ব্ৰঞ্জ যুগ

ব্ৰঞ্জ যুগ (ইংৰাজীBronze Age) হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।

ব্ৰঞ্জ যুগত তামৰ আকৰৰ পৰা তাম আহৰণ কৰি ইয়াক টিন, আৰ্ছেনিক বা অন্য ধাতুৰ সৈতে মিহলাই মিশ্ৰ ধাতু যেনে ব্ৰঞ্জ তৈয়াৰ কৰা হৈছিল। ব্ৰঞ্জৰ উৎপাদন কৰা ঠাই আৰু আন ঠাইৰ মাজত ধাতুবিধৰ আদান-প্ৰদান কৰা চলিছিল। তাম-টিনৰ আকৰ সহজতে পোৱা নগৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দত আমদানি নোহোৱালৈকে পশ্চিম এচিয়াত এই আকৰসমূহ নাছিল। সেয়ে বিশ্বৰ প্ৰায়ভাগ ঠাইতে নৱ্য প্ৰস্তৰ যুগৰ (ইংৰাজীNeolithic) পিছতে ব্ৰঞ্জ যুগৰ আৰম্ভণি হোৱাৰ বিপৰীতে কোনো কোনো অঞ্চলত তাম্ৰ যুগে সেই ঠাই লৈছিল। কিছু ঠাইত আনকি নৱ্য প্ৰস্তৰ যুগৰ পিছতে লৌহ যুগৰ আৰম্ভণি ঘটিছিল।[1]

Metallurgical diffusion
ইউৰোপ আৰু এচিয়াত ধাতুবিদ্যাৰ বিস্তাৰ (গাঢ় ৰঙৰ অংশ আটাইতকৈ পুৰণি)
ব্ৰঞ্জ যুগ
↑ নৱ প্ৰস্তৰ যুগ

প্ৰাচ্য (৩৩০০–১২০০ খ্ৰী:পূ:)

এনাটলিয়া, ক'কেচাছ, ইলাম, ইজিপ্ট, লেভাণ্ট, মেচ'পটেমিয়া, চিষ্টান
ব্ৰঞ্জ যুগৰ সামৰণি

দক্ষিণ এচিয়া (৩০০০–১২০০ খ্ৰী:পূ:)

হেঙুল-হাইতাল মৃৎশিল্প
সমাধি এইচ

ইউৰোপ (৩২০০–৬০০ খ্ৰী:পূ:)

এজিয়ান, ক'কেচাছ, ফোঁপোলা সমাধিৰ সংস্কৃতি
আটলাণ্টিক, ব্ৰিটেইন, নৰ্ডিক

চীন (২০০০–৭০০ খ্ৰী:পূ:)

এৰ্লিটাও, এৰ্লিগেং

আৰ্চেনিকেল ব্ৰঞ্জ

তৰোৱাল, ৰথ

লৌহ যুগ

ইতিহাস

ব্ৰঞ্জ যুগৰ গোটেই কালছোৱাৰ বৈশিষ্ট্য হৈছে বিশ্বৰ বিভিন্ন অঞ্চলত ব্ৰঞ্জৰ ব্যৱহাৰ। অৱশ্যে সকলো ঠাইতে ধাতুবিধৰ ব্যৱহাৰ আৰু প্ৰযুক্তিৰ সূচনা একে সময়তে হোৱা নাছিল।[2] সেই সময়ত ধাতুৰ বহুল ব্যৱহাৰৰ লগতে বাণিজ্যই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল।

প্ৰাচ্য (Near East)

প্ৰাচীন কালৰ প্ৰাচ্যত খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত সুমেৰীয় সভ্যতা আৰম্ভ হোৱাৰে পৰা ব্ৰঞ্জ যুগৰ আৰম্ভণি ঘটে। সেই সময়ত সম্প্ৰসাৰিত কৃষিকাৰ্য, এক লেখন পদ্ধতিৰ বিকাশ, কুমাৰৰ চাকৰ আৱিষ্কাৰ, এক কেন্দ্ৰীয় চৰকাৰৰ সৃষ্টি, আইন আৰু ৰাজ্যৰ গঠন হৈছিল। ইয়াৰ লগতে সামাজিক সন্তুষ্টি, দাস প্ৰথা আৰু সুসংহত সমৰকলাৰ সূচনা হৈছিল। সেই সময়ৰ সমাজখনে জ্যোতিৰ্বিজ্ঞান আৰু গণিতৰ প্ৰাথমিক ভেঁটিটোক গঢ় দিছিল।

মেচ’পটেমিয়াত প্ৰায় ২৯০০ খ্ৰী:পূ:ত ব্ৰঞ্জ যুগৰ আৰম্ভণি হৈছিল। ব্ৰঞ্জ যুগৰ শেহৰ ফালে বেবিলনীয় সভ্যতাৰ উন্মেষ ঘটিছিল। ইৰাণীয় মালভূমি, এনাটলীয়া (খ্ৰী:পূ: ১৮শ শতিকা), লেভেণ্ট, প্ৰাচীন ইজিপ্ট (খ্ৰী:পূ: ৩১৫০-২৬৮৬), মধ্যৱৰ্ত্তীকালৰ ইজিপ্ট (খ্ৰী:পূ: ২০৫৫-১৬৫০), নৱ্য ইজিপ্ট (খ্ৰী:পূ: ১৬০০-১১০০) আদিৰ সভ্যতা এই কালছোৱাৰ অন্তৰ্ভুক্ত আছিল।

মধ্য এচিয়া

দক্ষিণ ৰাছিয়া আৰু মধ্য মঙ্গোলিয়াৰ অলটাই পৰ্বত অঞ্চলত ব্ৰঞ্জ সংস্কৃতিৰ উন্মেষ ঘটাৰ প্ৰমাণ পোৱা গৈছে।[3]

পূব এচিয়া

  1. চীন: চীনত খ্ৰী:পূ: ৩১০০-২৭০০ৰ ব্ৰঞ্জৰ সামগ্ৰী পোৱা গৈছে।[4][5]
  2. কোৰিয়া: পেনিনচুলাত ৯০০-৮০০ খ্ৰী:পূ:তে ব্ৰঞ্জ যুগ আৰম্ভ হৈছিল।[6][7] লিয়াওনিং আৰু মাঞ্চুৰিয়াৰ পৰা কোৰিয়ান ব্ৰঞ্জ যুগৰ সূচনা হৈছে।[8]
화순 대곡리 청동기 일괄

কোৰিয়াৰ ব্ৰঞ্জৰ সামগ্ৰী

দক্ষিণ এচিয়া

সিন্ধু সভ্যতা

এই প্ৰাচীন সভ্যতা (খ্ৰী:পূ: ৩৩০০-১৭০০) এচিয়াৰ এক অন্যতম প্ৰধান নদী সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল।[9][10]

দক্ষিণ-পূব এচিয়া

ভিয়েটনাম আৰু দক্ষিণ চীনত নৱ্য প্ৰস্তৰ যুগৰ ব্ৰঞ্জৰ ঢোলজাতীয় বাদ্যযন্ত্ৰ আৱিষ্কৃত হৈছে। থাইলেণ্ডত ২১০০ খ্ৰীষ্টপূৰ্ব পুৰণি ব্ৰঞ্জৰ সা-সঁজুলি পোৱা গৈছে।[11]

ইউৰোপ

ইউৰোপত এজিয়ান ব্ৰঞ্জ যুগৰ (The Aegean Bronze Age) সূচনা হৈছিল ৩২০০ খ্ৰী:পূ:ত।[12]

আমেৰিকা

দক্ষিণ আমেৰিকাৰ ম’কে সভ্যতাই স্বাধীনভাৱে ব্ৰঞ্জ নিষ্কাষণ আৱিষ্কাৰ কৰাৰ লগতে ইয়াৰ বিকাশ ঘটাইছিল।[13]

টোকা

  1. Iron In Africa: Revising The History : Unesco. Portal.unesco.org. Retrieved on 2013-07-28.
  2. Bronze was independently discovered in the Maykop culture of the North Caucasus as early as the mid-4th millennium BC, which makes them the producers of the oldest known bronze. However, the Maykop culture only had arsenical bronze, a naturally occurring alloy. Other regions developed bronze and its associated technology at different periods.
  3. Keys, David (January 2009). "Scholars crack the code of an ancient enigma". BBC History Magazine খণ্ড 10 (1): 9.
  4. Martini, I. Peter (2010). Landscapes and Societies: Selected Cases. Springer. পৃষ্ঠা. 310. ISBN 90-481-9412-1.
  5. Higham, Charles (2004). Encyclopedia of ancient Asian civilizations. Infobase Publishing. পৃষ্ঠা. 200. ISBN 0-8160-4640-9.
  6. Carter J. Eckert, el., "Korea, Old and New: History", 1990, pp. 9
  7. "1000 BC to 300 AD: Korea | Asia for Educators | Columbia University". Afe.easia.columbia.edu. http://afe.easia.columbia.edu/tps/1000bce_ko.htm। আহৰণ কৰা হৈছে: 2012-08-03.
  8. [1]
  9. http://164.100.47.132/LssNew/psearch/QResult15.aspx?qref=138704 | "The work on delineation of entire course of river 'Saraswati' in North West India was carried out using Indian Remote Sensing Satellite data along with digital elevation model. Satellite images are multi-spectral, multi-temporal and have advantages of synoptic view, which are useful to detect palaeochannels. The palaeochannels are validated using historical maps, archaeological sites, hydro- geological and drilling data. It was observed that major Harappan sites of Kalibangan (Rajasthan), Banawali and Rakhigarhi (Haryana), Dholavira and Lothal (Gujarat) lie along the River Saraswati ."- Ministry of Space, Government of India.
  10. http://www.iisc.ernet.in/currsci/oct25/articles20.htm | A.V.Shankaran.:"Saraswati – The ancient river lost in the desert."
  11. "Bronze from Ban Chiang, Thailand: A view from the Laboratory". Museum.upenn.edu. http://penn.museum/documents/publications/expedition/PDFs/43-2/Science.pdf। আহৰণ কৰা হৈছে: 2010-01-17.
  12. "Ancient Greece". British Museum. http://www.britishmuseum.org/explore/cultures/europe/ancient_greece.aspx। আহৰণ কৰা হৈছে: 2012-08-03.
  13. "El bronce y el horizonte medio". lablaa.org. http://www.lablaa.org/blaavirtual/publicacionesbanrep/bolmuseo/1996/jldi41/jldi01a.htm.

তথ্য সংগ্ৰহ

  • Figueiredo, Elin (2010) "Smelting and Recycling Evidences from the Late Bronze Age habitat site of Baioes," Journal of Archaeological Science, Volume 37, Issue 7, p. 1623–1634
  • Eogan, George (1983) The hoards of the Irish later Bronze Age, Dublin: University College, 331p., ISBN 0-901120-77-4
  • Hall, David and Coles, John (1994) Fenland survey : an essay in landscape and persistence, Archaeological report 1, London : English Heritage, 170 p., ISBN 1-85074-477-7
  • Pernicka, E., Eibner, C., Öztunah, Ö., Wagener, G.A. (2003) "Early Bronze Age Metallurgy in the Northeast Aegean", In: Wagner, G.A., Pernicka, E. and Uerpmann, H-P. (eds), Troia and the Troad: scientific approaches, Natural science in archaeology, Berlin; London : Springer, ISBN 3-540-43711-8, p. 143–172
  • Piccolo, Salvatore (2013). Ancient Stones: The Prehistoric Dolmens of Sicily. Abingdon (GB): Brazen Head Publishing.
  • Waddell, John (1998) The prehistoric archaeology of Ireland, Galway University Press, 433 p., ISBN 1-901421-10-4
  • Siklosy et al. (2009): Bronze Age volcanic event recorded in stalagmites by combined isotope and trace element studies. Rapid Communications in Mass Spectrometry, 23/6, 801-808. doi:10.1002/rcm.3943
  • Roberts, B.W., Thornton, C.P. and Pigott, V.C. 2009. [http://britishmuseum.academia.edu/BenjaminRoberts/Papers/340888/Development_of_metallurgy_in_Eurasia Developm
চিহ্ন লিপি

চিহ্ন লিপি (ইংৰাজী: Proto Writing) হৈছে লেখন পদ্ধতি বা লিপিৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে ব্যৱহাৰ কৰা সাঙ্কেতিক চিহ্ন। লিপি সদৃশ কিন্তু পূৰ্ণাৱয়ব লিপি হিচাপে শ্ৰেণীবিভাগ কৰিব নোৱাৰা এই সাঙ্কেতিক চিহ্নসমূহৰ বিকাশ ঘটি খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ আগভাগত ইউৰেছিয়াত প্ৰাৰম্ভিক লেখন পদ্ধতিৰ উন্মেষ ঘটে। নৱ্য প্ৰস্তৰ যুগতেই চিহ্ন লিপিৰ ইতিহাস আৰম্ভ হৈছিল। ই প্ৰায় খ্ৰীষ্টপূৰ্ব ৭ম সহস্ৰাব্দ পুৰণি।

প্ৰস্তৰ যুগ

প্ৰস্তৰ যুগ (ইংৰাজী: Stone Age)হৈছে প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) প্ৰথমটো ভাগ য’ত ধাৰ থকা, জোঙা অথবা মিহি পৃষ্ঠৰ যাৱতীয় সামগ্ৰী সাজিবলৈ প্ৰস্তৰ অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰা হৈছিল। এই কালছোৱাৰ দৈৰ্ঘ্য প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ জোৰা আছিল আৰু ধাতুৰ আৱিষ্কাৰৰ ফলত ৬০০০-২০০০ খ্ৰী:পূ:ৰ মাজৰ সময়ছোৱাত ইয়াৰ অন্ত পৰিছিল। প্ৰস্তৰ যুগত নিৰ্মিত সামগ্ৰীসমূহৰ ভিতৰত আধুনিক মানৱ আৰু মানুহৰ পূৰ্বজ হ’ম’ গোষ্ঠীৰ লগতে সমসাময়িক গোষ্ঠী অষ্ট্ৰেল’পিথিকাছ ((ইংৰাজী: Australopithecus)) আৰু পেৰানথ্ৰ’পাছে ((ইংৰাজী: Paranthropus)) ব্যৱহাৰ কৰা সঁজুলিসমূহ উল্লেখযোগ্য। প্ৰস্তৰ যুগত হাঁড়েৰে নিৰ্মিত সঁজুলিও ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ পুৰাতাত্ত্বিক সংৰক্ষণ চিহ্ন অতিশয় বিৰল। ব্যৱহৃত শিলৰ সঁজুলিৰ প্ৰকাৰ অনুসৰি প্ৰস্তৰ যুগক পুনৰ ভাগ কৰা হৈছে।

প্ৰাক-ইতিহাস

প্ৰাক-ইতিহাস (ইংৰাজী: Prehistory)-ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। 'মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: "before history", অথবা "before knowledge acquired by investigation") লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ 'নথিভুক্ত তথ্য'ৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে 'নথিভুক্ত তথ্য' বোলা হৈছে। প্ৰাক-ইতিহাস যিকোনো লিখিত ইতিহাসৰ পূৰ্বৰ সময়ছোৱা। বহলাই ক'বলৈ গ'লে মানৱ প্ৰজাতিৰ অস্তিত্বৰ আৰম্ভণিৰপৰা লিখন পদ্ধতিৰ আৱিষ্কাৰলৈ গোটেই সময়-কাল প্ৰাক-ইতিহাসৰ অন্তৰ্গত। ১৮৩০ চনৰ আশে-পাশে প্ৰথমে প্ৰত্নতাত্বিক পল টাৰ্নেলে প্ৰাক-ইতিহাসৰ বৰ্ণনা দিবলৈ anté-historique শব্দটো ব্যৱহাৰ কৰিছিল। দক্ষিণ ফ্ৰান্সৰ গুহাত আৱিষ্কৃত কিছুমান সমলৰ বিষয়ে বৰ্ণনা দিয়াৰ সময়ত তেখেতে প্ৰথমে শব্দটোৰ ব্যৱহাৰ কৰিছিল। মূল ফৰাছী শব্দৰ ভাঙনি স্বৰূপে ইংৰাজীত 'prehistoric' শব্দটো ১৮৫১ চনত প্ৰথমে ব্যৱহাৰ কৰে প্ৰত্নতাত্বিক ডেনিয়েল উইলছনে।

'প্ৰাক-ইতিহাস' শব্দটোৱে ইতিহাসৰ আৰম্ভণি বিন্দু ব্ৰহ্মাণ্ডৰ সৃষ্টিৰপৰা সাঙুৰি লয় যদিও, ঘাইকৈ পৃথিৱীত জীৱনৰ বিকাশৰপৰাহে ইয়াৰ আলোচনা কৰা হয়। বেছিভাগ ক্ষেত্ৰত প্ৰাক-ইতিহাস বুলিলে মানৱ-সদৃশ জীৱৰ উৎপত্তিৰ আৰম্ভণিৰপৰাহে বুলি ধৰি লৈ আলোচনা কৰা হয়। প্ৰাক-ঐতিহাসিকসকলে মানৱ প্ৰাক-ইতিহাসক 'তিনিটা যুগ পদ্ধতি'ৰে ভাগ কৰিছে, আনহাতে মানৱ-ৰ আৱিৰ্ভাৱে আগৰ সময়ছোৱাৰ শ্ৰেণীবিভাগ কৰিবলৈ 'ভূ-তাত্বিক সময় মাপ' (Geologic Time Scale) ব্যৱহাৰ কৰা হয়। মানৱ প্ৰাক-ইতিহাসক মানুহে আয়ত্ব কৰা সঁজুলি-নিৰ্মাণ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত ভগোৱা হৈছে। কালানুসৰি এই তিনিটা ভাগ হৈছে: প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ। কালনিৰ্ণিত ঘটনা হিচাপে পাব পৰা আৰু নোৱৰা তথ্য এনেকৈয়ো দুটা শ্ৰেণীত ভাগ কৰি প্ৰাক-ইতিহাসৰ আলোচনা কৰা হয়।

লিখন পদ্ধতি আৰু সঁজুলিৰ বিকাশ (ঐতিহাসিক কাল) ব্ৰঞ্জ যুগৰ বিভিন্ন সময়ত বিভিন্ন সভ্যতাত বেলেগে বেলেগে হৈছিল, বা কিছুমান সভ্যতাৰ বাবে লৌহ যুগতহে হৈছিল। ঐতিহাসিকসকলে সেয়ে সদায়ে লিখিত তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি যুগ বিভাজন কৰাৰ সলনি প্ৰাকৃতিক আৰু সামাজিক অন্যান্য সাক্ষ্যকো সমানে গুৰুত্ব দিয়ে। সেয়ে প্ৰাক-ইতিহাস আৰু ইতিহাসৰ মাজৰ লক্ষ্মণ-ৰেখাডাল সুনিৰ্দিষ্ট নহয়। 'গভীৰ বুৰঞ্জী'ৰ (Deep History) সমৰ্থকসকল এই মতবাদ মানি চলাৰ পক্ষপাতী।

এই প্ৰবন্ধত ঘাইকৈ মানৱ প্ৰাক-ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে, অথবা ক'ব পাৰি দৈহিক গাঠনিত আধুনিক মানৱ সদৃশ জীৱৰ বিকাশৰপৰা লিখিত ইতিহাসৰ সমল আৰম্ভণিৰ কালছোৱাৰ কথা ইয়াৰ আলোচনা কৰা হৈছে। পৃথিৱীৰ ইতিহাস আৰু জীৱনৰ ইতিহাসৰ বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাই।

লৌহ যুগ

লৌহ যুগ (ইং: Iron Age) হৈছে ব্ৰঞ্জ যুগৰ পৰৱৰ্ত্তী কাল য’ত আধুনিক মানুহে লোৰ ব্যৱহাৰ শিকিছিল আৰু বহুলভাৱে ইয়াৰ ব্যৱহাৰ কৰিছিল। অতি কমেও ১২০০ খ্ৰী:পূ:তে এনাটলিয়াত লোৰ উৎপাদন কৰাৰ প্ৰমাণ পোৱা গৈছে।

লৌহ যুগটো লো আৰু তীখাৰ বহুল ব্যৱহাৰৰ কাৰণে জনাজাত। এই ধাতুকেইবিধৰ লগতে সমাজত হোৱা অন্যান্য পৰিৱৰ্তনবিলাকৰ ভিতৰত ভিন্নধৰণৰ কৃষিকাৰ্য, ধৰ্মীয় বিশ্বাস আৰু কলাত্মক ধাৰা আদি উল্লেখযোগ্য। পুৰাতাত্ত্বিক অৰ্থত লৌহ যুগে মানৱ সভ্যতাৰ এনে এক স্তৰক সূচায় য’ত কটা-ছিঙা কৰাৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ সাজিবলৈ লোৰ ব্যৱহাৰ কৰা হৈছিল। লৌহ যুগ মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) তৃতীয়টো ভাগ।লৌহ যুগৰ সাহিত্যৰ ভিতৰত হাতেলিখা পৌৰাণিক লেখনিসমূহৰ কথা উনুকিয়াব পাৰি। সংস্কৃত আৰু চীনা সাহিত্যই সেই সময়ত বিকাশ লাভ কৰিছিল। অন্যান্য লেখনিৰ ভিতৰত অভেষ্টান গাঁথা, ভাৰতীয় বেদসমূহ আৰু হিব্ৰু বাইবেলৰ আটাইতকৈ পুৰণি ভাগবোৰৰ কথা ক’ব পাৰি। আখৰৰ সূচনা আৰু লিখিত ভাষাৰ বিকাশে লৌহ যুগক ইয়াৰ পূৰ্বৱৰ্ত্তী যুগসমূহৰ পৰা পৃথক কৰিছে। লিখিত ভাষাৰ বিকাশে পৌৰাণিক সাহিত্য আৰু লিপিৱদ্ধ বুৰঞ্জীৰ জন্ম দিছিল।

ইউৰোপ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত লৌহ যুগৰ আৰম্ভণিৰ চিন অস্ত্ৰ-শস্ত্ৰ, অলংকাৰ, বাচন-বৰ্তন আদিত পৰিলক্ষিত হৈছিল যি সমূহীয়াভাৱে ব্ৰঞ্জ যুগতকৈ ভিন্ন আছিল। ব্ৰঞ্জ যুগৰ ধাতুৰ কাৰিকৰ বা কমাৰসকলৰ কাম-কাজ প্ৰাথমিক পৰ্যায়ৰ পৰা উন্নতি লাভ কৰি বিভিন্ন গঢ়্ৰ অলংকৰণৰ মাত্ৰা পাইছিলগৈ।পুৰাতাত্ত্বিক দিশৰ পৰা লৌহ যুগৰ গুৰুত্ব কম কিয়নো বিশ্বৰ সকলো ঠাইতে একে সময়তে লৌহ যুগৰ আৰম্ভণি হোৱা নাছিল। প্ৰশান্ত মহাসাগৰৰ দক্ষিণৰ দ্বীপপুঞ্জ, আফ্ৰিকাৰ আভ্যন্তৰীণ অঞ্চল, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ একাংশ আদি ব্ৰঞ্জ যুগৰ প্ৰভাৱ নপৰাকৈয়ে পোনপটীয়াকৈ লৌহ যুগ পাইছিল।

সিন্ধু সভ্যতা

সিন্ধু সভ্যতা (ইং: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা। প্ৰাচীন ইজিপ্ট আৰু মেচ'পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত। এই প্ৰাচীন সভ্যতা এচিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল। সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল। সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়।চৰম শিখৰ প্ৰাপ্তিৰ সময়ত সিন্ধু সভ্যতাৰ মুঠ জনসংখ্যা সম্ভৱতঃ ৫০ লাখতকৈয়ো বেছি আছিল। সিন্ধু সভ্যতাৰ নিবাসীসকলে হস্তশিল্প আৰু ধাতুবিদ্যাৰ (তাম, ব্ৰঞ্জ, সীহ আৰু টিন) নতুন পদ্ধতিৰ বিকাশ ঘটাইছিল। ইয়াৰোপৰি সিন্ধু নগৰসমূহ গ্ৰাম পৰিকল্পনা, পোৰা ইটাৰে সজা ঘৰ, বিস্তাৰিত নলা, পানী যোগান ব্যৱস্থা আৰু বৃহৎ অট্টালিকাসমূহৰ বাবে জনাজাত।১৯২০ৰ দশকত চলোৱা খননকাৰ্যত প্ৰথমে হৰপ্পা উদ্ধাৰ হোৱাৰ পিছৰে পৰা এই সভ্যতাক হৰপ্পা সভ্যতা বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ শাসনকালত হৰপ্পা পঞ্জাৱত অন্তৰ্ভুক্ত আছিল। বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত। ১৮৬১ চনতে আৰম্ভ হোৱা কাৰ্যসমুহে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ পিছত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণতা লাভ কৰে। হৰপ্পাৰ থলীসমূহৰ খননকাৰ্য ১৯২০ চনৰ পৰাই চলি আছে। ১৯৯৯ চনত হৰপ্পাত কিছু প্ৰাচীন লিখনি উদ্ধাৰ কৰা হয়। হৰপ্পা সভ্যতাৰ একেডোখৰ ঠাইতে সময়ৰ ভিত্তিত হৰপ্পা সংস্কৃতিৰ তিনিটা ভাগ চিহ্নিত কৰা হয় আৰু ইয়াক ক্ৰমে প্ৰাৰম্ভিক, শেষ আৰু প্ৰাক-হৰপ্পা সংস্কৃতি হিচাপে জনা যায়। হাৰিয়ানাৰ ভিৰানা সম্ভৱতঃ আটাইতকৈ পুৰণি প্ৰাক-হৰপ্পা থলী (৭৫৭০-৬২০০ খ্ৰীষ্টপূৰ্ব)।১৯৯৯ চনলৈকে সিন্ধু আৰু সৰস্বতী তথা ইহঁতৰ উপনৈসমূহৰ পাৰত ১,০৫৬ খন নগৰ আৰু প্ৰতিষ্ঠাপন আৱিস্কৃত হোৱাৰ লগতে ইয়াৰে ৯৬ খনৰ খনন কৰা হৈছে। এইসমূহৰ ভিতৰত প্ৰধান নগৰ কেন্দ্ৰ হৰপ্পা, মহেঞ্জোদাৰো, ঢোলাভিৰা, ক’লিস্তানৰ গনেৰিৱালা আৰু হাৰিয়ানাৰ ৰাখীগাঢ়ি সৰ্ববৃহৎ সিন্ধু সভ্যতা থলী আৰু ইয়াৰ মাটিকালি ৩৫০ হেক্টৰ। সিন্ধু লিপিসমূহৰ এতিয়ালৈকে পাঠোদ্ধাৰ হোৱা নাই বাবে হৰপ্পাৰ ভাষাৰ মূল সম্পৰ্কে কোনো নিশ্চিতি নাই। কোনো কোনো গৱেষকে দ্ৰাবিড় ভাষা বা ইলেম’-দ্ৰাবিড় ভাষাৰ পৰিয়ালৰ সৈতে ইয়াৰ সম্পৰ্ক থকা বুলি মত পোষণ কৰাৰ বিপৰীতে কিছুসংখ্যকে মুণ্ডা ভাষাৰ সৈতে সম্পৰ্কিত এক অ’ষ্ট্ৰ’এচিয়াতিক ভাষাৰ বিষয়ে কয়।

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.