কানাডা

কানাডা (ইংৰাজী: Canada; উচ্ছাৰণ: /'kænədə/ ক্যানাডা) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি উত্তৰ আমেৰিকাৰ উত্তৰ অংশৰ বেছিভাগ অঞ্চল আৱৰি আছে।

কানাডা
Flag of কানাডা Coat of arms of কানাডা
নীতিবাক্য
A Mari Usque Ad Mare  (Latin)
"From Sea to Sea"
ৰাষ্ট্ৰীয় সঙ্গীত
"অ' কানাডা"
ৰাজকীয় সঙ্গীত
"গড ছেভ দা কুইন"[1][2]
কানাডা-ৰ অৱস্থান
ৰাজধানীঅট্টৱা
45°24′N 75°40′W / 45.4°N 75.667°W
বৃহত্তম নগৰ টৰণ্টো
ৰাষ্ট্ৰভাষা (সমূহ) কানাডীয় ইংৰাজী আৰু কানাডীয় ফৰাচী
স্বীকৃত আঞ্চলিক ভাষাসমূহ Inuktitut, Inuinnaqtun, Cree, Dëne Sųłiné, Gwich’in, Inuvialuktun, Slavey and Tłįchǫ Yatiì[3]
জাতীয়তাসূচক বিশেষণ Canadian
চৰকাৰ Federal parliamentary democracy and constitutional monarchy[4]
 -  Monarch Elizabeth II
 -  Governor General David Johnston
 -  Prime Minister Justin Trudeau
Establishment
 -  British North America Acts July 1, 1867 
 -  Statute of Westminster December 11, 1931 
 -  Canada Act April 17, 1982 
মাটিকালি
 -  মুঠ ৯৯,৮৪,৬৭০ বৰ্গ কিমি (2nd)
৩৮,৫৪,০৮৫ বৰ্গ মাইল 
 -  জলভাগ (%) ৮.৯২ ( বৰ্গ কিমি)
জনসংখ্যা
 -  2019 আনুমানিক '"`UNIQ--ref-০০০০০০০৪-QINU`"' (৩৫)
 -  ২০০৬ লোকপিয়ল ৩,১৬,১২,৮৯৭'"`UNIQ--ref-০০০০০০০৫-QINU`"' 
জিডিপি (পিপিপি) 2011 আনুমানিক
 -  মুঠ $1.391 trillion[7] (14th)
 -  জনমুৰি $40,457[7] (15th)
জিডিপি (নামমাত্ৰ) 2011 আনুমানিক
 -  মুঠ $1.758 trillion[7] (11th)
 -  জনমুৰি $51,147[7] (10th)
জিনি সহগ? (2005) 32.1[8] (medium
মানৱ উন্নয়ন সূচক (2011) বৃদ্ধি 0.908[9] (very high) (6th)
মুদ্ৰা Canadian dollar ($) (CAD)
সময় অঞ্চল (ইউটিচি−3.5 to −8)
 -  গ্ৰীষ্মকালীন (ডিএছটি)  (ইউটিচি−2.5 to −7)
তাৰিখ বিন্যাস dd-mm-yyyy, mm-dd-yyyy, and yyyy-mm-dd (CE)
গাড়ী চলোৱা হয় Right
ইণ্টাৰনেট টিএলডি .ca
কলিং ক'ড ++1
Canada portal

ৰাজনীতি

কানাডাৰ চৰকাৰ ব্যৱস্থা এখন সংসদীয় গণতন্ত্ৰভিত্তিক আৰু এখন সাংবিধানিক ৰাজতন্ত্ৰ ইয়াত প্ৰচলিত। কানাডাৰ চৰকাৰ দুভাগত বিভক্ত। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক বা আঞ্চলিক চৰকাৰ। প্ৰশাসনিক অঞ্চলসমূহৰ তুলনাত প্ৰদেশসমূহত স্বায়ত্তশাসনৰ পৰমাণ বেছি। কানাডাৰ বৰ্তমানৰ সংবিধান খন ১৯৮২ চনত ৰচনা কৰা হয়। এই সংবিধানে পূৰ্বৰ সাংবিধানিক আদেশসমূহক একত্ৰিত কৰি এক হয় আৰু ইয়াৰ অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত এখন চাৰ্টাৰ যোগ কৰা হয়। এই সংবিধানে কানাডাৰ নিজস্ব স্থানীয় চৰকাৰক সেই সংবিধানৰ ওপৰত পূৰ্ণ ক্ষমতা প্ৰদান কৰে।

ভূগোল

আয়তনৰ ফালৰ পৰা কানাডা বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ। ই উত্তৰ আমেৰিকা মহাদেশৰ প্ৰায় ৪১% অঞ্চল লৈ গঠিত। কানাডা হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম আৰু শীতলতম দেশ। এই দেশৰ জলবায়ু গ্ৰীষ্মকালত অলপ ঠাণ্ডা আৰু দিনৰ কিছু সময়ত গৰম পৰা দেখা যায়, কিন্তু শীতকালত ইয়াত অতিশয় ঠাণ্ডা পৰে আৰু বৰফাচ্ছন্ন, তুষাৰপাতেৰে বিভিন্ন অঞ্চল সমূহ আৱৰি পৰে। কানাডাত প্ৰতিদিনে আৰ্কটিক বৰফাচ্ছন্নৰ দ্বাৰা শীত প্ৰৱাহৰ সৃষ্টি হয়। ইয়াৰ দেশৰ জলবায়ু ৰাছিয়াৰ সমতুল্য অৰ্থাৎ হিমশীতল। এই দেশ বছৰৰ ৮ মাহেই বৰফাচ্ছন্ন হৈ থাকে।

অৰ্থনীতি

কানাডা বিশ্বৰ সকলোতকৈ ধনী দেশসমূহৰ অন্যতম। দেশখন অৰ্গানাইজেচন ফৰ ইক'নমিক কোঅপাৰেচন এণ্ড ডেভেল'পমেন্ট (অ'ইচিডি) আৰু জি৮ গ্ৰুপৰ সদস্য। অন্যান্য উন্নত দেশসমূহৰ দৰেই কানাডাৰ অৰ্থনীতিৰ সিংহভাগ সেৱামূলক শিল্প লৈয়ে গঠিত। কাঠ আৰু খনিজ তেল আহৰণ শিল্প কানাডাৰ দুটি প্ৰধান বৃহৎ উদ্যোগ। আনহাতে দক্ষিণ অণ্টেৰিয়'ক কেন্দ্ৰ কৰি উৎপাদনৰ এক উদ্যোগ গঢ় লৈ উঠিছে। ইয়াৰোপৰি মটৰযান উৎপাদন উদ্যোগও কানাডাৰ অন্যতম প্ৰধান উদ্যোগ।

তথ্য সংগ্ৰহ

  1. Department of Canadian Heritage. "Royal anthem 'God Save The Queen'". Queen's Printer. http://www.pch.gc.ca/pgm/ceem-cced/symbl/godsave-eng.cfm। আহৰণ কৰা হৈছে: 2011-05-23.
  2. Kallmann, Helmut. "National and royal anthems". In Marsh, James Harley. Encyclopedia of Music in Canada. Historica-Dominion. http://thecanadianencyclopedia.com/index.cfm?PgNm=TCE&Params=U1ARTU0002533। আহৰণ কৰা হৈছে: 2011-05-23.
  3. Edwards, John R (1998). Language in Canada. Cambridge University Press. পৃষ্ঠা. 125–141. ISBN 0521563283.
  4. Hail, M; Lange, S (February 25, 2010). "Federalism and Representation in the Theory of the Founding Fathers: A Comparative Study of US and Canadian Constitutional Thought". Publius: the Journal of Federalism খণ্ড 40 (3): 366–388. doi:10.1093/publius/pjq001.
  5. "Canada's population clock". Statistics Canada. http://www.statcan.gc.ca/pub/82-003-x/pop/pop-h-clock-eng.htm। আহৰণ কৰা হৈছে: 2019–10-17.
  6. "Population and dwelling counts, for Canada, provinces and territories, 2006 and 2001 censuses – 100% data". Statistics Canada. 2010-01-06. http://ceps.statcan.ca/census-recensement/2006/dp-pd/hlt/97-550/Index.cfm?TPL=P1C&Page=RETR&LANG=Eng&T=101। আহৰণ কৰা হৈছে: 2011-09-04.
  7. 7.0 7.1 7.2 7.3 "Canada". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2011/02/weodata/weorept.aspx?sy=2009&ey=2016&scsm=1&ssd=1&sort=country&ds=.&br=1&c=156&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr1.x=94&pr1.y=17। আহৰণ কৰা হৈছে: 2011-11-05.
  8. "Distribution of family income – Gini index". World Factbook. CIA. https://www.cia.gov/library/publications/the-world-factbook/fields/2172.html। আহৰণ কৰা হৈছে: 2009-09-01.
  9. "Human Development Report 2011". United Nations. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: 2011-11-02.
অসম বিশ্ববিদ্যালয়

অসম বিশ্ববিদ্যালয় অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় খনত মুঠ ষোল্লখন বিদ্যাপীঠ আছে, এইসমূহত সমাজ বিজ্ঞান, কলা, জীৱ বিদ্যা, ভোতিক বিদ্যা, পৰিৱেশ বিদ্যা, তথ্য বিজ্ঞান, প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিদ্যাপীঠ আদি অন্তৰ্ভুক্ত। এই ষোল্লখন বিদ্যাপীঠৰ অধীনত বিশ্ববিদ্যালয়খনত মুঠ ৩৫ টা বিভাগ আছে। অসমৰ পাঁচখন জিলাত বিশ্ববিদ্যালয়খনৰ অধীনত মুঠ ৫৬খন স্নাতক মহাবিদ্যালয় আছে।

বিশ্ববিদ্যালয় খনৰ মূল চৌহদৰ মাটিকালি প্ৰায় ৬০০ একৰ (২.৪ বৰ্গ কি.মি.), ই শিলচৰৰ পৰা ২০ কি.মি. নিলগৰ দূৰ্গাকোনাত অৱ্স্থিত, আনহাতেদি বিশ্ববিদ্যালয়খনৰ দ্বিতীয়টো চৌহদ কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত।

আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমুহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।

কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰনৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতন্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্চ অব আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলান্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত; উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ-পশ্চিমত অৱস্থিত; এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী; তাৰ কাষতে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। ইয়াৰোপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অসংখ্য দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন ৩.৭৯ মিলিয়ন বৰ্গমাইল (৯.৮৩ মিলিয়ন বৰ্গকিলোমিটাৰ)। দেশখনৰ জনসংখ্যা প্ৰায় ৩০৯ মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বেৰ সকলোতকৈ বৈচিত্ৰ মণ্ডিত বহুজাতিক সমাজব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহুসংস্কৃতিবাদী ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। ২০০৮ চনত দেশৰ আনুমানিক জিডিপি হাৰ আছিল ১৪.৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ)।

ইংৰাজী ভাষা

ইংৰাজী (English, ইংলিছ) ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ অ্যাংগল্‌স, স্যাক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।

১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্‌নোলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান ম্যাণ্ডাৰিন, হিন্দী আৰু স্পেনিছ ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।

বিশ্বৰ ইন্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী। আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।

উত্তৰ আমেৰিকা

উত্তৰ আমেৰিকা (ইংৰাজী: North America; স্পেনীছ: América del Norte বা Norteamérica; ফৰাচী: Amérique du Nord; ওলন্দাজ: Noord-Amerika; পাপিয়ামেন্টো: Nort Amerika; গ্ৰীণলেণ্ডিক: Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বুলা হয়।

উৰ্দু ভাষা

উৰ্দু ভাষা (اُردُو) ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা। পাকিস্তানৰ প্ৰায় ১ কোটি লোক আৰু ভাৰতৰ প্ৰায় ৫ কোটি লোকৰ মাতৃভাষা উৰ্দু। তদুপৰি আফগানিস্তানৰ চহৰ সমূহত আৰু পাৰস্য উপসাগৰীয় দেশ সমূহত উৰ্দু ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা, নৰৱে, অষ্ট্ৰেলিয়াৰ পাকিস্তানী অধিবাসী সকলে উৰ্দুত কথা পাতে। গোটেই বিশ্বত উৰ্দু মাতৃভাষীৰ সংখ্যা প্ৰায় ৬ কোটি।

ওলন্দাজ ভাষা

ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে। ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্‌ (Dutch) নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লান্ট্‌চ্‌ (Nederlands) নামেৰে জনা যায়।

গুজৰাটী ভাষা

গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।

জৈন ধৰ্ম

জৈনধৰ্ম (সংস্কৃত: जैन धर्म; ইংৰাজী: Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়। প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল। কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল। ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ (খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)। আধুনিক বিশ্বত জৈনধৰ্মাৱলম্বীসকলৰ সংখ্যা তুলনামূলকভাৱে অনেক কম হ’লেও এই ধৰ্ম বেছ প্ৰভাৱশালী। ভাৰতত জৈন ধৰ্মাবলম্বীসকলৰ সংখ্যা প্ৰায় ১০,২০০,০০০। ইয়াৰ বাহিৰেও মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, ইউৰোপ, জাপান, হংকং, ছিঙ্গাপুৰ, অষ্ট্ৰেলিয়া আদি বিশ্বৰ অন্য প্ৰান্তটো কিছু জৈনধৰ্মী দেখা পোৱা যায়।

জৈনসকলে প্ৰাচীন শ্ৰমণ অৰ্থাৎ, কৃচ্ছ্বসাধনাৰ ধৰ্মক আজিও বহন কৰি চলি আহিছে। ভাৰতৰ ওপৰত ইয়াৰ ধৰ্মমত, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এই প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শিক্ষাৰ ক্ষেত্ৰটো বৃত্তিদানৰ এক প্ৰাচীন প্ৰথা জৈনসকলৰ মাজত আজিও বিদ্যমান; আৰু ভাৰতত এই সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ অত্যন্ত বেছি।

ন'বেল বঁটা (২০০৯)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০০৯ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

নাটো

নাটো (North Atlantic Treaty Organisation) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬ খন দেশৰ এক সন্ধি৷ ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়৷ ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়৷ ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে৷

ফিফাত দেশসমূহৰ সংকেতৰ তালিকা

ফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে| These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent areas, in official competitions. The FIFA designations are also sometimes used outside of association football in other sports[উদ্ধৃতিৰ প্ৰয়োজন], e.g. snooker.

ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী (ইংৰাজী: February; /ˈfɛbjuːˌɛri/) হৈছে গ্ৰেগ'ৰিয়ান আৰু জুলিয়ান পঞ্জিকা অনুসৰি বছৰৰ দ্বিতীয় মাহ। ই ইংৰাজী বছৰৰ সকলোতকৈ চুটি মাহ আৰু একমাত্ৰ মাহ যাৰ দিনৰ সংখ্যা ত্ৰিশতকৈ কম। অধিবৰ্ষত এই মাহত মুঠ ২৯ দিন আৰু অন্যান্য বছৰত ২৮ দিন থাকে।

উত্তৰ গোলাৰ্ধত ফেব্ৰুৱাৰী হৈছে শীতৰ তৃতীয় মাহ আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মৰ তৃতীয় মাহ (উত্তৰ গোলাৰ্ধৰ আগষ্ট মাহৰ সমতুল্য)। সাধাৰণ বছৰত ফেব্ৰুৱাৰী, মাৰ্চ আৰু নৱেম্বৰ মাহৰ প্ৰথম তাৰিখত একেই বাৰ হয়। সেই সময়ত এই মাহ আৰু জানুৱাৰীৰ শেষ দিনত একে বাৰ হয়। অধিবৰ্ষত ফেব্ৰুৱাৰী আৰু আগষ্ট মাহ একে বাৰত আৰম্ভ হয়। এই মাহৰ এটি আমোদজনক দিশ হৈছে অধিবৰ্ষ হওক বা নহওক, ফেব্ৰুৱাৰী মাহৰ শেষ দিনত যি বাৰ হয়, অক্টোবৰ মাহৰ শেষ দিনতো সেই একেই বাৰ হয়।

ভূপেন হাজৰিকা

ড॰ ভূপেন হাজৰিকা (১৯২৬-২০১১), অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবি পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও তেখেত চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।

উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, নিষ্পাদন কলা (performing arts), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এচিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড° হাজৰিকা কেৱল অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় ‘সংগীত নাটক একাডেমী বঁটা’ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড° হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতি আছিল। সংগীত নাটক অকাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা ড০ হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা

এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ইণ্ডেক্স (IHDI) বা অসমতা-সজ্জিত মানৱ উন্নয়ন সূচক পৰিচত কৰা হ'ল। আই-এইচ-ডি-আই মানৱ উন্নয়নৰ প্ৰকৃত স্তৰ বুলিব পাৰি, আন হাতে, এইচ-ডি-আই "সাম্ভাব্য" মানৱ উন্নয়ন সূচক বুলি অভিহিত কৰা হৈছে। সম্পূৰ্ণ সমতা অবিহনে সৰ্বোচ্চ আই-এইচ-ডি-আই লাভ কৰা সম্ভৱ নহয়।

শীতল যুদ্ধ

শীতল যুদ্ধ (ইংৰাজী: Cold War; ৰুছ: холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু চোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক "শীতল" বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল গণতন্ত্ৰ আৰু পুঁজিবাদৰ সপক্ষে; আৰু চোভিয়েট ইউনিয়ন আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল সংযুক্ত ৰাজ্য, ফ্ৰান্স, পশ্চিম জাৰ্মানী, জাপান আৰু কানাডা। চোভিয়েট ইউনিয়নৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে বুলগেৰিয়া, চেকোস্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, পূব জাৰ্মানী আৰু ৰোমানিয়া। শীতল যুদ্ধৰ কিছুকাল কিউবা আৰু চীন-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। তৃতীয় বিশ্বৰ নিৰপেক্ষ দেশবোৰ জোট-নিৰপেক্ষ আন্দোলনৰ অংশ আছিল। অবশেষত চোভিয়েট ইউনিয়নৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।

ইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে মাৰ্কিন সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে। এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে। proclaimed, "Let us not be deceived: we are today in the midst of a cold war."

৫ এপ্ৰিল

৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৭০ দিন বাকী থাকে।

৬ এপ্ৰিল

৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৬৯ দিন বাকী থাকে।

ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘ (ইংৰাজী: United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মুল লক্ষ্যসমুহ হ'ল আন্তৰ্জাতিক আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিস্থা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘ (League of Nations)-ৰ স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।

ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংশ হৈছে সাধাৰণ সভা, সুৰক্ষা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টী পৰিষদ (বৰ্তমান নিস্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), ইউনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্তুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহাৰ্য্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয়– আৰবী, চীনা, ইংৰাজী, ফৰাছী, ৰুছ আৰু স্পেনিছ।

History
Structure
People
Members

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.