অৰ্থনীতি

অৰ্থনীতি (ইংৰাজী: Economics) হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাব পুৰণ অৰ্থনীতিৰ মুল বিষয়।

অৰ্থনীতি শব্দটো ইংৰাজী 'Economics' শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে 'Economics' শব্দটো গ্ৰিক শব্দ 'Oikos' অৰ্থাৎ পৰিয়াল আৰু 'Nomos' অৰ্থাৎ পৰিচালনা কৰা শব্দদুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা 'Oekonomos'-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ঘৰ এখন পৰিচালনা কৰা। অৰ্থাৎ সীমিত আয়ৰে ঘৰ এখন পৰিচালিত কৰা ধাৰণাটোৰ পৰাই 'অৰ্থনীতি' বা অৰ্থবিজ্ঞানৰ উৎপত্তি[1]

অৰ্থনীতিৰ সংজ্ঞা

অৰ্থনীতিৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়া টান।ভিন্ন অৰ্থবিজ্ঞানিয়ে নিজস্ব দৃষ্টিভঙ্গীৰে নিজস্ব সংজ্ঞা আগবঢ়াইছে। এই সমুহৰ ভিতৰত আডাম স্মিথ(Adam Smith),আলফ্ৰেড মাৰ্ছাল(Alfred Marshall), লিঅ'নেল ৰবিনছ(Lionel Robbins), পল ছেমুৱেলছন(Pol Samuelson) আদিয়ে আগবঢ়োৱা সংজ্ঞা উল্লেখযোগ্য।

  1. আডাম স্মিথৰ সংজ্ঞা: স্মিথে 1776 চনত প্ৰকাশিত তেওঁৰ 'An Inquiry into the Nature and Causes of Wealth of Nations' নামৰ কিতাপ খনত অৰ্থনীতিক সম্পদৰ বিজ্ঞান(Science of Wealth) বুলি কৈছে।[2]স্মিথৰ এই সংজ্ঞাক ডেভিড ৰিকাৰ্ডো, জন ষ্টুৱাৰ্ট মিল আদি সংস্থাপিত অৰ্থবিজ্ঞানী সকলে সমৰ্থন কৰে।এই সংজ্ঞাত সম্পদৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বাবে 'সম্পদ ভিত্তিক সংজ্ঞা' বুলিও জনা যায়।
  2. আলফ্ৰেড মাৰ্ছালৰ সংজ্ঞা:অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্ছালে ১৮৯০ চনত প্ৰকাশপোৱা তেওঁৰ '’Principles of Economics' নামৰ পুথিত লিখিছে যে,অৰ্থনীতিয়ে মানৱ জাতিৰ জীৱনৰ সাধাৰণ কাৰ্য্য অধ্যয়ন কৰে(---'Economics is the study of mankind in the ordinary business of life, it examines that part of individual and social actions which is most closely connected with the attainment and with the use of the material requisites of well being. Thus it is on the one side a study of wealth and on the other and more important side, a part of the study of man)[3] মানুহৰ কল্যানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল বাবে ,এই সংজ্ঞাক 'কল্যাণ ভিত্তিক সংজ্ঞা' বুলিও কোৱা হয়।
  3. লিঅ’’'নেল ৰবিন্‌ছৰ সংজ্ঞা:১৯৩২ চনত প্ৰকাশিত ৰবিনছৰ 'Nature and Significance of Economic Science' নামৰ গ্ৰন্থ খনত পুৰ্বৰ অৰ্থনীতিৰ সংজ্ঞা সমুহক সমালোচনা কৰে আৰু এটা নতুন সংজ্ঞা আগবঢ়ায়।তেওঁৰ মতে 'যি বিজ্ঞানে বিভিন্ন লক্ষ্য (অভাৱ পুৰণৰ) আৰু বিকল্প ব্যৱহাৰ যুক্ত অপ্ৰচুৰ আহিলা সমুহৰ মাজৰ সম্পৰ্কৰূপে মানুহৰ আচৰণ অধ্যয়ন কৰে, সেই বিজ্ঞানেই অৰ্থবিজ্ঞান।[4]
  4. পল চেমুৱেলছনৰ সংজ্ঞা:দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা অৰ্থনৈতিক বিকাশে(Economic growth) প্ৰতেক দেশতেই কিছুমান নতুন নতুন সমস্যাৰ সৃষ্টি কৰিলে।তেতিয়াৰ পৰাই অৰ্থনৈতিক বিকাশ, উন্নয়ন, পৰিকল্পনা, দাৰিদ্ৰ আৰু নিবনুৱা সমস্যা আদি বিষয়বোৰ অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত হবলৈ ধৰিলে।নবেল বটা বিজয়ী অধ্যাপক পল চেমুৱেলছনে সেই সময়তে অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দি অৰ্থনীতিৰ সংজ্ঞা আগবঢ়ালে।তেওঁৰ মতে, ' মানুহে ব্যক্তিগত বা সামুহিকভাৱে মুদ্ৰাৰ ব্যৱহাৰ যোগে বা মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ বিকল্প ব্যৱহাৰ থকা অপ্ৰচুৰ উৎপাদনক্ষম সম্পদসমুহ কেনেকৈ সময়ভেদে বিভিন্ন পণ্য সামগ্ৰীৰ উৎপাদনত ব্যৱহাৰ কৰিবলৈ স্থিৰ কৰে আৰু উৎপাদিত সামগ্ৰীসমুহ বৰ্তমান আৰু ভৱিষ্যত ভোগত কেনেকৈ বিভিন্ন ব্যক্তি আৰু গোষ্ঠীৰ মাজত বিতৰণ কৰে তাৰেই অধ্যয়ন হ’'ল অৰ্থবিজ্ঞান'[5]

অৰ্থনীতিৰ মুল বিভাগ সমুহ

অৰ্থনৈতিক তত্ত্ব বা সমস্যাবিলাক সাধাৰণতে দুটা পদ্ধতিৰে আলোচনা কৰিব পাৰি।সেইয়া হ’'ল-

  1. ব্যষ্টিবাদী অৰ্থনীতি(Micro Economics);
  2. সমষ্টিবাদী অৰ্থনীতি(Macro Economics);

ব্যষ্টিবাদী অৰ্থনীতি(Micro Economics)

ইংৰাজী Micro শব্দৰ অৰ্থ অতি ক্ষুদ্ৰ বা ক্ষুদ্ৰগোট।গতিকে ব্যষ্টিবাদী অৰ্থনীতি বুলিলে কোনোদেশৰ জাতীয় অৰ্থনীতিৰ এক অতি ক্ষুদ্ৰ অংশৰ অধ্যয়নক বুজায়।অৰ্থাৎ, ব্যষ্টিবাদী অৰ্থনীতিত কোনো নিদিৰ্ষ্ট ব্যক্তিয়ে কেনেকৈ সৰ্বাধিক লাভ উপাৰ্জন কৰিলে, কোনো নিৰ্দিষ্ট ব্যৱসায় প্ৰতিষ্ঠানে কেনেকৈ সৰ্বাধিক লাভ অৰ্জন কৰিলে, কোনো নিৰ্দষ্ট পৰিয়ালে কেনেকৈ আয় আৰু ব্যয়ৰ সমতা স্থাপন কৰিলে, ইত্যাদি ব্যষ্টিবাদী অৰ্থনীতিৰ আলোচ্য বিষয়।ই এক নিৰ্দিষ্ট গোটৰহে অধ্যয়ন, সমস্ত জাতীয় অৰ্থনীতিৰ নহয়।ব্যষ্টিবাদী আৰ্থনীতিত সমস্ত জাতীয় অৰ্থনীতিক ক্ষুদ্ৰ ক্ষুদ্ৰ আংশত ভাগ কৰি, প্ৰতিটো ভাগ বিজ্ঞান সন্মত ভাৱে, সুক্ষ্ম বিশ্লেষণ কৰা হয়।

বজাৰ

সাধাৰণতে যি ঠাইত বস্তু বেচাকিনা কৰে সেই ঠাইখনকেই বজাৰ বোলে।কিন্তু অৰ্থনীতিত বজাৰ বুলিলে কোনো ঠাইক নুবুজাই।অৰ্থনীতিত 'বজাৰ' মানে এক আৰ্থিক অনুষ্ঠান, যি প্ৰতক্ষ্য বা পৰোক্ষ ভাবে ক্ৰেতা আৰু বিক্ৰেতাক পৰস্পৰৰ সংস্পৰ্শলৈ আনি ক্ৰয়-বিক্ৰয় সম্ভব কৰিতোলে। Stonier আৰু Hagueৰ মতে, বজাৰৰ আটাইতকৈ দৰকাৰী বৈশিষ্ট্য হ'ল সকলো ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা সম্পৰ্ক স্থাপন হব লাগিব যাতে তেওঁলোকৰ মাজত যোগাযোগ স্থাপন হ'ব পাৰে।[6]"সম্ভাব্য ক্ৰেতা আৰু বিক্ৰেতাক ওছৰচপাই অনা কাৰ্য্যত বিশেষীকৰণ অৰ্জন কৰা ব্যক্তি এজন নিজেই বজাৰ হৈ পৰাটো লাভজনক হব পাৰে।বাতৰি কাকত এখনৰ কেৱল বিজ্ঞাপনৰ শিতানটোও এখন বজাৰ হব পাৰে।"[7]

Alanya Market 50
এখন ফলমূলৰ বজাৰ
MarcheTamanrasset5
এখন পশুৰ বজাৰ

অৰ্থনীতিত বজাৰ সদায় বস্তুৰ নাম অনুসৰিহে হয়, ঠাইৰ নাম অনুসৰি নহয়।উদাহৰণ স্বৰূপে :- চাহৰ বজাৰ, সোনৰ বজাৰ, শ্ৰমৰ বজাৰ, অংশপত্ৰৰ বজাৰ ইত্যাদি।আলোচনাৰ সুবিধাৰ বাবে বজাৰক কেবাটাও ভাগত ভগোৱা হয়।তলত কিছু আলোচনা কৰা হল।

আয়তন অনুসৰি বজাৰক স্থানীয় বা আঞ্চলিক বজাৰ,দেশীয় বা আন্ত:ৰাজ্যিক বজাৰ আৰু আন্ত:জাতীক বা বিশ্ববজাৰত ভাগ কৰা হয়।

প্ৰতিযোগিতাৰ ভিত্তিত বজাৰক তলত দিয়া ধৰণেৰে ভাগ কৰা হয়।

  1. একচেটিয়া বজাৰ(Monopoly)
  2. পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ(Perfect Competition )
  3. বিশুদ্ধ প্ৰতিযোগিতাৰ বজাৰ(Pure Competition)
  4. দ্বি-বিক্ৰেতাৰ বজাৰ(Duopoly)
  5. স্বল্প বিক্ৰেতাৰ বজাৰ(Oligopoly)
  6. একক ক্ৰেতাৰ বজাৰ(Monopsony)
  7. দ্বি-পাক্ষিক একচেটিয়া বজাৰ(Bilateral monopoly)আৰু
  8. অপুৰ্ণ প্ৰতিযোগিতাৰ বজাৰ বা একাধিকাৰপ্ৰতিযোগি বজাৰ(Monopolistic competition / imperfect competition)

উৎপাদনৰ অৰ্থ

অৰ্থবিজ্ঞানত উৎপাদন বুলি কলে কোনো বস্তু বা সামগ্ৰীৰ সৃষ্টি কৰাটো নুবুজাই। অৰ্থবিজ্ঞানত উৎপাদন মানে কোনো বস্তু বা দ্ৰব্যৰ উপযোগিতা বৃদ্ধি কৰাটোহে বুজাই।প্ৰকৃতি প্ৰদত্ত সম্পদ সমুহক অৰ্থনৈতিক কাৰ্য্যৰ জৰিয়তে উপযোগিতা প্ৰদান কৰাটোৱেই হল উৎপাদন।উপযোগিতা বৃদ্ধি চাৰি প্ৰকাৰে কৰিব পাৰি।কোনো বস্তুৰ আকৃতি, প্ৰকৃতি, স্থান আৰু সময়ৰ পৰিৱৰ্তন ঘটাই উপযোগিতাৰ বৃদ্ধি ঘটোৱা হয়।

উৎপাদনৰ উপাদান সমুহ

এটা বস্তু উৎপাদন কৰিবলৈ বা আন ধৰণে কলে বস্তু এটাৰ উপযোগিতা বৃদ্ধি কৰিবলৈ চাৰিবিধ উপাদানৰ প্ৰয়োজন হয়। সেই সমুহ হৈছে:

  1. ভুমি
  2. শ্ৰম
  3. মূলধন
  4. সংগঠন

এইবোৰক অৰ্থবিজ্ঞানতউৎপাদনৰ উপাদান বোলা হয়।এই উপাদান বোৰৰ বাবেই উৎপাদন কৰোতে খৰচ বা ব্যয় হয়।এই ব্যয়ক উৎপাদন ব্যয় বোলা হয়।

উৎপাদনৰ উপাদান সমুহ ব্যৱহাৰ কৰি উৎপাদন কাৰ্য্য সংঘটিত কৰা হয়। এই উপাদান সমুহ বিনামূল্যে পোৱা নাযায়।কাৰণ এইবোৰ মুক্ত সামগ্ৰী নহয়।এইবোৰ আৰ্থিক সামগ্ৰীহে।সেইবাবে উৎপাদনকাৰীয়ে উপাদানবোৰ স২গ্ৰহ কৰোতে ব্যয় বহন কৰিব লগা হয়। এই ব্যয়কে উৎপাদন ব্যয় বোলে।উৎপাদন ব্যয়ক প্ৰধানকৈ তিনি ভাগত ভগোৱা হয়:

  1. অনিহিত ব্যয় আৰু
  2. প্ৰচ্ছন্ন ব্যয়।

এই দুয়োবিধ ব্যয় লগ লগালে মুঠ উৎপাদন ব্যয় পোৱা যায়।ভুমি, শ্ৰম, মূলধন আৰু সংগঠনৰ সংগ্ৰহ কৰিবৰ বাবে যি ব্যয় হয়, তাক অনিহিত ব্যয় বোলে।আনহাতে কেতিয়াবা উৎপাদনকাৰীয়ে উপাদান সমুহ নিজাববীয়াকৈ নিজেই যোগান ধৰে। উৎপাদনকাৰীয়ে নিজে যোগান ধৰা উপাদানৰ যি মূল্য হ'ব সেইটোকেই অৰ্থবিজ্ঞানত প্ৰচ্ছন্ন ব্যয় বোলে।

বিশেষীকৰণে কোনো এটা বিশেষ সীমাবন্ধক্ষেত্ৰত কৰ্মপ্ৰচেষ্টা আবদ্ধ ৰখা কাৰ্য্যকেই বুজায়।বিশেযীকৰণ কেৱল ব্যক্তিভিত্তিক নহৈ স্থানভিত্তিকো হব পাৰে।ব্যক্তি ভিত্তিক বিশেষীকৰণক অৰ্থবিজ্ঞানত '''শ্ৰম বিভাজন''' আৰু স্থানভিত্তিক বিশেষীকৰণক আঞ্চলিক বিশেষীকৰণ বা '''স্থানীয়কৰণ''' বোলা হয়।

কোনো বস্তু বা সেৱা কাৰ্য্য পাবৰ বাবে কৰা আৰ্থিক সামৰ্থৰে পৰিপুষ্ট হাবিয়াসকে অৰ্থবিজ্ঞানত '''চাহিদা''' বোলে।আৰ্থাৎ মানুহে বা ভোক্তাই '''চাহিদা''' কৰাৰ অৰ্থ হ'ল কোনো বস্তু পাবলৈ তেওঁৰ ইচ্ছা থকাৰ লগতে বস্তুটোৰ বিনিময়ত মূল্য দিব পৰাৰ ক্ষমতাও আছে।আনহাতে যোগান শব্দৰ অৰ্থ হৈছে, এক নিদিষ্ট দামত উৎপাদনকাৰীয়ে যি পৰিমানৰ সামগ্ৰী বিক্ৰিৰ বাবে প্ৰস্তুত হয়, তাকে ''যোগান''' বোলে।

সমষ্টিবাদী অৰ্থনীতি(Macro Economics)

সমষ্টিবাদী অৰ্থনীতিত কোনো নিৰ্দিষ্ট গোটৰ পৰিবৰ্তে জাতীয় অৰ্থনীতিৰ আটাইবোৰ গোটকে সমষ্টিভুক্ত কৰি অধ্যয়ন কৰা হয়।ই সমগ্ৰ অৰ্থনীতিৰে এটা অধ্যয়ন।ইয়াৰ পৰিসৰ আৰু বিষয় বস্তু ব্যষ্টিবাদী অৰ্থনীতিতকৈ যথেষ্ট বহল আৰু প্ৰশস্ত।

অৰ্থনৈতিক বিকাশ

যদিও সাধাৰণতে 'অৰ্থনৈতিক বৃদ্ধি' আৰু 'অৰ্থনৈতিক বিকাশ' একেই অৰ্থত ব্যৱহাৰ কৰা দেখা যায়, কিন্তু এই দুই ধাৰণাৰ মাজত কিছুমান মৌলিক পাৰ্থক্য আছে।কিছুমান অৰ্থনীতিবিদ যেনে Schumpeter আৰু Ursula Hicksৰ অনুসৰি অৰ্থনৈতিক বিকাশৰ সমস্যাটো হৈছে অনুন্নত দেশ সমুহৰ লগত জড়িত আৰু অৰ্থনৈতিক সমৃদ্ধিটো উন্নত দেশ সমুহৰ ক্ষেত্ৰত সম্পৰ্কিত।Human Development Report হিচাপে প্ৰকাশিত হোৱা ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি অনুযায়ী, 'অৰ্থনৈতিক সমৃদ্ধি(Economic growth) হৈছে 'মানব সম্পদ বিকাশ'(Human development) অৰ্জনৰ মাধ্যম আৰু সেই বাবে সমৃদ্ধিৰ উদ্দেশ্যয়েই হৈছে মানৱজীৱনৰ মান উন্নত কৰা।[8]

মুদ্ৰা নিয়ন্ত্ৰন আৰু ফিচকেল নীতি

কোনো কোনো আধুনিক অৰ্থবিজ্ঞানীয়ে অৰ্থনীতিক
  1. বৰ্ণনাত্মক অৰ্থবিজ্ঞান(Descriptive Economics),
  2. তাত্ত্বিক বা বিশ্লেষণাত্মক(Economic Theory or Economic Analysis) আৰু
  3. প্ৰায়োগিক অৰ্থনীতি(Applied Economics)এই তিনিটা ভাগত ভগাইছে।

অধ্যয়নৰ সুবিধাৰ বাবে অৰ্থনীতি বা অৰ্থবিজ্ঞানক সাধাৰণতে পাঁচটা ভাগত ভগোৱা হয়:

  1. উৎপাদন
  2. ভোগ
  3. বিনিময়
  4. বিতৰণ
  5. ৰাজস্ব বিজ্ঞান বা চৰকাৰী বিত্তবিজ্ঞান

অৰ্থবিজ্ঞানৰ এনে বিভাজনে বিষয়টো অধ্যয়ন সহজ কৰি তোলে।কিন্তু এনেধৰণৰ ভাগ মাত্ৰ আলোচনাৰ সুবিধাৰ বাবেহে কৰা হয়।এই ভাগ এশ শতাংশ স্থিৰ নহয়।প্ৰকৃততে আতাইকেইটা বিভাগ পৰস্পৰে পৰস্পৰৰ লগত সম্পৰ্ক থকা।

AdamSmith
আডাম স্মীথ,The Wealth of Nations গ্ৰন্থৰ লেখক (1776)

অৰ্থনীতিৰ অন্যান্য ক্ষেত্ৰ, পাৰ্থক্য আৰু শ্ৰেনীবিভাগ

ব্যষ্টিবাদী অৰ্থনীতিৰ উন্নয়নৰ বাবে বৰ্তমান 'আচৰণ ভিত্তক অৰ্থনীতি' আৰু 'পৰীক্ষামুলক অৰ্থনীতি' নামে দুটা শাখা অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াৰ বাহিৰেও সমাজ বিজ্ঞানৰ অন্যন্য শাখা সমুহকো অন্তৰ্ভুক্ত কৰা হৈছে।উদাহৰণ স্বৰূপে, অৰ্থনৈতিক ভূগোল, অৰ্থনৈতিক ইতিহাস, সাধাৰণ পচন্দ, সাংস্কৃতিক অৰ্থনীতি আৰু প্ৰতিস্থানিক অৰ্থনীতি। অৰ্থনীতিক নিতিবাচক আৰু আচৰণবাচক এই দুই ভাগটো ভগোৱা হয়।নিতিবাচক অৰ্থনীতিয়ে অৰ্থনৈতিক আচৰণ বাখ্যা কৰে আৰু নীতিবাচক বাচক অৰ্থনীতিয়ে পচন্দ আৰু মূল্য নিৰ্ধাৰণ আদি বিষয়ক প্ৰাধান্য দিয়ে।'Journal of Economic Literature' ত প্ৰকাশিত 'JEL classification codes' প্ৰবন্ধত অৰ্থনীতিৰ শ্ৰেণীবিভাগ আৰু প্ৰবন্ধ ভিত্তিক অনুসন্ধান সম্পৰ্কে আলোচনা কৰা হৈছে আৰু 'The New Palgrave: A Dictionary of Economics' গ্ৰন্থত অৰ্থনীতিৰ বিভিন্ন শ্ৰেণীবিভাগ আৰু উপশ্ৰেণীবিভাগ যে বিদ্যমান সেই কথা উল্লেখ কৰা হৈছে।

অৰ্থব্যৱস্থা সমূহ

  1. পুজিঁবাদী
  2. সমাজবাদী
  3. মিশ্ৰ অৰ্থনীতি

পুজিঁবাদী

পুঁজিবাদ হৈছে এনে এটা অৰ্থনৈতিক ব্যৱস্থা যি সামন্তবাদৰ পতন হোৱাৰ পিছৰ পৰাই পশ্চিমীয়া বিশ্বত যথেষ্ট গুৰুত্ব লাভ কৰিছে। এই ব্যৱস্থাত উৎপাদনৰ উপাদান সমুহ ব্যক্তিগত বা বেচৰকাৰী মালিকীস্বত্বৰ অধীনত থাকে। কাৰ্লমাৰ্ক্সৰ মতে, "Capitalism is an economic system where the means of production are privately owned."ধনতন্ত্ৰ বা পুঁজিবাদ শব্দটো বিভিন্ন অৰ্থনীতিবিদে বিভিন্ন অৰ্থত ব্যৱহাৰ কৰে। মূলত, যি অৰ্থব্যৱস্থাউৎপাদনৰ উপাদান সমুহ(Means of Production)ব্যক্তিগত মালিকিস্বত্বৰ অধিনত থাকে তাকে পুঁজিবাদ বা পুঁজিবাদি অৰ্থব্যৱস্থা বোলে। কাৰ্লমাৰ্ক্সৰ মতে,"Capitalism is an economic system where the means of production are privately owned."পুঁজিবাদে মুক্ত বজাৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰে। ই এক পৰম্পৰাগত অৰ্থনৈতিক মডেল। ১৮ শতিকাৰ অৰ্থনীতিবিদ সকলে পুৰ্বৰ সামন্তবাদীয় আৰু বাণিজ্যবাদীয় অৰ্থনীতিৰ পৰিৱৰ্তে মুক্ত পুঁজিবাদী তত্ত্বৰ বিকাশ কৰিছিল। ইয়াৰ মুল পৃষ্ঠপোষক আছিল 'আডাম স্মিথ'(Adam Smith)। তেওঁৰ মতে উৎকৃষ্ট সামাজিক লাভৰ বাবে সকলো ব্যক্তিকে মুক্তভাৱে নিজৰ কৰ্ম কৰিবলৈ দিব লাগে। সেই সময়ৰ অৰ্থনীতিবিদসকলৰ মতে চৰকাৰে অৰ্থনৈতিক জগতৰ কামকাজত নিজৰ ভুমিকা সীমাবদ্ধ কৰি ৰাখিব লাগে। তেওঁলোকৰ মতে যিকোনো চৰকাৰী হস্তক্ষেপে মুক্ত বজাৰ ব্যৱস্থা সফল হোৱাত বাধা দিয়ে।

পুঁজিবাদৰ বিৱৰ্ত্তন

১৮শতিকাৰ দ্বিতীয় দশকত পুঁজিবাদৰ জন্ম। বৰ্তমান ইয়াৰ বহুতো পৰিৱৰ্তন ঘটিছে। প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভনিৰ সময়লৈকে 'পুঁজিবাদ' আছিল চৰকাৰী নিয়ন্ত্ৰনৰ পৰা সম্পুৰ্ণ মুক্ত। বজাৰ সম্পৰ্কে সকলো সিদ্ধান্ত পুঁজিপতি সকলে লৈছিল। চৰকাৰে তেওঁলোকৰ কামত হস্তক্ষেপ কৰা নাছিল। ইয়াক কোৱা হৈছিল "Leissez Fair"। অৰ্থাৎ তেওঁলোকক অকলে থাকিবলৈ দিয়া (Let them alone)। ১৯২৯-৩৩ চনৰ বিশ্বজুৰি হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা দ্বিতীয় মহাযুদ্ধ(১৯৩৯-৪৫চন)ৰ পিছত পুঁজিবাদৰ বহু পৰিৱৰ্তন ঘটে। বৰ্তমান পুঁজিবাদ মুক্তপুঁজিবাদ নহৈ নিয়ন্ত্ৰীত পুঁজিবাদ'। ইয়াক কল্যাণকামী পুঁজিবাদো বোলে।

পুঁজিবাদৰ বৈশিষ্ট্য

পুঁজিবাদৰ কেবাটাও বৈশিষ্ট্য আছে।

  1. ব্যক্তিগত সম্পত্তি(Private property):- পুঁজিবাদী ব্যৱস্থাত সম্পদৰ গৰাকী ব্যক্তি। ব্যক্তিৰ ধন-সম্পত্তি উপাৰ্জন,ভোগ আৰু হস্তান্তৰ কৰাৰ অধিকাৰ থাকে।মালিকৰ মৃত্যুৰ পাছত সম্পত্তিৰ গৰাকী তেওঁৰ উত্তৰাধিকাৰী সকল। পুঁজিবাদত ৰাষ্ট্ৰৰ নিয়ম অনুসৰি এনে অধিকাৰ ৰক্ষা কৰা হয়।
  2. উদ্যোগৰ স্বাধীনতা(Freedom of Enterprise):-পুঁজিবাদৰ আন এক বৈশিষ্ট্য হ'ল উদ্যোগৰ স্বাধীনতা। পুঁজিবাদী দেশ পৰিকল্পনাৰ পৰিপন্থী। গতিকে এই ব্যৱস্থাত মুক্ত উদ্যোগ নীতিৰ প্ৰচলন থাকে। ব্যক্তিগত উদ্যোগ বিলাক সদায় চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত।
  3. ভোক্তাৰ সাৰ্বভৌমত্ব(Consumers' sovereignty):- পুঁজিবাদত গ্ৰাহকেই মূল। এই ব্যৱস্থাত যেনেকৈ উৎপাদনকাৰী সকলে লাভৰ চিন্তাৰে পৰিচালিত হৈ উৎপাদন কাৰ্য্য চলাই, ঠিক সেইদৰে গ্ৰাহক সকলেও নিজৰ ইচ্ছা , পছন্দ বা ৰুচি মতে দ্ৰব্য ক্ৰয় কৰে। এনে অৱস্থাত সেয়ে দ্ৰব্যৰ উৎপাদন,উৎপাদনৰ পৰিমান,গুণাগুণ, ইত্যাদি ভোক্তাৰ নিৰ্দেশ অনুসৰিহে স্থিৰ হয়।
  4. নিয়ন্ত্ৰনহীন মুল্যব্যৱস্থা(Free price Mechanism):-পুজিবাদৰ আন এক বৈশিষ্ট্য হ'ল মুক্ত দৰ নীতি। এই ব্যৱস্থাত দ্ৰব্যৰ দৰ কেৱল 'চাহিদা' আৰু 'যোগান' -এই দুই শক্তিৰ দ্বাৰাহে নিৰ্ণয় হয়। ভোক্তাৰ চাহিদা আৰু উৎপাদনকাৰীৰ যোগান এই দুই শক্তিৰ প্ৰভাৱত স্বয়ংক্ৰিয় ভাবে দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰিত হয়। আন কোনো শক্তিয়ে ইয়াত প্ৰভাব পেলাব নোৱাৰে।

সমাজবাদী

সমাজবাদ(socialism): সমাজবাদী অৰ্থব্যৱস্থা বা কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰ বা কেন্দ্ৰীয় কৰ্তৃপক্ষই অৰ্থনীতিৰ আতাইবোৰ গুৰুত্বপুৰ্ণ কামকাজ পৰিচালনা কৰে।অৰ্থাৎ এই ব্যৱস্থা পুঁজিবাদী অৰ্থনীতিৰ সম্পুৰ্ণ বিপৰিত।কাৰ্লমাৰ্ক্সে সমাজবাদৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছে।মাৰ্ক্সৰ ১৮৬৭চনত প্ৰকাশিত গ্ৰন্থ DAS CAPITALয়েই বৈজ্ঞানিক সমাজবাদৰ ভিত্তি।[9]

সমাজবাদৰ বৈশিষ্ট্য

  1. ব্যক্তিগত সম্পত্তিৰ বিলুপ্তিকৰণ:উৎপাদনৰ উপাদান সমুহৰ মালিকীস্বত্ব ব্যক্তিৰ পৰিৱৰ্তে সমাজ বা ৰাষ্ট্ৰৰ হাতত থাকে।সমাজবাদত ব্যক্তিগত সম্পত্তিৰ স্থান নাই;সকলো সম্পত্তিৰ গৰাকী চৰকাৰ বা ৰাষ্ট্ৰহে।
  2. অৰ্থনৈতিক পৰিকল্পনা: পুঁজিবদৰ মুক্ত অৰ্থব্যৱস্থাৰ বিপৰীতে,সমাজবাদত থাকে কেন্দ্ৰীয় পৰিকল্পনা।
  3. বিশেষ উদ্দেশ্য আৰু লক্ষ্য: পৰিকল্পিত অৰ্থনীতিৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে;যেনে:-ৰাষ্ট্ৰীয় আয়ৰ উচ্চতৰ হাৰ বৃদ্ধি, স্বাৱলম্বিতা লাভ কৰা আৰু লাভ কৰিব পৰা নিৰ্দ্ধাৰিত লক্ষ্য।
  4. অৰ্থনৈতিক শ্ৰেণীহীন সমাজ:সমাজবাদী অৰ্থনীতিত কোনো শ্ৰেণী সংঘাট নাথাকে।সমাজবাদী সমাজ শ্ৰেণীহীন সমাজ।

মিশ্ৰ অৰ্থনীতি

উৎপাদন,বিতৰণ আদি কাৰ্য্যৰ ক্ষেত্ৰত ব্যক্তিক পূৰ্ণস্বাধীনতা প্ৰদান আৰু ব্যক্তিস্বাধীনতাৰ সম্পূৰ্ণ অৱলুপ্তিকৰণ কোনোটোৱেই গ্ৰহণযোগ্য নহয় বুলি বিবেচিত হোৱাৰ পিছত দ্বীতিয় মহাযুদ্ধৰ পৰৱৰ্তী কালত এক নতুন চিন্তাধাৰাৰ উদ্ৰেক হল আৰু তাৰ ফলস্বৰূপে 'মিশ্ৰ অৰ্থনীতি' নামৰ এক ধাৰণাৰ জন্ম হল।'মিশ্ৰ অৰ্থনীতি'ত 'ৰাজহুৱা খণ্ড' আৰু'ব্যক্তিগত খণ্ড' দুয়োটা খণ্ডই একেলগে কাম কৰে।মিশ্ৰ অৰ্থনীতিত কিছুমান গুৰুত্বপুৰ্ণ শিল্প বা প্ৰতিস্থান চৰকাৰে নিয়ন্ত্ৰণ কৰে আৰু তুলনামুলকভাবে কম গুৰুত্বপুৰ্ণ কামকাজবোৰ ব্যক্তিয়ে পৰিচালনা কৰে।অৰ্থাৎ 'মিশ্ৰ অৰ্থনীতি'ত অৰ্থনৈতিক কামকাজ বোৰ চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডতে সম্পাদিত হয়।

মিশ্ৰ অৰ্থনীতিৰ বৈশিষ্ট্য

  1. মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থাত দেশৰ অৰ্থনীতিক তিনিটা খণ্ডত ভাগ কৰা হয়:-
    1. 'চৰকাৰী খণ্ড(Public Sector)'
    2. 'বেচৰকাৰী খণ্ড(Private Sector)'
    3. 'যুটিয়া খণ্ড(Joint Sector)'
  2. মিশ্ৰ অৰ্থনীতিত সমাজবাদী অৰ্থব্যৱস্থাৰ দৰে অৰ্থনৈতিক উন্নয়নৰ বাবে পৰিকল্পনাৰ সহায় লোৱা হয়।অৱশ্যে সমাজবাদৰ দৰে ইয়াত পৰিকল্পনা সৰ্বাত্মক নহয়।অৰ্থনীতিৰ কিছুমান বিশেষ গুৰুত্বপুৰ্ণ খণ্ডহে পৰিকল্পনাৰ অধিনলৈ অনা হয়।
  3. এই অৰ্থব্যৱস্থাত পুঁজিবাদৰ দৰে সম্পত্তিৰ ওপৰত ব্যক্তিগত মালিকীস্বত্ব থাকে।উৎপাদনৰ উপাদান সমুহ ব্যক্তি বা ব্যক্তিগত অনুষ্ঠানৰ অধীনত থাকে।
  4. পুঁজিবাদী অৰ্থব্যৱস্থাৰ দৰে ইয়াত ব্যক্তিগত খণ্ডৰ মূল লক্ষ্য ব্যক্তিগত লাভ অৰ্জন।কিন্তু ব্যক্তিগত লাভ অৰ্জন আৰু সামুহিক কল্যান সাধন- এই দুই লক্ষ্যৰ যাতে কোনো বিৰোধ নঘটে তালৈ সততে লক্ষ্য ৰখা হয়।

ভাৰতৰ অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহৎ অৰ্থনীতি।

তথ্য সংগ্ৰহ

  1. Harper, Douglas (November 2001). "Online Etymology Dictionary – Economy". http://www.etymonline.com/index.php?term=economy। আহৰণ কৰা হৈছে: October 27, 2007.
  2. "An Inquiry into the Nature and Causes of Wealth of Nations by Adam Smith.
  3. "Principles of Economics" by Marshall.
  4. 'Nature and Significance of Economic Science' by Robbins.
  5. P.A Samuelson - "Economic Growth"
  6. Stonier & Hague- "A Taxt Book of Economic Theory" page-10
  7. W.Arthur Lewis :"The Theory of Economic Growth"
  8. ভৱানন্দ ডেকা আৰু ড০ ৰবীন্দ্ৰ কুমাৰ চৌধুৰী (২০০৫-২০০৬). অৰ্থনৈতিক সমৃদ্ধি আৰু বিকাশ - উচ্চতৰ মাধ্যমিক অৰ্থ বিজ্ঞান. প্ৰকাশক গুৱাহাটি: ৰূপালীম প্ৰকাশন. পৃষ্ঠা. ২০৯.
  9. DAS CAPITAL

গ্ৰন্থপঞ্জী

  • Aristotle, Politics, Book I-IIX, translated by Benjamin Jowett, Classics.mit.edu
  • Barnes, Peter, Capitalism 3.0, A Guide to Reclaiming the Commons, San Francisco 2006, Whatiseconomy.com
  • Dill, Alexander, Reclaiming the Hidden Assets, Towards a Global Freeware Index, Global Freeware Research Paper 01-07, 2007, Whatiseconomy.com
  • Fehr Ernst, Schmidt, Klaus M., The Economics Of Fairness, Reciprocity and Altruism - experimental Evidence and new Theories, 2005, Discussion PAPER 2005-20, Munich Economics, Whatiseconomy.com
  • Marx, Karl, Engels, Friedrich, 1848, The Communist Manifesto, Marxists.org
  • Stiglitz, Joseph E., Global public goods and global finance: does global governance ensure that the global public interest is served? In: Advancing Public Goods, Jean-Philippe Touffut, (ed.), Paris 2006, pp. 149/164, GSB.columbia.edu
  • Where is the Wealth of Nations? Measuring Capital for the 21st Century. Wealth of Nations Report 2006, Ian Johnson and Francois Bourguignon, World Bank, Washington 2006, Whatiseconomy.com
  • অৰ্থবিজ্ঞান: ভৱানন্দ ডেকা আৰু ড০ ৰবীন্দ্ৰ কুমাৰ চৌধুৰী

অধিক পঢ়ক

  • Friedman, Milton, Capitalism and Freedom, 1962.
  • Galbraith, John Kenneth, The Affluent Society, 1958.
  • Keynes, John Maynard, The General Theory of Employment, Interest and Money, 1936.
  • Smith, Adam, An Inquiry into the Nature and Causes of the Wealth of Nations, 1776.
  • Alfred Marshall, "Principles of Economics",1890.
  • Lionel Robbins,An Essay on the Nature and Significance of Economic Science", 1935.
  • P.A Samuelson and W.A.Nordhaus, "Economics"(18th Edition)

বাহ্যিক সংযোগ

অসমৰ অৰ্থনীতি

অসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান। ১৯৬৩ চনত প্ৰকাশ পোৱা "অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থৰ জৰিয়তে ভৱানন্দ ডেকাই অসমীয়া অৰ্থনীতিৰ ওপৰত প্ৰথমবাৰৰ বাবে বিদ্যায়তনিকভাৱে অধ্যয়ন কৰিছিল। ইয়াৰোপৰি পৰাগ দাসে "স্বাধীন অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থখনতো অসমৰ থলুৱা অৰ্থনীতিৰ সম্পৰ্কত কাম কৰি গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ

আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতন্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্‌চ অৱ আমেৰিকা নামেৰেও জনাজাত। পশ্চিমে প্ৰশান্ত আৰু পূবে আটলান্টিক মহাসাগৰৰ মধ্যস্থলত এই ৰাষ্ট্ৰ অৱস্থিত; উত্তৰ আৰু দক্ষিণ সীমান্তত যথাক্ৰমে কানাডা আৰু মেক্সিকো ৰাষ্ট্ৰদ্বয় অৱস্থিত। আলাস্কা ৰাজ্যখন মহাদেশৰ উত্তৰ-পশ্চিমত অৱস্থিত; এই ৰাজ্যৰ পূব সীমাত কানাডা আৰু পশ্চিমে বেৰিং প্ৰণালী; তাৰ কাষতে ৰাছিয়া। আনহাতে হাৱাই ৰাজ্যখন মধ্য-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৱস্থিত এটি দ্বীপপুঞ্জ। ইয়াৰোপৰি কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অসংখ্য দ্বীপপুঞ্জ আমেৰিকা যুক্তৰাষ্ট্ৰ অন্তৰ্ভুক্ত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন ৩.৭৯ মিলিয়ন বৰ্গমাইল (৯.৮৩ মিলিয়ন বৰ্গকিলোমিটাৰ)। দেশখনৰ জনসংখ্যা প্ৰায় ৩০৯ মিলিয়ন। সামগ্ৰিক আয়তনৰ হিচাপ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ তৃতীয় অথবা চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজ বিশ্বেৰ সকলোতকৈ বৈচিত্ৰ মণ্ডিত বহুজাতিক সমাজব্যৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ বিভিন্ন দেশৰ বহু মানুহৰ সংমিশ্ৰণত গঠন হোৱা এক বহুসংস্কৃতিবাদী ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ বৃহত্তম অৰ্থনীতি। ২০০৮ চনত দেশৰ আনুমানিক জিডিপি হাৰ আছিল ১৪.৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ (বিশ্বৰ জিডিপিৰ এক চতুৰ্থাংশ)।

ওদালগুৰি জিলা

ওদালগুৰি জিলা (বড়ো: उदालगुड़ी जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই।

কম্বোডিয়া

কম্বোডিয়া বা কাম্বোডিয়া বা কাম্পুচিয়া দক্ষিণ-পূব এছিয়াৰ এখন দেশ। "কম্বোডিয়া" নাম (ইংৰাজী Cambodia শব্দৰ পৰা আহিছে। ইয়াৰ উৎস হল স্থানীয় খমেৰ ভাষাৰ প্ৰতেহ্‌ কম্পুচিয়া (ប្រទេសកម្ពុជា) অৰ্থাৎ "কম্বোজ প্ৰদেশ"। দেশখন কাম্পুচিয়া নামেৰেও পৰিচিত। খমেৰ ভাষাত স্ৰোক্‌ খ্‌মায়্‌ (ស្រុកខ្មែរ) অৰ্থাৎ "খমেৰ দেশ" নামটিও সুপ্ৰচলিত।

কম্বোডিয়াৰ উত্তৰ-পূবে লাউচ, পূবে আৰু দক্ষিণ-পূবে ভিয়েটনাম, পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু দক্ষিণ-পশ্চিমে থাইলেণ্ড উপসাগৰ। ফনম পেন দেশেৰ ৰাজধানী আৰু বৃহত্তম চহৰ।

প্ৰাচীনকালৰ পৰায়ে কম্বোডিয়াত ৰাজতন্ত্ৰ বিদ্যমান আছিল। এক হাজাৰ বছৰৰ আগতে কম্বোডিয়া খমেৰ জাতিৰ আংকৰ সম্ৰাজ্যৰ কেন্দ্ৰ আছিল। আংকৰ সম্ৰাজ্যৰ ৬০০ বছৰ ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়া বিস্তৃত আছিল। ১৮৬৩ চনৰ পৰা ১৯৫৩ চনলৈ ই ফৰাচী সকলৰ উপনিবেশ আছিল। ১৯৭০ চনত ৰাজতন্ত্ৰৰ স্থানত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয় আৰু ১৯৭৫ চনত খমেৰ ৰুজ নামৰ এক সাম্যবাদী চৰকাৰ ক্ষমতা লাভ কৰে। তেওঁলোকে দেশখনক কাম্পুচিয়া প্ৰজাতন্ত্ৰ নাম দিয়ে। খমেৰ ৰুজৰ নিপীড়ন আৰু চৰমপন্থী সমাজতান্ত্ৰিক সংস্কাৰ কম্বোডিয়াৰ সমাজ আৰু অৰ্থনীতিক ধংশৰ পথত লৈ যায়। ১৯৭৯ চনত ভিয়েটনাম আৰু কম্বোডিয়াৰ খমেৰ ৰুজ-বিৰোধী শক্তি চৰকাৰ খনৰ পতন ঘটায় আৰু অপেক্ষাকৃত সহিষ্ণু এটি সাম্যবাদী চৰকাৰ গঠন কৰে। ১৯৮৯ চনত দেশখনে সমাজতন্ত্ৰ পৰিত্যাগ কৰে আৰু ১৯৯৩ চনত এক নতুন সংবিধান গ্ৰহণ কৰা হয়। নতুন সংবিধানত ৰাজতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা কৰা হয়।

বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক উপাসনাস্থলী তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ অংকৰ ৱাত মন্দিৰ ইয়াতেই অৱস্থিত।

কাছাৰ জিলা

এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক।কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল।

কানাডা

কানাডা (ইংৰাজী: Canada; উচ্ছাৰণ: /'kænədə/ ক্যানাডা) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি উত্তৰ আমেৰিকাৰ উত্তৰ অংশৰ বেছিভাগ অঞ্চল আৱৰি আছে।

গুৱাহাটী

গুৱাহাটী বা পূৰ্বতে কোৱা গৌহাটী হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা দেৱালয়, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, দৌল গোবিন্দ মন্দিৰ, উগ্ৰতাৰা দেৱালয় আদি এইবোৰৰ ভিতৰত অন্যতম।

গুৱাহাটী মহানগৰৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে মেঘালয়ৰ পাহাৰ, পশ্চিমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পূবত নাৰেঙ্গী অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও উত্তৰ গুৱাহাটীৰ ৰূপত ইয়াৰ লাহে লাহে পৰিবৰ্ধন হৈছে। গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা অঞ্চল হৈছে ২১৬ বৰ্গকি:মি: আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত ৩৪০ বৰ্গকি:মি: এলেকা আছে।

গুৱাহাটী উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ অন্য স্থানসমূহলৈ যাবৰ বাবে গুৱাহাটী এক প্ৰধান বিকল্প। গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ। গুৱাহাটীৰ চৌপাশৰ অৰণ্যত যথেষ্ট সংখ্যক হাতী, বাঘ, বান্দৰ আদি জীৱ-জন্তুৰ উপৰিও বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতি পোৱা যায়।

গোৱালপাৰা জিলা

গোৱালপাৰা জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩ খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল দুটা- গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলা গঠন হোৱাত উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত অন্তৰ্ভূক্ত কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু দুধনৈ।

ছিংগাপুৰ

ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অবস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (মালয়: Republik Singapura ৰেপুব্লিক্‌ ছিংগাপুৰা; ইংৰাজী: Republic of Singapore ৰিপাব্লিক্‌ অফ্‌ ছিংগাপুৰ্; চীনা: 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; তামিল: சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।

ডিব্ৰুগড়

ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।

তিনিচুকীয়া জিলা

তিনিচুকীয়া জিলা অসমৰ 33খন প্ৰশাসনিক জিলাৰ মাজৰ এখন। ইয়াৰ সদৰ স্থান হৈছে তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ মাটিকালি মুঠ ৩৭৯০ বৰ্গ কিলোমিটাৰ (১৪৬০ বৰ্গ মাইল)। ১৯৮৯ চনত তিনিচুকীয়াক অসমৰ ২৩তম জিলা হিচাপে ঘোষণা কৰা হয়। শদিয়া আৰু মাৰ্ঘেৰিটা ইয়াৰ আন দুটা মহকুমা।

ন'বেল বঁটা

ন'বেল বঁটা (ইংৰাজী: Nobel Prize, চুইডিছ উচ্চাৰণ: [noˈbɛl]) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। বঁটা প্ৰদান কৰা বিভাগসমূহ আছিলঃ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰ-ৰচনা বিজ্ঞান আৰু চিকিৎসা, সাহিত্য আৰু শান্তি।শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয় নৰৱেৰ অ'ছল' চহৰত, বাকী সকলো বঁটা ছুইডেনৰ ষ্টকহ'ম চহৰত প্ৰদান কৰা হয়। প্ৰতিটো ন'বেল বঁটাকে সেই বিষয়ৰ সৰ্বশ্ৰেষ্ঠ সন্মান বুলি গণ্য কৰা হয়।১৯৬৮ চনত ভেৰিজেছ ৰিক্সবেংকএ প্ৰণয়ন কৰা 'অৰ্থনীতি বিষয়ৰ আলফ্ৰেড ন'বেল স্মাৰক বঁটা'-কো ন'বেল বঁটাৰ সমকক্ষ বুলি ধৰা হয়। এই বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল ১৯৬৯ চনত। স্বীকৃত ন'বেল বঁটা নহ'লেও এই বঁটাৰ ঘোষণা আৰু প্ৰদান ন'বেল বঁটাৰ লগত একেলগেই কৰা হয়।

ৰয়েল ছুইডিছ একাডেমি অফ্‌ ছায়েন্স-এ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু 'অৰ্থনীতি বিষয়ৰ আলফ্ৰেড ন'বেল স্মাৰক বঁটা' প্ৰদান কৰে। আনহাতে কেৰোলিন্সকা ইনষ্টিটিউট-ৰ 'ন'বেল পৰিষদে' (Nobel Assembly) শৰীৰ-ৰছনা আৰু চিকিৎসা বিষয়ৰ নোবেল বঁটা প্ৰদান কৰে। সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে ছুইডিছ একাডেমি-এ। শান্তিৰ ন'বেল বঁটা প্ৰদান কৰে "নৰৱে ন'বেল সমিতি"য়ে।

প্ৰতিজনে বঁটা প্ৰাপকে একোটা সোণৰ মেডেল, এখন মানপত্ৰ, আৰু এটা টকাৰ অংক লাভ কৰে। 'ন'বেল প্ৰতিষ্ঠানে' সেই বছৰত আয় কৰা টকাৰ ওপৰত ন'বেল বঁটাৰ লগত দিয়া টকাৰ মান নিৰ্ভৰ কৰে। ২০১১ চনৰ ন'বেল বঁটাৰ লগত ১০ মিলিয়ন ছুইডেনৰ ক্ৰোনা (আমেৰিকান ডলাৰৰ মানত ১.৪৬ মিলিয়ন) প্ৰদান কৰা হৈছিল। ন'বেল বঁটা মৃত্যুৰ পাছত প্ৰদান কৰা নহয়। অৱশ্যে বঁটা ঘোষণা কৰাৰ পাছত প্ৰাপকৰ মৃত্যু হ'লে বঁটা দিয়া হয়। তিনিজনতকৈ বেছি ব্যক্তিৰ মাজত ন'বেল বঁটা ভাগ কৰা নহয়। অৱশ্যে যোৱা শতিকাত প্ৰতিটো বঁটাৰ বাবদ প্ৰাপকৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে।

পশ্চিমবঙ্গ

পশ্চিমবঙ্গ (বঙালী: পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। পশ্চিমবঙ্গ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী। এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভুটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল। বৃটিচ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বাংলা দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভূক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছোভিয়েট ৰাছিয়াৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।পশ্চিমবঙ্গ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গত ভাৰতীয় কমিউনিস্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰন্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিস্ট চৰকাৰ। বৰ্তমানে বামফ্ৰন্টকে পৰাজিত কৰি দক্ষিণপন্থী দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।

পশ্চিমবঙ্গত দু'টি ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন জাতীয় উদ্যান।

ফ্ৰান্স

ফ্ৰান্স পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা ফ্ৰান্স পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগনিত হৈ আহিছে। ১৭ আৰু ১৮ শতিকাত ফ্ৰান্সৰ সীমা উত্তৰ আৰু দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন ঠাইলৈ বিস্তৃত হৈ পৰিছিল। বৰ্তমানো ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাৰ ওপৰিও ইউৰোপিয়ান ইউনিয়নৰ এক গুৰুত্বপূৰ্ণ অংগ

.

বঙাইগাঁও জিলা

বঙাইগাঁও অসমৰ এখন জিলা। ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰী, বঙাইগাঁও আৰু বিজনী। বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে ।

বঙাইগাঁও জিলা উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও। জিলাখনৰ মুঠ মাটিকালি ২৫১০ বৰ্গ কিঃমিঃ।

বাংলাদেশ

বাংলাদেশ (বাংলা: বাংলাদেশ), দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ। দেশখনৰ উত্তৰ, পূব আৰু পশ্চিম সীমাত ভাৰত আৰু দক্ষিণ-পূব সীমাত ম্যানমাৰ; দক্ষিণে বঙ্গোপসাগৰ। বাংলাদেশ আৰু ভাৰতীয় অঙ্গৰাজ্য পশ্চিমবঙ্গই একেলগে এটা বাংলাভাষী অঞ্চল গঠন কৰে। যাৰ ঐতিহাসিক নাম “বঙ্গ” বা “বাংলা”।

১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পাকিস্তানৰ পূৰ্ব অংশ (পূৰ্ব পাকিস্তান) হিছাবে বাংলাদেশৰ সীমা নিৰ্ধাৰিত হয়। পূৰ্ব আৰু পশ্চিম পাকিস্তানৰ মধ্যবৰ্তী দূৰত্ব আছিল প্ৰায় ১৬০০ কিঃমিঃ (১০০০ মাইল)। দুই পাকিস্তানৰ মানুহৰ ধৰ্ম (ইছলাম) একেটা হ'লেও জাতিগত আৰু ভাষাগত ব্যৱধান আছিল বিৰাট। তাতে পশ্চিম পাকিস্তানত অৱস্থিত চৰকাৰৰ অনিহাৰ ফলস্বৰুপে এই ব্যৱধান বেছি প্ৰকট হৈ উঠে। ইয়াৰে চূড়ান্ত পৰিণতি হিচাপে ১৯৭১ চনত ভাৰতবৰ্ষৰ সমৰ্থনত এটা ৰক্তক্ষয়ী যুদ্ধৰ মাধ্যমেৰে স্বাধীন ৰাষ্ট্ৰ হিচাবে বাংলাদেশৰ অভ্যুত্থান হয়। বাংলাদেশৰ স্বাধীনোত্তৰ সময়খিনি বিভিন্ন ৰাজনৈতিক বিশৃংখলতাৰে পৰিপূৰ্ণ। এই সময়ছোৱাত তেৰবাৰ ৰাষ্ট্ৰ পৰিচালনাৰ দল সলনি হোৱাৰ উপৰিও কমপক্ষেও চাৰিবাৰ। সামৰিক অভ্যুত্থান ঘটে।

জনবহুল ৰাষ্ট্ৰৰ মাজত বিশ্বৰ ভিতৰতে অষ্টম স্থানত অৱস্থিত বাংলাদেশ মাটি কালিৰ হিচাপত ৯৩তম স্থানত। ফলত বাংলাদেশ বিশ্বৰ ঘনবসতি পূৰ্ণ দেশসমূহৰ এখন। মুছলমান-সংখ্যাগৰিষ্ঠ দেশৰ মাজত বাংলাদেশৰ অৱস্থান ৪ৰ্থ যদিও বাংলাদেশত মুছলমানৰ সংখ্যা ভাৰতৰ সংখ্যালঘু মুচলমানতকৈ কম। গঙ্গা-ব্ৰহ্মপুত্ৰৰ উৰ্বৰ অৱবাহিকাত অৱস্থিত এই দেশখনত প্ৰতি বছৰ মৌচুমী বতাহৰ প্ৰকোপত বানপানী হয়, আৰু ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ প্ৰকোপ সাধাৰণ ঘটনা। বাংলাদেশ দক্ষিণ এচীয় আঞ্চলিক সহযোগিতা সংস্থা ছাৰ্ক আৰু বিম্‌ছটেক-অৰ প্ৰতিষ্ঠাতা সদস্য। ইয়াৰ উপৰিও দেশখন ওআইছি আৰু ডি-৮ৰ সদস্য।

ভৱানন্দ ডেকা

ভৱানন্দ ডেকা (ইংৰাজী: Bhabananda Deka) (১৯২৯-২০০৬) এজন অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেখেতে ১১৪ খন অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সাহিত্য সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰিছে। তেখেত অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি। ১৯৬৩ চনত তেখেতে এই গ্ৰন্থখন প্ৰকাশ কৰিছিল।

মালয়েছিয়া

মালয়েছিয়া (মালয়: Malaysia) তেৰখন ৰাজ্য আৰু তিনখন ঐক্যবদ্ধ প্ৰদেশলৈ গঠিত দক্ষিণ -পূব এছিয়াৰ এখন দেশ। ইয়াৰ মুঠ আয়তন ৩,২৯,৮৪৫ বৰ্গকিঃমিঃ। কুৱালালামপুৰ দেশখনৰ ৰাজধানী চহৰ আৰু পুত্ৰজয় হ’ল ফেডাৰেল চৰকাৰৰ ৰাজধানী। দক্ষিণ চীন সাগৰৰ দ্বাৰা দেশখন দুই ভাগত বিভক্ত, উপদ্বীপীয়া মালয়েছিয়া আৰু পূব মালয়েছিয়া। মালয়েছিয়া স্থল সীমান্তত আছে থাইলেণ্ড, ইণ্ডোনেছিয়া, আৰু ব্ৰুণেই। ইয়াৰ সমুদ্ৰ সীমান্তত আছে ছিংগাপুৰ, ভিয়েটনাম আৰু ফিলিপাইন। মালয়েছিয়া মুঠ জনসংখ্যা ২৮ মিলিয়নৰ অধিক।

হাৰিয়ানা

হাৰিয়ানা (হিন্দী: हरियाणा, পঞ্জাবী: ਹਰਿਆਣਾ) ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পাঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে। এই কাৰণে হাৰিয়ানাৰ ৰাজ্যৰ বৃহৎ অংশ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত। হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পাঞ্জাব ৰাজ্যৰো ৰাজধানী। সংস্কৃত ভাষাত হাৰিয়ানা শব্দৰ অৰ্থ "ঈশ্বৰৰ নিবাস"; এই শব্দটোৰ বুৎপত্তি সংস্কৃত "হৰি" (বিষ্ণুৰ আন এটা নাম) আৰু "অয়ন" (নিবাস) শব্দ দুটিৰ পৰা। আন এক মতবাদৰ মতে, সংস্কৃত "হৰিৎ" (সেউজীয়া) শব্দৰ পৰা এই নামৰ উৎপত্তি হৈছে; হাৰিয়ানা নাম এই ৰাজ্যৰ বৃহৎ হৰিৎ তৃণক্ষেত্ৰৰ পৰা আহিছে।

৪ ডিচেম্বৰ

৪ ডিচেম্বৰ (ইংৰাজী: 4 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম (অধিবৰ্ষত ৩৩৯ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –

আন ভাষাসমূহত

This page is based on a Wikipedia article written by authors (here).
Text is available under the CC BY-SA 3.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.