্ম ২১ অক্টোবৰ ১৯৪০- কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল), এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে। ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ (World Player of the Century) উপাধি প্ৰদান কৰে। একে বছৰতে প্ৰভাৱশালী France Football আলোচনীয়ে পূৰ্বৰ বেলন ডিঅ'ৰ বিজয়ীসকলক শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বাছনি কৰিবলৈ অনুৰোধ কৰে। পেলে‌ই ইয়াত প্ৰথম স্থান দখল কৰে। ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পেলেক "শতিকাৰ এথলীট" আখ্যা দিয়ে আৰু তেওঁ টাইম (আলোচনী)ৰ বিংশ শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো স্থান পায়।২০১৩ চনত তেওঁ কেৰিয়াৰ আৰু সফলতাৰ বাবে ফিফা বেলন ডিঅ'ৰ সন্মান লাভ কৰে।IFFHS-ৰ মতে ৫৪১টা লীগ গ'লেৰে পেলে বিশ্বৰ সকলোতকৈ সফল লীগ গ'ল স্ক'ৰাৰ। পেলে‌ই মুঠ ১৩৬৩ খন খেলত ১২৮১টা গ'ল কৰিছিল যাৰ বাবে গিনিজ বিশ্ব ৰেকৰ্ডৰ তৰফৰ পৰা ফুটবলৰ সৰ্বোচ্চ কেৰিয়াৰ গ'ল দিওঁতা হিচাপে তেওঁক সন্মান জনোৱা হয়। খেলুৱৈ কালত কিছু সময়ৰ বাবে পেলে পৃথিৱীৰ সৰ্বাধিক প্ৰাৰিশ্ৰমিক লাভ কৰা এথলীত আছিল। ফুটবলত লাভ কৰা সফলতাৰ বাবে আৰু দুখীয়াৰ সামাজিক অৱস্থা উন্নত কৰিবলৈ তেওঁৰ সমৰ্থনৰ বাবে ব্ৰাজিলত তেওঁক ৰাষ্ট্ৰীয় নায়কৰূপে গণ্য কৰা হয়। ১৯৬১ চনত ৰাষ্ট্ৰপতি জেনিঅ' কোৱাড্ৰ'ছে পেলেক "ৰাষ্ট্ৰীয় সম্পদ" বুলি ঘোষণা কৰিছিল।কেৰিয়াৰৰ সময়ছোৱাত পেলে "ক'লা মুকুতা" (The Black Pearl/Pérola Negra), "ফুটবলৰ ৰজা" (The King of Football/O Rei do Futebol), "ৰজা পেলে" (The King Pelé/O Rei Pelé) বা "ৰজা" (O Rei) নামেৰে প্ৰসিদ্ধ আছিল।পেলে‌ই ছেণ্ট'ছ ক্লাবৰ হৈ ১৫ বছৰ আৰু ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ১৬ বছৰ বয়সত খেলা আৰম্ভ কৰে। তেওঁ ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত তিনিটা ফিফা বিশ্বকাপ লাভ কৰিছিল। এনে সফলতা পোৱা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ। জাতীয় দলৰ তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ'লস্ক'ৰাৰো। ছেণ্ট'ছ দলৰ হৈও তেওঁ অভিলেখ সংখ্যক গ'ল দিছিল আৰু ১৯৬২ আৰু ১৯৬৩ দলটোৱে ক'পা লিবাৰ্টাড'ৰ্ছ খিতাপ দখলত সহায় কৰিছিল। পেলেৰ তড়িৎ গতিৰ খেল আৰু দৃষ্টিনন্দন গ'লে তেওঁক পৃথিৱীৰ সকলো ঠাইতে তাৰকা কৰি তুলিছিল। তেওঁৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ছেণ্ট'ছ দলে প্ৰায়েই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰি বিভিন্ন খেলত অংশ লৈছিল।১৯৭৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত পেলেই বিশ্বজুৰি ফুটবলৰ ৰাজ-দূত (ambassador) হিচাপে কাম কৰিছে আৰু বিভিন্ন অভিনয় আৰু বাণিজ্যিক কামত হাত দিছে। ২০১০ চনত তেওঁক নিউ য়ৰ্ক ক'ছম'ছ দলৰ সন্মানীয় সভাপতি নিৰ্বাচিত কৰা হয়।

ফিফা বিশ্বকাপ

ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈ আহিছে, ১৯৪২ আৰু ১৯৪৬ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা হোৱা নাছিল। বৰ্তমান এই বিশ্বকাপৰ চেম্পিয়ন দল স্পেইন, স্পেইনে ২০১০ চনৰ বিশ্বকাপ দখল কৰিছিল।

বৰ্তমানৰ নিয়ম অনুসৰি বিশ্বকাপৰ মূল পৰ্ব (World Cup Finals)ত ৩২ টা দলে আয়োজক দেশৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত অৱতীৰ্ন হয়। এই প্ৰতিযোগিতা প্ৰায় এমাহ জুৰি চলে। বিশ্বকাপৰ মূল পৰ্বৰ পূৰ্বে প্ৰায় তিনি বছৰ জুৰি চলা প্ৰাৰম্ভিক পৰ্বৰ প্ৰতিযোগিতাৰ পৰা এই ৩২টা দলক নিৰ্বাচন কৰা হয়, এই দল সমূহৰ ভিতৰত আয়োজক দেশ(সমূহ)ও থাকে।

এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ১৯খন বিশ্বকাপৰ খিতাপ মুঠ আঠখন দেশে অৰ্জন কৰিছে। ব্ৰাজিলে মুঠ পাঁচবাৰ এই খিতাপ দখল কৰিছে, আনহাতেদি ইটালীয়ে চাৰিবাৰ, জাৰ্মানীয়ে তিনিবাৰ, আৰ্জেন্টিনা আৰু প্ৰথম বিশ্বকাপ বিজয়ী উৰুগুৱেই মুঠ দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে। তাৰোপৰি ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইনে এবাৰকৈ বিশ্বকাপ দখল কৰিছে।

বিশ্বকাপ হৈছে বিশ্বজুৰি সকলোতকৈ বেছি দৰ্শকক আকৰ্ষণ কৰা ক্ৰীড়া সমাৰোহ, ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপৰ দৰ্শকৰ সংখ্যা আছিল প্ৰায় ৭১৫.১ নিযুত।অহা তিনিখন বিশ্বকাপ ক্ৰমে ব্ৰাজিল (২০১৪ চন), ৰাছিয়া (২০১৮ চন) আৰু কাটাৰে (২০২২) আয়োজন কৰিব।

ফিফা বিশ্বকাপ শুভংকৰ

১৯৬৬ চনৰ পৰা আয়োজিত হোৱা প্ৰত্যেকখন বিশ্বকাপতে শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হৈ আহিছে। ১৯৬৬ চনৰ বিশ্বকাপৰ ৱৰ্ল্ড কাপ ৱিল্লী (World Cup Willie) নামৰ শুভংকৰটো আছিল ফুটবল বিশ্বকাপৰ প্ৰথম শুভংকৰ, লগতে যিকোনো ডাঙৰ ক্ৰীড়া সমাৰোহৰো প্ৰথম শুভংকৰ। এই শুভংকৰটোত আয়োজক দেশৰ বেশভুষা, জৈৱবৈচিত্ৰ আদি প্ৰতিফলিত হৈছিল।

শুভংকৰ সমূহ সাধাৰণতে কোনো জীৱ-জন্তু মানুহৰ দৰে ৰূপ দি সজা হয়, ইয়াক শিশু সকলৰ আকৰ্ষণ কৰিব পৰাকৈ সাজি উলিওৱা হয়। বিশ্বকাপৰ সময়ত বজাৰত ঊপলব্ধ বিভিন্ন সা-সামগ্ৰীত ইয়াক ব্যৱহাৰ কৰা দেখা যায়।

ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহ

আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান সময়ৰ প্ৰয়োজন হৈছিল। উদাহৰণ স্বৰূপে প্ৰথম বিশ্বকাপ উৰুগুৱেত অনুষ্ঠিত কৰা বাবে মাত্ৰ চাৰিখন ইউৰোপীয় দেশেহে তাত অংশ লৈছিলগৈ। তাৰ পৰৱৰ্তী দুয়োখন বিশ্বকাপ ইউৰোপত অনুষ্ঠিত কৰা হৈছিল। তৃতীয় বিশ্বকাপ ফ্ৰান্সত অনুষ্ঠিত কৰা বাবে দক্ষিণ আমেৰিকাৰ বহুতো দেশে অসন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ তেঁওলোকে অনুমান কৰি লৈছিল যে তেঁওলোক আৰু ইউৰোপৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন স্থান নিৰ্বাচন কৰা হব। আৰ্জেণ্টিনা আৰু উৰুগুৱে দুয়োখন দেশেই ১৯৩৮ চনৰ বিশ্বকাপ বৰ্জন কৰিছিল।দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এই বিতৰ্ক আৰু বৰ্জন বিলাক পৰিহাৰ কৰি চলিবলৈ ফিফাই ইউৰোপ আৰু আমেৰিকা মহাদেশ দুখন ৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন কৰাৰ সিদ্ধান্ত লয়, আৰু ২০০২ চনলৈকে এই ব্যৱস্থা বলবৎ থাকে। আজিকালি আয়োজক দেশ নিৰ্বাচনৰ কামটো ফিফাৰ কাৰ্যকৰী সমিতিত “ সম্পূৰ্ণ বেলট” (exhaustive ballot) ব্যৱস্থাৰ ভোট দানেৰে নিৰ্ণয় কৰা হয়। চূড়ান্ত সিদ্ধান্ত মূল প্ৰতিযোগিতাৰ প্ৰায় সাতবছৰ মান আগতহে লোৱা হয়, যদিও ২০২২ আৰু ২০১৮ চনৰ বাবে একেলগে আয়োজক দেশ নিৰ্বাচিত কৰা হ’ল।

কেৱল মেক্সিক’ ইটালী, ফ্ৰান্স আৰু জাৰ্মানীয়েহে দুবাৰকৈ বিশ্বকাপ অনুষ্ঠিত কৰাৰ গৌৰৱ প্ৰাপ্ত কৰিছে। আৰু ২০১৪ চনত ব্ৰাজিল এই গৌৰৱৰ অংশীদাৰ হব।মেক্সিক’ চিটিৰ এজটেক ষ্টেডিয়াম (Aztec Stadium) একমাত্ৰ স্থান য’ত দুখনকৈ ফিফা বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হৈছে। ৰিঅ’ ডি’ জেনিৰ’ৰ মাৰাকানা ষ্টেডিয়াম (Maracanã Stadium) ২০১৪ চনত এই অভিলেখৰ অধিকাৰী হব, ইয়াত ইতিমধ্যে ১৯৫০ চনৰ বিশ্বকাপ ফাইনেল খেল হৈ গৈছে(যদিও এক অন্যধৰণৰ বিন্যাস ব্যৱহাৰ কৰা বাবে ১৯৫০ চনত ফাইনেল বুলি এখন খেল হোৱা নাছিল)

ফিফা ১০০

ফিফা ১০০ (FIFA 100) বিশ্ববিখ্যাত ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ পেলেৰ পছন্দৰ "মহান জীৱিত ফুটবলাৰ"ৰ তালিকা। ফুটবলৰ আন্তৰ্জাতিক সংস্থা ফিফাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ২০০৪ চনৰ ৪ মাৰ্চত লণ্ডনৰ এক অনুষ্ঠানত এই তালিকা মুকলি কৰা হয়।

১০০ সংখ্যাটোৱে ফিফাৰ ১০০তম বছৰহে বুজাইছে, তালিকাভুক্ত খেলুৱৈৰ সংখ্যা নহয়। তালিকাখনত ১২৫ জন খেলুৱৈৰ নাম আছে। পেলেক ৫০ জন সক্ৰিয় আৰু ৫০ জন অৱসৰপ্ৰাপ্ত খেলুৱৈৰ নাম বাছনি কৰিবলৈ অনুৰোধ কৰা হৈছিল, কিন্তু পেলেই প্ৰাক্তন খেলুৱৈৰ সংখ্যা মাত্ৰ ৫০ জনত সীমিত কৰাত অসুবিধা পায়। তালিকাখনত ১২৩ জন পেছাদাৰী পুৰুষ আৰু ২ গৰাকী মহিলা খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ফিফা ১০০ মুকলি কৰাৰ সময়ত ইয়াৰে ৫০ জন খেলুৱৈ সক্ৰিয় হৈ আছিল আৰু বাকী ৭৫ জনে ইতিমধ্যে অৱসৰ লৈছিল।

ফিফাত দেশসমূহৰ সংকেতৰ তালিকা

ফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে| These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent areas, in official competitions. The FIFA designations are also sometimes used outside of association football in other sports[উদ্ধৃতিৰ প্ৰয়োজন], e.g. snooker.

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ

বিশ্ব পৰম্পৰাগত ক্ৰীড়া সমাৰোহ (ইংৰাজী: World Indigenous Games) হৈছে বিশ্বৰ বিভিন্ন পৰম্পৰাগত খেলৰ এক প্ৰতিযোগিতা তথা প্ৰদৰ্শনীমূলক সমাৰোহ। এই সমাৰোহত বিভিন্ন অঞ্চলৰ স্থানীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ২০১৫ চনৰ অক্টোবৰ মাহত ক্ৰীড়া সমাৰোহখন প্ৰথমবাৰৰ বাবে নদিনীয়া কাৰ্যসূচীৰে ব্ৰাজিলৰ পালমাছত অনুষ্ঠিত হয়। ১৯৯৬ চনৰ পৰা ব্ৰাজিলিয়ান স্বেচ্ছাসেৱক সংস্থা ইণ্টাৰ ট্ৰাইবেল কাউঞ্চিলে এনে ক্ৰীড়া সমাৰোহৰ তদাৰক কৰি আহিছে।প্ৰথমটো সমাৰোহৰ সমাপ্তিৰ পিছত পৰম্পৰাগত ক্ৰীড়া অনিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত কৰা হ’ব বুলি আশা কৰা হৈছে।

মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা

এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেক্স (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সাম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।

সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকা

This is a list of sovereign states giving an overview of states around the world with information on the status and recognition of their sovereignty.

The list contains 206 entries. The states are divided using two distinct methods:

The membership within the United Nations system column divides the states into two categories: 193 member states and one observer state in the United Nations, and 12 other states.

The sovereignty disputes column divides the states into two categories: 16 states whose sovereignty is disputed and 190 other statesCompiling a list such as this can be a difficult and controversial process, as there is no definition that is binding on all the members of the community of nations concerning the criteria for statehood. For more information on the criteria used to determine the contents of this list, please see the criteria for inclusion section below.

ৰ'নাল্ড'

ৰ'নাল্ড' লুই নাজাৰিঅ' ডি লিমা (locally: [ʁoˈnawðu ˈlwiʒ nɐˈzaɾju dʒ ˈɫĩmɐ]; জন্ম ১৮ ছেপ্টেম্বৰ ১৯৭৬) বা ৰ'নাল্ড' এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। "The phenomenon" বুলিও জনাজাত ৰ'নাল্ড'ক সমালোচক আৰু অনুৰাগীয়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ বুলি গণ্য কৰা হয়। ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তিনিবাৰকৈ লাভ কৰা মাত্ৰ তিনিজন খেলুৱৈৰ ভিতৰত তেৱোঁ এজন (আন দুজন জিনেদাইন জিদান আৰু লিয়'নেল মেছি। তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ বঁটা ১৯৯৭ চনত লাভ কৰাৰ পিছত পুনৰ ২০০২ চনত ইয়াৰ অধিকাৰী হয়।

তেওঁ বহু লোকে যোৱা ত্ৰিশ বছৰৰ সকলোতকৈ সম্পূৰ্ণ ষ্ট্ৰাইকাৰ বুলি গণ্য কৰে। ২০০৭ চনত ফ্ৰান্স ফুটবলে প্ৰকাশ কৰা সৰ্বকালৰ একাদশত তালিকাত তেওঁ স্থান লাভ কৰিছিল। পেলেই সংকলন কৰা মহানতম খেলুৱৈৰ তালিকা FIFA 100-তো ৰ'নাল্ড'ৱে স্থান পাইছিল। ২০১০ চনত Goal.com ৱেবছাইটে কৰা এটা অনলাইন সমীক্ষাত ৪৩.৬৩% ভোটেৰে তেওঁ "দশকটোৰ শ্ৰেষ্ঠ খেলুৱৈ"ৰ সন্মান লাভ কৰে আৰু "দশকটোৰ দল"তো চেণ্টাৰ ফৰৱাৰ্ডৰূপে স্থান লাভ কৰে। ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰ'নাল্ড'ই ২০১১ চনৰ চিজনৰ পিছত অৱসৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে আৰু একে সময়তে তেওঁ কৰিন্থিয়েন্সৰ লগত দুবছৰীয়া চুক্তি এখনো স্বাক্ষৰ কৰে।ব্ৰাজিলৰ হৈ ৯৮ খন খেলত ৬২ টা গ'লেৰে ৰ'নাল্ড' ৰাষ্ট্ৰীয় দলৰ দ্বিতীয় সৰ্বোচ্চ গ'লস্ক'ৰাৰ। ১৯৯৪ চনত বিশ্বকাপ দখল কৰা ব্ৰাজিল দলত ১৭ বছৰীয়া ৰ'নাল্ড'ও আছিল। ১৯৯৮ চনৰ বিশ্বকাপত তেওঁ ব্ৰাজিলক ফাইনলেত উপনীত হোৱাত সহায় কৰে আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সোণালী বল লাভ কৰে। ২০০২ চনত তেওঁ দ্বিতীয়টো বিশ্বকাপ দখল কৰে আৰু সৰ্বোচ্চ গ'লস্ক'ৰাৰ হিচাপে সোণালী বুট বঁটা লাভ কৰে। ২০০৬ চনত বিশ্বকাপত ৰ'নাল্ড'ই তেওঁৰ ১৫ নং গ'লটোৰে গাৰ্ড মুলাৰৰ ১৪টা গ'লক অতিক্ৰমি বিশ্বকাপ ইতিহাসৰ সৰ্বোচ্চ গ'লস্ক'ৰাৰ হৈ পৰে।

খেলুৱৈ জীৱনত কেইবাবাৰো গুৰুতৰ আঘাত পোৱা ৰ'নাল্ড'ই ২০১১ চনৰ ১৪ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে। বিষ আৰু হাইপ'থাইৰ'ডিজমকে তেওঁ অৱসৰ গ্ৰহণৰ কাৰণ হিচাপে আঙুলিয়াই দিয়ে। ২০১৩ জনৰ জানুৱাৰীত তেওঁক ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বাবে বাছনি কৰা ছজন ৰাজ-দূতৰ মাজত অন্তৰ্ভুক্ত কৰা হয় (আনকেইজন আমাৰিল্ড', বেবেট', কাৰ্ল'ছ এলবাৰ্ট' ট'ৰেছ, মাৰ্টা আৰু মাৰিঅ' জাগাল')।

ৰক্তমল্লিকা

ৰক্তমল্লিকা (বৈজ্ঞানিক নাম: Gomphrena globosa), সাধাৰণ নাম গ্লব অমৰনাথ (globe amaranth), মখমলি (makhmali), আৰু বেদমালি (vadamalli), অমৰনাথেচি পৰিয়ালৰ অন্তৰ্গত এবিধ খাদ্য উপযোগী ফুল আৰু উদ্ভিদ। গোলাকাৰ ফুলপাহ মাৰ্জেণ্টা, বেঙুনীয়া, ৰঙা, কমলা, বগা, গুলপীয়া আদি ভিন্ন বৰণৰ হোৱা দেখা যায়।ৰক্তমল্লিকা ব্ৰাজিল, পানামা আৰু গোৱাটিমালাকে ধৰি মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ আছিল, কিন্তু বৰ্তমান বিশ্বজুৰি ইয়াৰ খেতি কৰা হয়। নাতিশিতোষ্ণ বাৰ্ষিক ফুল হিচাপে ৰক্তমল্লিকা গোটেই গীষ্মকালৰ পৰা প্ৰাক বৰ্ষাকাললৈকে একেৰাহে ফুলে। ই অতিমাত্ৰাৰ উত্তাপো সহ্য কৰিব পাৰে আৰু ৰদঘাই তথা আৰ্দ্ৰ অঞ্চলত ভালকৈ বাঢ়ে। ৰক্তমল্লিকাই C4 স্থিতিকৰণ কৰিব পাৰে। পূৰ্ণাংগ অৱস্থাত ফুলবোৰ ৪ চেমি. পৰ্যন্ত দীঘল আৰু উদ্ভিদজোপা ২৪ ইঞ্চিলৈকে ওখ হয়।ৰক্তমল্লিকা এবিধ বহিঃজননক্ষম উদ্ভিদ, সাধাৰণতে পখিলা, মৌমাখি আৰু অন্যান্য পতংগৰ দ্বাৰা ইয়াৰ পৰাগন হয়। সফল প্ৰজননৰ ক্ষেত্ৰত ইয়াৰ ফুলৰ ভিন্নতাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে, কিয়নো ফুলৰ আকৰ্ষণিয় ৰঙেহে ভিন্ন প্ৰজাতিৰ পতংগত পৰাগ-সংযোগৰ বাবে আকৰ্ষণ কৰিব পাৰে। যিবোৰ ফুলে পৰাগনৰ বাবে জৈৱিক বাহক ব্যৱহাৰ কৰে, সিহঁতৰ পৰাগ সংযোগকাৰী বোৰক আকৰ্ষণৰ বাবে মধু গ্ৰন্থি থাকে। ফুলে গন্ধ আৰু ৰঙৰ দ্বাৰাও পৰাগ সংযোগকাৰীক আকৰ্ষণ কৰে। ৰক্তমল্লিকাৰ যি অংশক ফুল বোলা হয় সেই অংশ ফুল নহয়, প্ৰকৃততে সেয়া মঞ্জৰীপত্ৰ বা উদ্ভিদবিদ্যাৰ ভাষাত হৈছে ৰূপান্তৰিত পত্ৰ। উদ্ভিদৰ এই ৰূপান্তৰিত পত্ৰই কীট পতংগক আকৰ্ষণৰ কৰে। ইয়াৰ চাৰিওকাষে যি সৰু সৰু ফুল দেখা যায়, সেইবোৰহে প্ৰকৃত ফুল।

 
Gnome-globe.svg ভৌগোলিক অৱস্থান

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.