ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী (ইংৰাজীFebruary; Listeni/ˈfɛbjuːˌɛri/) হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।

উত্তৰ গোলাৰ্ধত ফেব্ৰুৱাৰী হৈছে শীতৰ তৃতীয় মাহ আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মৰ তৃতীয় মাহ (উত্তৰ গোলাৰ্ধৰ আগষ্ট মাহৰ সমতুল্য)। সাধাৰণ বছৰত ফেব্ৰুৱাৰী, মাৰ্চ আৰু নৱেম্বৰ মাহৰ প্ৰথম তাৰিখত একেই বাৰ হয়। সেই সময়ত এই মাহ আৰু জানুৱাৰীৰ শেষ দিনত একে বাৰ হয়। অধিবৰ্ষত ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ একে বাৰত আৰম্ভ হয়। এই মাহৰ এটি আমোদজনক দিশ হৈছে অধিবৰ্ষ হওক বা নহওক, ফেব্ৰুৱাৰী মাহৰ শেষ দিনত যি বাৰ হয়, অক্টোবৰ মাহৰ শেষ দিনতো সেই একেই বাৰ হয়।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮

ইতিহাস

ৰোমান পঞ্জিকাত ফেব্ৰুৱাৰীয়ে ফেব্ৰুৱাৰিয়াছ নামেৰে ঠাই পাইছিল। এই ফেব্ৰুৱাৰিয়াছ শব্দটোৰ উৎপত্তি লেটিন শব্দ ফেব্ৰুৱামৰ পৰা হৈছিল, যাৰ অৰ্থ বিশুদ্ধতা। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটি ৰোমান বৰ্ষপঞ্জিত একেবাৰে শেষত যুক্ত হৈছিল। জনা যায় ৭১৩ খ্ৰীষ্ট পূৰ্ৱত নিউমা পম্পিলিয়াছে এই মাহ দুটা যুক্ত কৰিছিল। সেই সময়ত ফেব্ৰুৱাৰী আছিল বছৰৰ শেষ মাহ। পৰৱৰ্তী কালত ডেছিমভাৰ্ছৰ সময়ত (প্ৰায় ৪৫০ খ্ৰী.পূ.) ইয়াক বছৰৰ দ্বিতীয় মাহ কৰা হয় আৰু আজি পৰ্যন্ত এই মাহটো সেই স্থানতেই আছে। আৰম্ভনিৰে পৰা ফেব্ৰুৱাৰীৰ দিন সংখ্যাৰ নানা পৰিবৰ্তন হৈছে। কেতিয়াবা ইয়াৰ দিন-সংখ্যা ধৰা হৈছিল ২৩ দিন, কেতিয়াবা ২৪ দিন আকৌ কেতিয়াবা ২৭ দিন। শেষত জুলিয়ান পঞ্জিকাৰ সংশোধনী কৰা হয় আৰু নিয়মিতভাৱে অধিবৰ্ষ গণনা আৰম্ভ হয় তেতিয়া ফেব্ৰুৱাৰীয়ে তাৰ পৰিচিত ২৮ দিনৰ ৰূপটো লাভ কৰে।

ঐতিহাসিক নামাৱলী

  • প্ৰাচীন ইংৰাজীতে ফেব্ৰুৱাৰীক ছোলমোনাথ (কাদাৰ মাহ) বা কেলমোনাথ (বাধা-নিষেধৰ মাহ) বোলা হৈছিল।
  • ফিনিছ ভাষাত এই মাহক হেলমিকু বা মুক্তাৰ মাহ বোলা হয়। শীতৰ দেশত এই মাহত বৰফ গলি পাতত বিন্দু বিন্দু নিয়ৰ সৰে। ৰাতিৰ বেলা এই নিয়ৰ যেতিয়া ঠাণ্ডাত গোট মাৰে, তেতিয়া সি দেখিবলৈ মুক্তাৰ দৰে লাগে, এই বাবেই এই নাম।
  • প'লিছ ভাষাত এই মাহৰ নাম আছিল লোটি বা বৰফৰ মাহ।
  • মেকডুনিয়ানত ফেব্ৰুৱাৰীক ছেচকো বা কাঠ কটাৰ মাহ বোলে।
  • ক্ৰোয়েছিয়াত এই মাহকে ভেলজাকা বোলা হয়। এই শব্দটোৰ অৰ্থ জনা নাযায়। সম্ভবতঃ ই বৃদ্ধিৰ পৰা উদ্ভূত। সেই ক্ষেত্ৰত ব্যাখ্যা কৰিলে, প্ৰতি ৪ বছৰৰ অন্তত ফেব্ৰুৱাৰীৰ দিন-সংখ্যা এক বাঢ়ি যায় বাবে হয়তো ইয়াক ভেলজেকা বোলা হয়।

বিশেষ দিৱসসমূহ

  • অন্ধকাৰ ইতিহাসৰ মাহ (আমেৰিকা যুক্তৰাষ্ট্ৰ ও কানাডা)
  • জাতীয় পাখি-খাদ্যদান মাহ: (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  • স্বাধীনতা দিবস (শ্ৰীলঙ্কা): ৪ ফেব্ৰুৱাৰী
  • আব্ৰাহাম লিংকনৰ জন্মদিন: ১২ ফেব্ৰুৱাৰী
  • ভেলেণ্টাইন দে (দিৱস) : ১৪ ফেব্ৰুৱাৰী
  • পতাকা দিৱস: (কানাডা): ১৫ ফেব্ৰুৱাৰী
  • আন্তৰ্জাতিক মাতৃভাষা দিবস: ২১ ফেব্ৰুৱাৰী
  • স্বাধীনতা দিৱস (ছেণ্ট লুছিয়া): ২২ ফেব্ৰুৱাৰী
  • জৰ্জ ৱাচিংটনৰ জন্মদিন: ২২ ফেব্ৰুৱাৰী
  • স্বাধীনতা দিৱস (এষ্টোনিয়া): ২৪ ফেব্ৰুৱাৰী
  • পতাকা দিৱস (মেক্সিকো): ২৪ ফেব্ৰুৱাৰী
  • বিজয় দিৱস (কুয়েট): ২৬ ফেব্ৰুৱাৰী
  • পৰিয়াল দিৱস (কানাডা): তৃতীয় সোমবাৰ
  • বিশ্ব পৰিণয় দিৱস: দ্বিতীয় ৰবিবাৰ

প্ৰতীকসমূহ

  • এই মাহৰ জন্মফুল হৈছে ভায়োলা বা ভায়োলেট।[1]
  • এই মাহৰ জন্মপাথৰ হৈছে আমেথিষ্ট। এই পাথৰটোক দয়া, মনুষ্যত্ব, জ্ঞান আৰু কৰ্তব্যবোধৰ প্ৰতীক বুলি বিবেচনা কৰা হয়।[2]

তথ্য সংগ্ৰহ

  1. www.babiesonline.com/flowersbirthmonth
  2. www.americangemsociety.org/february-birthstones
১ ফেব্ৰুৱাৰী

১ ফেব্ৰুৱাৰী (ইংৰাজী: 1 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩ টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে৷

১০ ফেব্ৰুৱাৰী

১০ ফেব্ৰুৱাৰী (ইংৰাজী: 10 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪ টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে৷

১৩ ফেব্ৰুৱাৰী

১৩ ফেব্ৰুৱাৰী (ইংৰাজী: 13 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১ টা দিন (অধিবৰ্ষত ৩২২ দিন) বাকী থাকে৷

১৪ ফেব্ৰুৱাৰী

১৪ ফেব্ৰুৱাৰী (ইংৰাজী: 14 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৫তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২০ টা দিন (অধিবৰ্ষত ৩২১ দিন) বাকী থাকে৷

১৬ ফেব্ৰুৱাৰী

১৬ ফেব্ৰুৱাৰী (ইংৰাজী: 16 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮ টা দিন (অধিবৰ্ষত ৩১৯ টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১৭ ফেব্ৰুৱাৰী

১৭ ফেব্ৰুৱাৰী (ইংৰাজী: 17 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৪৮তম (অধিবৰ্ষত ৪৯তম) দিন। বছৰ শেষ হ'বলৈ ৩১৭ দিন বাকী থাকে।

১৮ ফেব্ৰুৱাৰী

১৮ ফেব্ৰুৱাৰী (ইংৰাজী: 18 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৪৯তম (অধিবৰ্ষত ৫০তম) দিন। বছৰ শেষ হ'বলৈ ৩১৬ দিন বাকী থাকে।

১৯ ফেব্ৰুৱাৰী

১৯ ফেব্ৰুৱাৰী (ইংৰাজী: 19 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫০তম (অধিবৰ্ষত ৫১তম) দিন। বছৰ শেষ হ'বলৈ ৩১৫ দিন বাকী থাকে।

২০ ফেব্ৰুৱাৰী

২০ ফেব্ৰুৱাৰী (ইংৰাজী: 20 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫১তম (অধিবৰ্ষত ৫২তম) দিন। বছৰ শেষ হ'বলৈ ৩১৪ দিন বাকী থাকে।

২১ ফেব্ৰুৱাৰী

২১ ফেব্ৰুৱাৰী (ইংৰাজী: 21 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫২তম (অধিবৰ্ষত ৫৩তম) দিন। বছৰ শেষ হ'বলৈ ৩১৩ দিন বাকী থাকে।

২২ ফেব্ৰুৱাৰী

২২ ফেব্ৰুৱাৰী (ইংৰাজী: 22 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৩তম (অধিবৰ্ষত ৫৪তম) দিন। বছৰ শেষ হ'বলৈ ৩১২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

২৩ ফেব্ৰুৱাৰী

২৩ ফেব্ৰুৱাৰী (ইংৰাজী: 23 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৪তম (অধিবৰ্ষত ৫৫তম) দিন। বছৰ শেষ হ'বলৈ ৩১১ দিন বাকী থাকে।

২৪ ফেব্ৰুৱাৰী

২৪ ফেব্ৰুৱাৰী (ইংৰাজী: 24 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৫তম (অধিবৰ্ষত ৫৬তম) দিন। বছৰ শেষ হ'বলৈ ৩১০ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

২৫ ফেব্ৰুৱাৰী

২৫ ফেব্ৰুৱাৰী (ইংৰাজী: 25 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৬তম (অধিবৰ্ষত ৫৭তম) দিন। বছৰ শেষ হ'বলৈ ৩০৯ দিন বাকী থাকে।

২৬ ফেব্ৰুৱাৰী

২৬ ফেব্ৰুৱাৰী (ইংৰাজী: 26 February) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৫৭তম (অধিবৰ্ষত ৫৮তম) দিন। বছৰ শেষ হ'বলৈ ৩০৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

২৭ ফেব্ৰুৱাৰী

২৭ ফেব্ৰুৱাৰী (ইংৰাজী: 27 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬ টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

২৮ ফেব্ৰুৱাৰী

২৮ ফেব্ৰুৱাৰী (ইংৰাজী: 28 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭ টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৩ ফেব্ৰুৱাৰী

৩ ফেব্ৰুৱাৰী (ইংৰাজী: 3 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১ টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৮ ফেব্ৰুৱাৰী

৮ ফেব্ৰুৱাৰী (ইংৰাজী: 8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬ টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

৯ ফেব্ৰুৱাৰী

৯ ফেব্ৰুৱাৰী (ইংৰাজী: 9 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫ টা দিন (অধিবৰ্ষত ৩২৬টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১৯০০ – ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভনি।

১৯৭১ – এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘুৰি আহে।

১৯৮৬ – সৌৰ জগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।

১৯৯৬ - ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আবিস্কাৰ।

বছৰৰ সকলো দিন আৰু মাহৰ তালিকা
জানুৱাৰী
ফেব্ৰুৱাৰী
মাৰ্চ
এপ্ৰিল
মে'
জুন
জুলাই
আগষ্ট
ছেপ্টেম্বৰ
অক্টোবৰ
নৱেম্বৰ
ডিচেম্বৰ

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.