ইউৰোপিয়ান ইউনিয়ন

ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ (ইংৰাজীEuropean Union) মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮ খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ।[8][9] ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান আভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষসমূহৰ পৰস্পৰ বুজাপৰাৰ মাধ্যমেৰে ইউৰোপিয়ান ইউনিয়নৰ পৰিচালনা কৰা হয়।[10][11] এই বহুজাতিক সংগঠনকেইটা হৈছে: ইউৰোপিয়ান সদন, ইউৰোপিয়ান কাউঞ্চিল, কাউঞ্চিল অফ দ্য ইউৰোপিয়ান ইউনিয়ন, ইউৰোপিয়ান ইউনিয়নৰ ন্যায়িক আদালত, ইউৰোপিয়ান কেন্দ্ৰীয় বেংক আৰু ইউৰোপিয়ান ক’ৰ্ট অফ অ’ডিটৰছ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সংঘৰ নাগৰিকসকলে ইউৰোপিয়ান সদনক নিৰ্বাচিত কৰে।

ইউনিয়নে বিশেষ আইনী ব্যৱস্থাৰ যোগেদি প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ এক আভ্যন্তৰীণ বা একক বজাৰৰ বিকাশ ঘটাইছে। স্কেনজেন এলেকাৰ ভিতৰত পাছপ’ৰ্ট নিয়ন্ত্ৰণ ব্যৱস্থাও উঠাই লোৱা হৈছে।[12] বিভিন্ন নীতিৰ জৰিয়তে ইউনিয়নে বনুৱা, সামগ্ৰী, সেৱা আৰু মূলধনৰ অবাধ বিচৰণ বা স্থানান্তৰৰ লগতে[13] ন্যায়িক আৰু গৃহ বিষয়ত আইন প্ৰনয়ণ তথা বেপাৰ-বাণিজ্য,[14] কৃষি, মৎস্য পালন [15] আৰু আঞ্চলিক উন্নয়নৰ[16] ক্ষেত্ৰত উমৈহতীয়া নীতি গ্ৰহণ সুনিশ্চিত কৰে। ১৯৯৯ চনত সংঘৰ দেশসমূহে মুদ্ৰা সংঘ বা মানিটেৰী ইউনিয়ন গঠন কৰে আৰু ২০০২ চনৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ ১৯ খন দেশে ইউৰোৰ ব্যৱহাৰ কৰে।

ইনাৰ চিক্স অৰ্থাৎ ইউনিয়নৰ প্ৰতিষ্ঠাপক ছয়খন দেশে (বেলজিয়াম, ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ড) গঠন কৰা ইউৰোপিয় কয়লা আৰু তীখা সমাজ (১৯৫১) আৰু ইউৰোপিয় অৰ্থনৈতিক সমাজৰ (১৯৫৮) পৰাই ইউৰোপিয় সংঘৰ আৰম্ভণি ঘটে। মাষ্ট্ৰিচ সন্ধিৰ লগে লগে ১৯৯৩ চনত বৰ্তমানৰ নামেৰে ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিষ্ঠা হয় আৰু ইউৰোপিয়ান নাগৰিকত্তৰো প্ৰৱৰ্তন কৰা হয়।[17]

২০১২ চনত ইউৰোপিয়ান ইউনিয়নক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হয়।[18]

[[File:Flag of Europe. = Circle of 12 gold stars on a blue background|125px|border|alt=|Flag of ইউৰোপ]]
নীতিবাক্য
"United in diversity"[1]
সঙ্গীত
"Ode to Joy" (orchestral)<="EU-Symbols"/>

ইউৰোপ-ৰ অৱস্থান
ৰাজধানীব্ৰুজেলছ (de facto)[2]
50°51′N 4°21′E / 50.85°N 4.35°E
বৃহত্তম মহানগৰ লণ্ডন আৰু পেৰিছ
ৰাষ্ট্ৰভাষা (সমূহ)
জাতীয়তাসূচক বিশেষণ ইউৰোপিয়ান[3]
ধৰণ ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ
সদস্য ৰাষ্ট্ৰসমূহ
ৰাষ্ট্ৰনেতা (বৃন্দ)
 -  ইউৰোপিয়ান কমিচনৰ সভাপতি জিন-ক্ল’ড জাংকাৰ
 -  ইউৰোপিয়ান কাউঞ্চিলৰ সভাপতি ড’নাল্ড টাস্ক
Formation[4]
 -  ৰোমৰ সন্ধি ১ জানুৱাৰী ১৯৫৮ 
 -  Treaty of Maastricht 1 November 1993 
মাটিকালি
 -  মুঠ ৪৩,২৪,৭৮২ বৰ্গ কিমি (7tha)
 বৰ্গ মাইল 
 -  জলভাগ (%) ৩.০৮ (১,৩৩,২০৩ বৰ্গ কিমি)
জনসংখ্যা
 -  2015 আনুমানিক ৫০,৮১,৯১,১১৬'"`UNIQ--ref-০০০০০০০৪-QINU`"' ()
জিডিপি (পিপিপি) 2015 আনুমানিক
 -  মুঠ $19.035 trillion[6] (1sta)
 -  জনমুৰি $37,607[6] (19tha)
জিডিপি (নামমাত্ৰ) 2015 আনুমানিক
 -  মুঠ $16.449 trillion[6] (2nda)
 -  জনমুৰি $32,498[7] (16tha)
জিনি সহগ? (2010) 30.4 
মানৱ উন্নয়ন সূচক (2011) 0.876 (13th / 25tha)
মুদ্ৰা
  • ইউৰো
সময় অঞ্চল WET (UTC)[lower-alpha 1]
CET (UTC+1)
EET (UTC+2)
 -  গ্ৰীষ্মকালীন (ডিএছটি) WEST (UTC+1)
CEST (UTC+2)
EEST (ইউটিচি+3)
ইণ্টাৰনেট টিএলডি .eu[lower-alpha 2]
ৱেবচাইট
europa.eu

তথ্য সংগ্ৰহ

  1. The Substantive Law of the EU: The four freedoms (2 ed.). Oxford University Press. পৃষ্ঠা. 447. ISBN ISBN 978-0-19-929035-2.. https://en.wikipedia.org/wiki/European_Union#cite_note-Four_Freedoms-1.
  2. Cybriwsky (2013). Capital Cities around the World: An Encyclopedia of Geography, History, and Culture: An Encyclopedia of Geography, History, and Culture. ABC-CLIO. https://books.google.com/books?id=qb6NAQAAQBAJ&pg=PA64.
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; OED নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. Current Article 1 of the Treaty on European Union reads:"The Union shall be founded on the present Treaty and on the Treaty on the Functioning of the European Union. Those two Treaties shall have the same legal value. The Union shall replace and succeed the European Community".
  5. "Eurostat - Population on 1 January 2015". European Commission. http://ec.europa.eu/eurostat/tgm/table.do?tab=table&language=en&pcode=tps00001&tableSelection=1&footnotes=yes&labeling=labels&plugin=1। আহৰণ কৰা হৈছে: 20 August 2015.
  6. 6.0 6.1 6.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; imf নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; imf2 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. "Basic information on the European Union". European Union. europa.eu. http://europa.eu/about-eu/basic-information/index_en.htm। আহৰণ কৰা হৈছে: 4 October 2012.
  9. "European". Oxford English Dictionary. http://www.oed.com/view/Entry/65099?redirectedFrom=European#eid। আহৰণ কৰা হৈছে: 3 October 2011. "5 b. spec. Designating a developing series of economic and political unions between certain countries of Europe from 1952 onwards, as European Economic Community, European Community, European Union"
  10. "European Union". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/196399/European-Union। আহৰণ কৰা হৈছে: 3 July 2013. "international organisation comprising 28 European countries and governing common economic, social, and security policies ..."
  11. "European Union". The World Factbook. Central Intelligence Agency. https://www.cia.gov/library/publications/the-world-factbook/geos/ee.html। আহৰণ কৰা হৈছে: 11 October 2009.
  12. "Schengen area". Europa web portal. http://ec.europa.eu/home-affairs/policies/borders/borders_schengen_en.htm। আহৰণ কৰা হৈছে: 8 September 2010.
  13. European Commission. "The EU Single Market: Fewer barriers, more opportunities". Europa web portal. http://ec.europa.eu/internal_market/index_en.htm। আহৰণ কৰা হৈছে: 27 September 2007.
    "Activities of the European Union: Internal Market". Europa web portal. http://europa.eu/pol/singl/index_en.htm। আহৰণ কৰা হৈছে: 29 June 2007.
  14. "Common commercial policy". Europa Glossary. Europa web portal. http://europa.eu/scadplus/glossary/commercial_policy_en.htm। আহৰণ কৰা হৈছে: 6 September 2008.
  15. "Agriculture and Fisheries Council". The Council of the European Union. http://www.consilium.europa.eu/policies/council-configurations/agriculture-and-fisheries। আহৰণ কৰা হৈছে: 3 June 2013.
  16. "Regional Policy Inforegio". Europa web portal. http://ec.europa.eu/regional_policy/index_en.cfm। আহৰণ কৰা হৈছে: 3 June 2013.
  17. Craig, Paul; Grainne De Burca; P. P. Craig (2007). EU Law: Text, Cases and Materials (4th সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 15. ISBN 978-0-19-927389-8.; "Treaty of Maastricht on European Union". Activities of the European Union. Europa web portal. http://europa.eu/legislation_summaries/economic_and_monetary_affairs/institutional_and_economic_framework/treaties_maastricht_en.htm। আহৰণ কৰা হৈছে: 20 October 2007.
  18. "EU collects Nobel Peace Prize in Oslo". British Broadcasting Corporation. 10 December 2012. http://www.bbc.co.uk/news/world-europe-20664167। আহৰণ কৰা হৈছে: 3 June 2013.


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "lower-alpha" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="lower-alpha"/> টেগ্‌ পোৱা নগ'ল

অৰ্থনৈতিক একত্ৰীকৰণ

অৰ্থনৈতিক একত্ৰিকৰণ (ইংৰাজী: Economic integration) হৈছে একাধিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতিসমূহৰ সমন্বিত বা একত্ৰিত ব্যৱস্থা। এই ব্যৱস্থাত একত্ৰিকৰণৰ পূৰ্বে অন্তৰ্ভুক্ত দেশসমূহে নিজৰ মাজত বিভিন্ন আমদানি শুল্ক আৰু অশুল্ক নিষেধসমূহ কিছু পৰিমাণে বা সম্পূৰ্ণভাৱে উঠাই লয়। ইয়াৰ দ্বাৰা বিতৰক আৰু উপভোক্তা উভয় পক্ষৰে সামূহিক কল্যাণ আৰু দেশসমূহৰ অৰ্থনৈতিক উৎপাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্য বান্ধি লোৱা হয়।

অৰ্থনৈতিক একত্ৰিকৰণৰ যোগেদি আশা কৰা বাণিজ্যিক প্ৰভাৱ সমসাময়িক অৰ্থনৈতিক সূত্ৰ দ্বিতীয় শ্ৰেষ্ঠৰ সূত্ৰৰ এটা অংশ। দ্বিতীয় শ্ৰেষ্ঠৰ সূত্ৰ মতে শ্ৰেষ্ঠতম বিকল্প হৈছে বাণিজ্যিক বাধা-নিষেধৰ অবিহনে আৰু মুক্ত প্ৰতিযোগিতাৰ সৈতে থকা মুক্ত বেহা-বেপাৰৰ ব্যৱস্থা। মুক্ত বেহা-বেপাৰক আদৰ্শ বিকল্প হিচাপে গণ্য কৰাৰ বিপৰীতে সম্পূৰ্ণ মুক্ত বেহা-বেপাৰত বাধা-নিষেধ থকা গোলকীয় বাণিজ্যত অৰ্থনৈতিক একত্ৰিকৰণক দ্বিতীয় শ্ৰেষ্ঠ বিকল্প ৰূপে ধৰা হয়।

ইংৰাজী ভাষা

ইংৰাজী (English, ইংলিছ) ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ অ্যাংগল্‌স, স্যাক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল।

১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্‌নোলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান ম্যাণ্ডাৰিন, হিন্দী আৰু স্পেনিছ ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।

বিশ্বৰ ইন্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী। আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।

উদ্যোগ

উদ্যোগ (ইংৰাজী: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন। কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়। যেতিয়া কোনো এক বৃহৎ গোটৰ আয়ৰ উৎস বহুকেইটা হয় তেতিয়া সেই গোটটোৱে কেইবাটাও উদ্যোগিক ক্ষেত্ৰত কাম-কাজ চলাই নিয়া বুলি ধৰা হয়। উদাহৰণস্বৰূপে, ৰিলায়েঞ্চ ঔদ্যোগিক গোটে বহুকেইটা দিশত ব্যাৱসায়িক কাম-কাজ সম্প্ৰসাৰণ কৰিছে আৰু সেয়ে ই যোগাযোগ, জীৱন বীমা, খাৰুৱা তেল আদি বহুকেইটা ঔদ্যোগিক ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত।

ওলন্দাজ ভাষা

ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে। ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্‌ (Dutch) নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লান্ট্‌চ্‌ (Nederlands) নামেৰে জনা যায়।

কয়লা

কয়লা (ইংৰাজী: Coal) হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহনশীল এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্'জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰ'জেনও কিছু পৰিমাণে থাকে। বেলেগ বেলেগ প্ৰকাৰৰ কয়লাত কাৰ্বনৰ পৰিমাণো ভিন্ন।

খাদ্য আৰু কৃষি সংস্থা

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম কৰে আৰু ইয়াত সকলোৱে সমান ভাবে নীতি আলোচনা কৰে।

খাদ্য আৰু কৃষি সংস্থায়ে জ্ঞান আৰু তথ্যৰ এক উৎস হিচাপে উন্নয়নশীল দেশ সমূহক কৃষিৰ আধুনিকৰণ আৰু উন্নয়ন, বন আৰু মৎস্য উৎপাদন প্ৰক্ৰিয়াত সহায় আগবঢ়ায়। ইয়াৰ জৰিয়তে ই পৃথিৱীত সুপুষ্টি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ নীতিবাক্য হৈছে লেটিন ভাষাত fiat panisযাৰ আক্ষৰিক অৰ্থ সকলোৰে বাবে খাদ্য হওঁক। ২০১৮ চনৰ আগষ্ট মাহৰলৈকে ইয়াৰ সদস্যৰ সংখ্যা ১৯৭। ইয়াৰে ভিতৰত ইউৰোপিয়ান ইউনিয়ন এক সদস্য সংস্থা হিচাপে,নিউ আৰু কুক দ্বীপপুঞ্জ নিউজিলেণ্ডৰ সৈতে আৰু ফেৰ' দ্বীপপুঞ্জ আৰু টোকেলাউ সহযোগী সদস্য।খাদ্য আৰু কৃষি সংস্থাৰ বৰ্তমান সচিব প্ৰধান হৈছে ব্ৰাজিলৰ জছ গ্ৰাজিয়ান' ডা ছিলভা। ইয়াৰ মুখ্য কাৰ্যালয় ইটালী দেশৰ ৰাজধানী ৰোমত অৱস্থিত।

দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা

দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা (ছাৰ্ক)(ইংৰাজী: South Asian Association for Regional Cooperation) হৈছে দক্ষিণ এচিয়াত অৱস্থিত আঠখন সদস্য ৰাষ্ট্ৰৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন। ছাৰ্কৰ সচিবালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত।মুঠ ঘৰুৱা উৎপাদনৰ (তুলনামুলক ক্ৰয় ক্ষমতা) লেখেৰে বিশ্বত ছাৰ্ক দেশসমূহৰ সন্মিলিত অৰ্থনীতিৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন গণৰাজ্যৰ পিছতে, অৰ্থাৎ ৩য়। ছাৰ্ক দেশসমূহৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ২১% (প্ৰায় ১.৭ বিলিয়ন) হোৱাৰ বিপৰীতে ই মুঠ ভূমিভাগৰ ৩% হে অধিকাৰ কৰি আছে। ভাৰতে ইয়াৰে ৭০% জনসংখ্যা তথা ভূমি অধিকাৰ কৰি আছে। ২০০৫-০৬ বৰ্ষত ছাৰ্কৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল ৮.৮%। কিন্তু ছাৰ্কৰ অৰ্থনীতিৰ প্ৰায় ৮০% গঠন কৰা ভাৰতীয় অৰ্থনীতিৰ লেহেমিয়া গতিৰ বাবে ২০১১ চনত ই ৬.৫% লৈ হ্ৰাস পায়।

দক্ষিণ এচিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সহযোগিতাৰ কথা ১৯৮০ চনতে উত্থাপিত হৈছিল আৰু ১৯৮৫ চনৰ ৮ ডিচেম্বৰত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বৈঠকত ভাৰত, মালদ্বীপ, বাংলাদেশ, ভূটান, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা চৰকাৰ সন্মিলিত হৈ ছাৰ্কৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত আফগানিস্তানো ছাৰ্ক দেশসমূহত অন্তৰ্ভুক্ত হয় আৰু নীৰিক্ষণকাৰী দেশসমূহৰ সৈতে ছাৰ্কে ব্যাপ্তি লাভ কৰে। ছাৰ্কৰ নীতিসমূহৰ লক্ষ্য হৈছে কল্যাণকামী অৰ্থনীতি, দক্ষিণ এচিয়াৰ দেশসমূহৰ সামূহিক স্বনিৰ্ভৰশীলতা আৰু উক্ত অঞ্চলটোত সামাজিক-সাংস্কৃতিক উন্নয়ন। ইউৰোপিয়ান ইউনিয়ন, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুজাতিক সংস্থাসমূহৰ সৈতে নিগাজী সম্পৰ্ক স্থাপনৰ যোগেদি ছাৰ্কে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰখনত নিজকে ক্ৰমাগতভাৱে জড়িত কৰি যায়।

দেশ অনুসাৰে কয়লা

এই প্ৰৱন্ধত দেশ অনুসাৰে কয়লা খনি আৰু কয়লা উৎপাদনৰ তালিকা দিয়া হৈছে। সকলো তথ্য বৃটিছ পেট্ৰ'লিয়ামৰ পৰা লোৱা হৈছে।

কয়লা খনিৰ তালিকাখনত সকলো ধৰণৰ কয়লাকে ধৰা হৈছে আৰু বিশ্বৰ মুঠ কয়লাখনিৰ ০.১% কয়লা খনি থকা দেশসমূহক অন্তৰ্ভূক্ত কৰা হৈছে।

কয়লা উৎপাদনৰ তালিকাখনত ১ মিলিয়ন টন বা ততোধিক কয়লা উৎপাদনকাৰী দেশসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

কয়লা উৎপাদন সম্বন্ধীয় অন্যান্য তালিকাসমূহ:

কয়লা খনি অনুসৰি দেশৰ তালিকা

কয়লা উৎপাদন অনুসৰি দেশৰ তালিকা

পূৱ টিমুৰ

পূৱ টিমুৰ (টেটুম: Timór Lorosa'e টিমুৰ্ লোৰোছায়ে, পৰ্তুগিজ: Timor-Leste টেমুৰ লেষ্ট্যি আ-ধ্ব-ব: [ti'moɾ 'lɛʃtɨ]) দক্ষিণ-পূৱ এছিয়াৰ এখন ৰাষ্ট্ৰ। টিমুৰ দ্বীপৰ পূৱ অৰ্ধাংশক লৈ দেশখন গঠিত। ইয়াৰ উত্তৰে ৱেটাৰ প্ৰণালী আৰু দক্ষিণে টিমুৰ সাগৰ আছে। দ্বীপৰ পশ্চিম অংশ ইণ্ডোনেছিয়া পূৱ নুছা তেংগাৰৰা প্ৰদেশৰ অন্তৰ্গত। ১৬শ শতিকাৰ আৰম্ভনিৰ পৰা ১৯৭৫ চন পৰ্যন্ত পূৱ টিমুৰ এক পতুৰ্গিজ উপনিৱেশ আছিল। ১৯৭৬ৰ পৰা ১৯৯৯ চন পৰ্যন্ত ইণ্ডোনেছিয়াই ইয়াক এখন প্ৰদেশ হিচাপে দাবী কৰে। ১৯৯৯ চনৰ আগষ্ট মাহত পুৱ টিমুৰৰ জনগণে এক গণভোটৰ মাধ্যমেৰে স্বাধীনতাৰ সপক্ষে ৰায় দান কৰে। পূৰ্ণ স্বাধীনতা লাভৰ আগলৈকে এই দেশখন ৰাষ্ট্ৰ সংঘৰ অধীনত আছিল। ২০০২ চনৰ মে মাহত দেশখনে পূৰ্ণ স্বাধীনতা লাভ কৰি সম্পূৰ্ণ প্ৰজাতন্ত্ৰত পৰিণত হয়। ইয়াৰ নাম ৰখা হয় "República Democrática de Timor-Leste" অৰ্থাৎ "গণপ্ৰজাতন্ত্ৰী পূৱ টিমুৰ।" উত্তৰ উপকূলত অৱস্থিত বন্দৰ নগৰ দিলি হৈছে পূৱ টিমুৰৰ ৰাজধানী।

লিংগ অনুপাত অনুসৰি দেশৰ তালিকা

জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.